কল্পনাৰ জগতত নুফুৰা ,
শব্দৰ লগত নেখেলা ,
সেইবাবে আজি
শব্দবোৰে ঠেহ পাতিছে ।
কলমটো নিশব্দ হৈ ৰৈছে ,
স্তব্ধ হৈ ৰৈছোঁ মই ।
শব্দবোৰে ঠেহ পাতিছে ,
উচুপি উঠিছে চকুলো ।
শব্দৰ মাজত
খাব লগা হৈছে উজুটি ।
উকা বগা কাগজখনে
বহু কথা কৈছে ।
তথাপিও আনক বুজাবলৈ তাত যে চিয়াহীৰ দাগ জৰুৰী ।
কৰোঁ কি ?
শব্দবোৰে ঠেহ পাতিছে
উকা বগা কাগজখনত লিখিবলৈ
আজি শব্দবোৰ প্ৰস্তুত নহয়
কবিতাৰ পথাৰত কবিতা ৰচিবলৈ
আজি শব্দবোৰ অপ্ৰস্তুত...।
✍বৰষা ঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ