জীৱনৰ অন্য নাম সংগ্ৰাম-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

খণ্ড দুই ( ২ )

...অৰুন্ধতী বৰুৱাই কেনেকৈ নলিনীক বুজাব আৰু কোন সতেৰে নো ছোৱালী জনীক স্কুলৰ পৰা আঁতৰাই আনি আনৰ ঘৰৰ বন কৰা ছোৱালী সজাব সেইবোৰ চিন্তাত আকাশ-পাতাল ভ্ৰমি ফুৰোঁতেই হঠাৎ এটা বৰ সুন্দৰ উপায় ওলাল ৷ সেইদিনা দেওবাৰ আছিল ৷ সময় তেতিয়া দিনৰ প্ৰায় তিনি বাজিবৰ হয় আৰু...৷ অৰুন্ধতীয়ে ঘৰৰ সকলো কাম-বনৰ পৰা আজৰি হৈ নলিনীক কথাটো ক’বৰ বাবে মৰমেৰে কাষলৈ মাতি আনি  বহিছে ৷ হৃদয়ত উদ্বাউল দিয়া বেদনাখিনি ঢাকিবৰ বাবেই নলিনীক দুহাতেৰে সাবটি কোলাত বহুৱাই ল’লে ৷ চুলিখিনিত আলফুলে হাত বুলাই বুলাই কিবা এটা কওঁ বুলি মুখখন মেলিবলৈ লওঁতেই “বৰুৱা আছেনে ...” বুলি লখিমী এম.ভি স্কুলৰ হেডমাষ্টৰজন আহি ওলালহি  ৷ অৰুন্ধতীয়ে লৰা-লৰিকৈ বহাৰ পৰা উঠি “অ কাকতি ছাৰ , আহক আহক , এইখিনিতে বহক ! এখেত নাই নহয় ৷ অফিচৰ  কিবা কামত কেইদিনমানৰ বাবে দিল্লীলৈ গৈছে ৷ কি মন কৰি আহিলে নো ? এখেতৰ ওচৰত কিবা কাম আছিল চাগৈ !”  অৰুন্ধতীয়ে উশাহ নসলোৱাকৈয়ে কথাখিনি ক’লে ৷ আচলতে তেওঁ কাকতি চাৰক দেখি বৰ ভাল পালে কিয়নো ভাবি থকা মনৰ কথাখিনি চাৰৰ আগত কৈ নলিনীহঁতৰ সু-দিহা এটা কৰিব পাৰিব বুলি মনটো দৃঢ় হ’ল অৰুন্ধতীৰ...
    নাই নাই ক’বলৈ গ’লে বৰুৱাৰ লগত মোৰ একো কাম নাই ৷ মই নলিনীক লগ কৰিবলৈহে আহিছোঁ ৷ তাই আমাৰ স্কুলৰ মেধাৱী ছাত্ৰী ৷ তাই এইবাৰ চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত লক্ষীমপুৰ জিলাৰ ভিতৰতে প্ৰথম হৈ আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে ৷ চৰকাৰে তাইক পুৰস্কাৰ স্বৰূপে মানপত্ৰ , মেডেল আৰু তিনিবছৰৰ বাবে বছৰি পাঁচহাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে ৷ মাক-দেউতাকৰ অনুপস্থিতিত সিহঁতক লালন-পালন কৰি আপোনালোকে যি মহানতাৰ পৰিচয় দিছে তাৰবাবে নথৈ আনন্দিত হোৱাৰ লগতে গৌৰৱ বোধ কৰিছোঁ যে - “আজিও আমাৰ সমাজত ভাল মানুহৰ অভাৱ হোৱা নাই...। নলিনীয়ে পূৰ্বৰ জনমত নিশ্চয় কিবা ভাল কাম কৰি আহিছিল সেয়েহে আপোনালোকৰ দৰে উচ্চ শিক্ষিত হৃদয়বান পৰিয়াল এটাৰ সহায়-সাৰথিৰে মৰমৰ সৌভাগ্য লাভ কৰিছে...” ৷ নলিনী যিহেতু এইকেইদিন স্কুললৈ যোৱা নাই ৷ সেয়ে নলিনীহঁত আপোনালোকৰ ইয়াতে থকা বুলি জানি মই খবৰটো দিবলৈ ইয়ালৈকে আহিলোঁ ৷ 
    অ হয় নেকি , আপুনি ইমান এটা ভাল খবৰ লৈ আহিছে বৰ ভাল লাগিছে ৷ চাওকচোন তাইৰ ভাগ্যখন , ইমান এটা আনন্দৰ খবৰ ল’বলৈ আজি তাইৰ কাষত মাক-দেউতাক এজনো নাই ! বাৰু চাৰ ঈশ্বৰে যি কৰে হয়তো কিবা বিশেষ ভাল চিন্তা কৰিয়েই কৰে ৷ মোৰ আপোনাৰ ওচৰত বিশেষ এটা কথাও আছিল ৷ আপুনি নলিনীৰ লগত কথা পাতক মই সাউৎ কৈ চাহ একাপ কৰি আনোগৈ...৷ চাহ খাই খাই আমি বিশেষ এটা গুৰুত্বপূৰ্ণ আলোচনাত বহিম ! ( আগলৈ...)


✍🏻পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send