সম্পাদকীয় আগষ্ট মাহৰ সংখ্যা-কৰ্মবিমূখিতাই যুৱ প্ৰজন্মক নিৰাশ কৰিছে নেকি?

Rinku Rajowar
0
অসম এখন কৃষি প্রধান ৰাজ্য হোৱাৰ মূলতে হ'ল ইয়াৰ জলবায়ুৰ প্ৰভাৱ। সীমান্ত অঞ্চলবোৰ পাহাৰীয়া হোৱাৰ হেতুকে  অসমত বৰষুণকে আদি কৰি কৃষিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায় । সেয়েহে অসমৰ মানুহৰ প্ৰধান আহাৰ ভাত । তুলনামূলক দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰিলে পৰিলক্ষিত হয় যে বিজ্ঞান প্রযুক্তিবিদ্যাৰ বিকাশৰ পূৰ্বে মানুহে পৰম্পৰাগত পদ্ধতিৰে কৃষি কাৰ্য কৰিছিল ,গৰু ম'হেৰে হাল বাই যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল । তথাপিও অসমীয়া মানুহে খেতি কৰিহে পেটৰ ভাতমুঠি যোগাৰ কৰিছিল কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজৰ জীৱন পদ্ধতি আৰু জীৱিকালৈ দেধাৰ পৰিৱৰ্তন আহিল ।বিজ্ঞান প্রযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশৰ ফলত অত্যাধুনিক কৃষি সঁজুলি নিৰ্মাণ হ'ল ।অভিভাৱকসকলেও নিজে কৃষি কৰ্মত জড়িত থাকে যদিও নিজৰ সন্তানক চহৰৰ চহকী স্কুল কলেজত পঢ়াবলৈ আৰম্ভ কৰি পথাৰখনৰ সৈতে চিনাকি কৰাবলৈ ক'ৰবাত লাজ পোৱা হ'ল । যাৰ কঠোৰ পৰিণিতিত সাম্প্রতিক সময়ত নৱ প্ৰজন্মৰ মাজত কৰ্মবিমূখিতাৰ এক গভীৰ প্ৰভাৱ সকলোৰে দ্ৰষ্টব্য হৈ পৰিছে । যি কৰ্মবিমুখ পৰিৱেশে সাম্প্রতিক অসমত  গা কৰি উঠিছে তাৰ বাবে দায়ী সমাজ ব্যৱস্থা, আমাৰ পূৰ্বপুৰুষসকল  । কিয়নো কৰ্মৰ প্ৰতি শ্ৰদ্ধা আমাৰ অকণো নাই । ফলত নূন্যতম শিক্ষাগত অৰ্হতাৰে চৰকাৰী চাকৰীমুখী হৈ বৰ্তমান সময়ত যুৱ প্ৰজন্মই নিজৰ শাৰীৰিক , মানসিক শক্তি, ধৈর্য,উচ্চাকাংক্ষা,স্বপ্নাতুৰ মন ইত্যাদি সকলোবোৰ নিৰাশাৰ মোনাত ভৰাই আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈ সময়ৰ অপব্যৱহাৰ কৰি থাকো । যুৱ প্ৰজন্মৰ বহুতেই চৰকাৰী চাকৰিৰ সপোন দেখে কিন্তু তাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ প্ৰতি অমনোযোগী । বিভিন্ন ধৰণৰ প্ৰায়োগিক পাঠ্যক্ৰমৰ ওপৰতো বহুতেই উচ্চ ডিগ্ৰী গ্ৰহণ কৰিও তাক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰা দেখা নাযায় । জীৱনৰ যুৱ সময়ছোৱাতে যি কোনো কৰ্ম কৰাৰ ক্ষমতা আৰু শক্তি থাকে গতিকে কামত সৰু বৰ নাই, কৰ্মই ধৰ্ম  নামৰ উক্তিক সাৰোগত কৰি নিজৰ জ্ঞান আৰু যোগ্যতাৰ ভিত্তিত স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'বৰ বাবে যুৱ প্ৰজন্মৰ মাজত কৰ্মবিমূখিতা নোহোৱা কৰিবৰ বাবে সময়োপযোগী গ্ৰন্থ অধ্যয়ন কৰা উচিত । সমাজত যিকোনো কৰ্মত জড়িত লোকক শ্ৰদ্ধাৰ দৃষ্টিৰে চাব লাগে আৰু অভিভাৱক সকলেও নিজৰ সন্তানক  তেনেধৰণৰ ধ্যান-ধাৰণাৰে পূৰ্ণ সংস্কাৰসম্পন্ন জ্ঞানহে দিয়া প্ৰয়োজন যাতে ভৱিষ্যতে তেওঁৰ সন্তানটি নিৰাশাৰ কবলত নপৰি আত্মবিশ্বাসৰ জৰিয়তে  নিজৰ জীৱনটো গঢ় দিব পাৰে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)