হৰি কীৰ্তন ধ্বনি নামঘৰ
চৌদিশে আকাশে - বতাহে
ঈশ্বৰ কৃষ্ণৰ গুণ, যশ, কীৰ্ত্তন- -
ভাদৰ আবেলি- - - -
আকাশৰ কোলাৰ পৰা
বোৱতী পানী হৈ
ৰৈ বৈ আহে ৰসময় প্ৰেম
ভকতৰ হিয়াৰ অন্তঃগহ্বৰলৈ
সু-হৃদয়ৰ সম্বন্বয় ঐক্যতা
ভকতিৰসৰ সবল এনাজৰী
চিৰসেউজীয়া ৰূপ- - -
গুৰুজনাৰ - - - সৃষ্টিৰ
অমৃতৰ নদী প্ৰেমৰ ঢল
পাৰ ভাঙি বৈ আহে
আই - বাপ বৈষ্ণৱৰ ধ্বনি
বুকুৰ চুবুৰীখহাই
অমিয়া ভক্তিৰ সুৰধ্বনি - - - -
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ