পৰিচয় :মোৰ ওপজা গাওঁখন-ভাৰতী গগৈ বৰুৱা

Aditi Tanti
0
" শুৱনি আমাৰ গাঁওখন অতি   
            শুৱনি গছেৰে ভৰা ,
 ডাল ভৰি ভৰি ফল - ফুল লাগে
            কত পাওঁ তল সৰা । "
( আমাৰ গাঁও - ভাঙনি কবি আনন্দ চন্দ্ৰ আগৰৱালা )।
             প্ৰত্যেক মানুহৰ বাবে নিজৰ ওপজা ঘৰখন , নিজৰ গাঁওখন বা চহৰখন বৰ মৰমৰ , বৰ হেঁপাহৰ । যিমান দূৰত থাকিলেও মোৰো নিজৰ ঘৰখনৰ লগতে গাঁৱৰ আপোন মানুহৰ সংগ পাবলৈ মনটোৱে কেতিয়াবা হাহাকাৰ কৰি উঠে । পুৰণি ঘৰৰ প্ৰতিজোপা গছ , ফুল - ফলৰ কথা মনত পৰে । সঁচা কথা ক'বলৈ গ'লে আমাৰ ঘৰৰ বাৰীত গাঁওখনৰ ভিতৰতে সৰহ ফল - মূলৰ গছ , বাঁহ - কাঠ আদি আছিল । এতিয়াও আছে বুলি ক'লেও বঢ়াই কোৱা নহয় । আমি মা-দেউতাক হেৰুৱালোঁ । মৰমৰ গাঁওখনৰ উপৰি ঐতিহাসিক শিৱসাগৰ নগৰে মোক সদায় ৰিঙিয়াই মাতে । "ৰংপুৰ ৰংপুৰ ৰং-ৰসে ভৰপূৰ /ৰঙেৰে ৰাঙলী ৰং- চ'ৰা।" গাঁও ( সংস্কৃত শব্দ গ্ৰাম ) বিশেষ্য - গ্ৰাম , চহৰ । আভিধানিক অৰ্থ - নগৰৰ বাহিৰে বা দূৰত থকা মানুহৰ বসতি । গাঁও শব্দৰ পৰা হৈছে গঞা । ইয়াৰ অৰ্থ : একে গাঁৱত থকা আৰু একেলগে খোৱা - লোৱা কৰা মানুহ । বিশেষণ হৈছে গাঁৱলীয়া । আগতে যাতায়াতৰ ব্যৱস্থা বেয়া আছিল বাবে গাঁও আৰু নগৰৰ পাৰ্থক্য ধৰিব পৰা গৈছিল যদিও আজিকালি কমিল । 

"( মই ) গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি 
গাঁৱৰ ল'ৰা ...
গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি ....... ।"
          গায়ক - ভূপেন হাজৰিকা ।
                 
             আমাৰ গাঁওখন শিৱসাগৰ জিলাৰ পশ্চিম কোঁৱৰপুৰ মৌজাত অৱস্থিত । আগৰ দিনত ৰজাসকলৰ ৰাজপুত্ৰই ৰং-ধেমালি কৰিছিল বাবেই ঠাই খনৰ নাম কোঁৱৰপুৰ হ'ল বুলি জনা যায় । আগতে এই অঞ্চলটো শস্যে-মৎস্যে অনুপম আছিল । মাজে মাজে দিখৌ , দৰিকা , দিচাং নৈৰ পানীয়ে পলস পেলাই পথাৰ সাৰুৱা কৰে । ইয়াৰ ম'হৰ গাখীৰৰ এঠা দৈ যি এবাৰ খাই পাইছে তেওঁহে এই কথা উপলব্ধি কৰিব পাৰে । শিৱসাগৰ নগৰৰ পৰা আমাৰ গাওঁখনৰ দূৰত্ব হ'ল আগৰ হিচাপত তিনি মাইল । নাম - মগনা গাঁও । গাঁৱৰ মূৰত আছে শাস্ত্ৰীজী উঃমাঃ বিদ্যালয় । ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীৰ মৃত্যু হোৱা বছৰতে ( ১৯৬৬ চনৰ ১১ জানুৱাৰী ) প্ৰতিষ্ঠা কৰা বাবে এই বিদ্যালয়খনৰ নাম ৰখা হৈছিল শাস্ত্ৰীজী উঃমাঃ বিদ্যালয় । তাৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয় । শতবৰ্ষ অতিক্ৰম কৰা এই ১৫ নং চাউলকৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ ভাই-ভনী আটায়ে প্ৰাথমিক শিক্ষা সমাপ্ত কৰি কোঁৱৰপুৰ উঃমাঃ বিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ । মোৰ মায়ে এই বিদ্যালয়ৰ পৰাই প্ৰধান শিক্ষয়িত্ৰীৰূপে অৱসৰ গ্ৰহণ কৰিছিল ‌। মই ছাৰ-বাইদেউসকলৰ পৱিত্ৰ স্মৃতিত সদায় শ্ৰদ্ধাঞ্জলি জনাওঁ । আমাৰ গাঁৱৰ মইনা পাৰিজাতখনৰ নাম 'দিব্যজ্যোতি মইনা পাৰিজাত' । শিৱসাগৰ ছোৱালী কলেজলৈ আমাৰ গাঁৱৰ ছোৱালীয়ে আগতে খোজকাঢ়ি অহা-যোৱা কৰিব লগা হৈছিল । আজিকালি সেই অসুবিধা নাই । মই বিবাহ সূত্ৰে যদিও ডিব্ৰুগড়ৰ বোৱাৰী কৰ্মসূত্ৰে ধেমাজিলৈ আহি ধেমাজিৰ স্থায়ী বাসিন্দা হৈ পৰিলোঁ । ধেমাজি নগৰৰ পৰা আধা কিঃমিঃ দূৰতে থকা হ'লেও আমি বাস কৰা ঠাইখনৰ নাম হ'ল ভেহপৰা গাঁও ( ৪নং ৱাৰ্ড ) ।

               আমাৰ নিজৰ গাঁৱত দুটা নামঘৰ আছে যদিও মানুহবোৰে বৰ মিলা-প্ৰীতিৰে বাস কৰে । এসময়ত চৰকাৰী চাকৰিৰ কৰ্মচাৰীৰ সংখ্যা যথেষ্ট আছিল যদিও বৰ্তমান সেই সংখ্যা কমিল । ডেকা চামে নিজৰ খেতি-বাতিৰ লগতে ব্যৱসায়-বাণিজ্যৰে ঘৰ-সংসাৰ চলোৱাত ব্যস্ত । গাঁৱৰ প্ৰায় সীমাতে আছে কোঁৱৰপুৰ মহাবিদ্যালয় । গাঁওখনলৈ নগৰৰ পৰা আগফালে টেক্সি আলি আৰু পাছফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ( বাই পাছ ) যাব পাৰি । কাষেদি বৈ গৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ দিখৌ । আজিকালি গাড়ী-মটৰৰ অসুবিধা নাই । নিজৰ গাড়ী-মটৰ নাথাকিলেও ৰাস্তাৰ কাষত থিয় হ'লেই হ'ল ।
"এইখনি গাঁও বুকুৰ আপোন 
  ইয়াতে দেখোঁ নতুন সপোন 
  কোনে জুমি চায় জুৰিত দাপোন
   ফুলৰ পাতৰ সাজোন - কাচোন ।"
   --- ( গায়ক - দ্বীপেন বৰুৱা )

             আমাৰ গাঁওখন অতীজৰে পৰা আহোম মানুহৰ বসতি স্থল । ওচৰৰ গাঁৱৰ বাসিন্দাসকলৰ ভিতৰত কোচ , কলিতা , ব্ৰাহ্মণ , মটক , কৈৱৰ্ত , গোঁসাই আৰু মুছলমান মানুহ আছে । সত্ৰ-মছজিদলৈ বেছি দূৰ নহয় । অৱশ্যে হিন্দু-মুছলমানৰ মাজত সদায় সদ্ভাৱ-সম্প্ৰীতি আছে । ইয়াৰ পৰা শ'ৰাগুৰি চাপৰিলৈ সহজে যাব পাৰি । আমাৰ গাঁৱৰ নামঘৰৰ দবাৰ কোবত যেনেকৈ মুছলমানসকলে সন্ধ্যা হোৱাৰ জাননী পায় আমিও তেনেকৈ তেওঁলোকৰ মছজিদৰ পৰা গোৱা আজানৰ সুৰত ৰাতিপুৱাবৰ হ'ল বুলি গম পাওঁ । 

              আমাৰ ঘৰৰ একেবাৰে ওচৰতে আছে গাঁৱৰ ডাঙৰ নামঘৰটো । আমাৰ পদূলি মূৰত আছে এটা বৃহৎ পুখুৰী । ককাই গাঁৱৰ ৰাইজৰ খোৱা পানীৰ অভাৱ যাতে নহয় তাৰ বাবে মাটি দান কৰাৰ লগতে পুখুৰী খন্দাই দিছিল । তাৰ পাৰতে আছে মহিলা গোটৰ এটা কাৰ্যালয় , কেইজোপামান বকুল ফুলৰ গছ । বকুল ফুলৰ সুগন্ধৰ লগতে ইয়াৰ যথেষ্ট ঔষধি গুণ আছে । গাঁৱৰ নামঘৰত জেঠ মাহত বছৰেকীয়া ভাওনা-সবাহ পাতে । ওচৰৰ গাঁৱৰ মানুহো ভাওনা চাবলৈ আহে । ভাদ মাহত গোপিনীসকলে নামঘৰত নাম লয় । মাঘ বিহুত গাঁৱৰ আটায়ে মিলি মেজি জ্বলাই ভোজ-ভাত খোৱাৰ উপৰি দিনত বিহুৰ জলপান খোৱাৰ নিয়ম আছে । ডাঙৰ পুখুৰীটোৰ মাছ ধৰি সমূহীয়া ভোজ-ভাত খাই , খেল-ধেমালি কৰি ৰং-আনন্দ কৰে । ৰঙালী বিহুৰ আনন্দই সুকীয়া । মোৰ গাঁৱৰ মানুহবোৰক ভগৱানে কুশলে ৰাখক । সকলোৱে সদায় মিলা-প্ৰীতিৰে বাস কৰক । গাঁওখনৰ সৰ্বতো প্ৰকাৰৰ উন্নতি কামনা কৰিলোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)