জৈৱ বৈচিত্ৰতা নিয়ন্ত্ৰণত গছ-গছনিৰ ভূমিকা- ৰিতুৰাজ ভূঞা

Aditi Tanti
0
বৈচিত্র্যময় পৃথিৱীত সকলো জীৱই স্বকীয় বৈশিষ্ট্যৰে জৈৱ বৈচিত্ৰতাৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। কিন্তু সাম্প্রতিক সময়ত সমগ্র বিশ্বতে ক্রমাগতভাবে বাঢ়ি অহা পৰিৱেশ প্ৰদূষণৰ ফলত এই জীৱসমূহে যথেষ্ট সংগ্রাম কৰি জীয়াই থাকিবলগীয়া হৈছে । গতিকে এনেদৰে সংগ্ৰাম কৰি জীয়াই থাকিবলগীয়া হোৱাত একো একোবিধ জীৱ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাবলৈ ধৰিছে । আন সকলো প্ৰাণীৰ দৰে মানুহো উদ্ভিদৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল । সেয়েহে প্ৰদূষিত পৰিৱেশ নিকা কৰি সকলো জীৱকে সংৰক্ষণ কৰি ৰখাত সকলো সচেতন তথা দায়িত্বশীল ব্যক্তিয়ে বিশেষ ভূমিকা লোৱা উচিত । পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত গছ-গছনিৰ ভূমিকা অতুলনীয় । দৈনন্দিন বাঢ়ি অহা যান-বাহন উদ্যোগ আদিয়ে যথেষ্ট পৰিমাণে বিষাক্ত গেছ , ধূলি , ধোঁৱা আদি বায়ুলৈ এৰি দি বায়ু প্ৰদূষিত কৰিছে । সেউজীয়া গছ-গছনিবোৰে এই অলাগতিয়াল পদাৰ্থবোৰ শোষণ কৰি বায়ুৰ সমতা ৰক্ষা কৰিব পাৰে । মানুহে আর্থিক লাভ , গৃহ নির্মাণ আদি অনেক কাৰণত গছ কাটিবলৈ লোৱাৰ ফলত বনাঞ্চলৰ পৰিমাণ কমি গৈছে আৰু খৰাং বতৰ , উষ্ণতা বৃদ্ধি আদি প্রাকৃতিক উপসৰ্গবোৰে গা কৰি উঠিছে ।

ভাৰতত হিন্দু ধর্মাৱলম্বী লোকসকলে অতীজৰে পৰা বিভিন্ন মঠ-মন্দিৰৰ লগতে বহুতো গছৰ তল পূজাস্থল হিচাপে ব্যৱহাৰ কৰি আহিছে । বৰ , আঁহত , জৰী , বেল , অর্জুন , কদ্ৰাক্ষ আদি গছৰ তলত পূজা কৰাৰ উপৰিও এই গছবোৰৰ অংশ বিশেষ পূজাৰ কামত ব্যৱহাৰ হৈ আহিছে । ফলত এই গছবোৰ মানুহে নকটাকৈ সংৰক্ষণ কৰি ৰাখে । বহুতে আকৌ এই গছবোৰত ভূত-প্ৰেত থকা বুলিও এই গছবোৰ অনিষ্ট নকৰাকৈ ৰাখে । অন্ধবিশ্বাসতেই হওঁক বা ধর্মীয় কাৰণতেই হওঁক এনে গছবোৰ সংৰক্ষিত হোৱাৰ ফলত জৈৱ বৈচিত্রতা নিয়ন্ত্রণত সহায়ক হয় । এই পবিত্ৰ গছবোৰ বিভিন্ন চৰাই , পতংগ আদিৰ আশ্রয়স্থল হিচাপে ব্যৱহৃত হৈ আহিছে‌ । এই গছবোৰ দীর্ঘদিন ধৰি থকাৰ ফলত ভূমি সংৰক্ষণৰ বিশেষভাবে সহায়ক হৈছে ৷ তাৰোপৰি বায়ু প্ৰদূষণ , উষ্ণতা বৃদ্ধি , খৰাং বতৰ আদি প্রাকৃতিক উপসৰ্গবোৰ কিছু পৰিমাণে হ'লেও উপশম ঘটাত এই গছবোৰে সহায় কৰিছে ।

এইদৰেই এই পবিত্ৰ গছবোৰে জৈৱ বৈচিত্ৰতা নিয়ন্ত্রণ তথ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাই আহিছে । গছ থাকিলেহে যে পৰিৱেশ থাকিব আৰু পৰিৱেশ থাকিলেহে যে জীৱ থাকিব এই কথা আমি সকলোৱে উপলব্ধি কৰা উচিত । জীৱৰ বাসোপযোগী এখন সেউজীয়া নিকা পৃথিৱী গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ সকলোৰে সহায়-সহযোগিতা অপৰিহার্য ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)