বৰষাৰ ওৰণি টানি শাওন আহিল- হেমেন হাজৰিকা

আকাশত ঘন ক'লা চপৰা চপৰ ডাৱৰ । মেঘে ডম্বৰু বজোৱা সময় । বৰষুণ গাজনি বোকাময় পথাৰ । শাওণ বুলি ক'লেই কৃষকৰ অতি ব্যস্ত এক সময় । ক্ষন্তেক ৰৈ এষাৰ মাত দিবলৈ সময় নাই , ইষ্ট-কুটুম্ব কোনোবা সম্বন্ধীয়ৰ খবৰ ল'বলৈ নোৱাৰা মাহ শাওণ , বিয়া-সবাহত , উৎসৱ-পাৰ্বনত ভাগ ল'ব নোৱাৰা মাহ শাওণ । মুঠতে কাম আৰু কাম , সময়ত কামখিনি নকৰিলে আকৌ সময়ত কিমান যে আহুকাল হ'ব ।
সময়ত পথাৰ চহাব লাগিব , সময়ত কঠীয়া পাৰিব লাগিব ৰোৱনী ঠিক কৰিব লাগিব , তেহে পথাৰত সপোন ৰচিব পাৰিব , ঘৰলৈ সোণগুটি চপাই আনিব পাৰিব আঘোণত । শাওণ মাহত কৃষকৰ ভালকৈ এঘুমটি শুবলৈ সময়ৰ অভাৱ , খাবলৈ অভাৱ ।
শাওণৰ চোকা ৰ'দৰ তীব্র পোহৰ , চকু ছাট মাৰি ধৰে । পথাৰত পানী , বোকাৰে পথাৰে কৃষকক হাত বাউল দি মাতে , গতিকে কৃষকে ঘৰত বহি থাকিব নোৱাৰে , জিৰণি ল'ব নোখোজে । এই সময়খিনিত কৃষকৰ খং চুলিৰ আগতে থাকে । সৰুতে ডাঙৰে কোৱা শুনিছিলো শাওণীয়া পথাৰৰ পৰা হাল বাই উলটি অহা কৃষকক হেনো বাঘেও নোজোকাই ইমান খং ।
সৰু থাকোঁতে উচ্চ প্রাথমিক শ্রেণীৰ ষষ্ঠ নে সপ্তম শ্রেণীত এটা কবিতা পঢ়িছিলো - "শাওণ মহীয়া , ভৰ দুপৰীয়া , ৰ'দে খাওঁ খাওঁ কৰে ।। ভমক ভমক , কি চাবা চমক , চকু ছাট মাৰি ধৰে ।।" এই চমকনি কাতি কৰি থৈ কৃষক পথাৰত নামে হাড় ভগা শ্রম কৰে , কষ্টক কষ্ট জ্ঞান নকৰি পথাৰ সেউজীয়া কৰে । সপোন ৰচে । সেই সপোনে সাকাৰ ৰূপ ধাৰণ কৰিলে কৃষকৰ মুখত হাঁহি বিৰিঙি উঠে ।
শাওণ মানেই বৰষুণৰ পয়োভৰ , বৰষুণেই যদি নহয় তেন্তে সেয়া কি শাওণ । গাজনি-ঢেৰেকনিয়েই যদি নাথাকে তেন্তে সেয়া কি শাওণৰ আকাশ , শাওণৰ আকাশত মাদলেই যদি নাবাজে মনটো ভাল নালাগে । মূৰত জাপি লৈ কাহিলি পুৱাতেই কৃষক পথাৰলৈ যায় | শাওণ মানেই বাৰিষা । বাৰিষাৰ ওৰণি টানি শাওণ আহে । সম্ভাৱনাৰ প্রতিশ্রুতি লৈ বৰষাও আহে । বৰ্ষা ঋতু খেতিয়কৰ বৰ প্রিয় । বৰষা আৰু খেতিয়ক যেন এটা মুদ্রাৰ ইপিঠি সিপিঠি ।
গীতিকাৰ সকলেও বৰষাক লৈ গীত ৰচনা কৰে গায়কে গাই , কবিয়ে কবিতা লিখে । ইতিমধ্যে ওপৰত উল্লেখ কৰিছোঁৱেই । এইখিনিতে কোনো অনামী গীতিকাৰে ৰচনা কৰা গীত এফাকি লৈ মনত পৰিছে | ''বৰষা ঋতু ভাল পাওঁ মই প্রতিশ্রুতি আছে তাত , সেউজী ৰহণ ইয়েই সানে শুকান গছৰ গাত ।" বৰষা ঋতুত পথাৰ শস্যৰ বাবে প্রস্তুত হয় । ই বীজ ধাৰণ কৰে নহ'লে জীৱৰ তাৰণ সম্ভৱ নহ'ব । তাৰ বাবেই শাওণ খেতিয়কৰ হিয়াৰ আপোন ।

শাওণত বানো আহে , বানৰ কবলত কেতিয়াবা খেতিয়কে সৰ্বস্ব হেৰুৱায় । ধন জনৰ ক্ষতি কৰি বানে কাল ৰূপ ধাৰণ কৰে । এই বানক লৈ বিশ্ব বিশ্রুত গায়ক বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাই গাইছিল - "অ' হেৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ , হিৰ হিৰ শবদে কাল ৰূপ ধৰিছে তই কাকনো বাৰে বাৰে সুধিছ ।" বাৰিষাৰো আছে বিচিত্র ৰূপ । ভাল লাগে বৰষুণত তিতি । শাওণৰ বৰষুণ জাকে পথাৰো সেউজীয়া কৰে , সাৰুৱা কৰে কৃষকৰ মন । সেউজীয়া পথাৰ খনৰ ওপৰেৰে বৈ যোৱা বতাহজাকে কৃষকৰ মনলৈ কঢ়িয়াই আনে অপাৰ আনন্দ , বিৰিঙাই তোলে অনাবিল হাঁহি
সেয়াই শাওণৰ মাদকতা ।
আহক আমি সকলোৱে শাওণৰ প্রেমত পৰোঁ , বৰষাৰ প্রেমত পৰোঁ । উদযাপন কৰোঁ শাওণ , শাওণ অবিহনে ভৰুণ নহয় পথাৰ । সেউজীয়া নহয় পথাৰ । পথাৰ সেউজীয়া নহ'লে আমি বাৰু মৰুভূমি নহ'ম নে ?

    
              

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send