জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড চাৰি ৪)-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
চাৰৰ সহযোগত অৰুন্ধতীয়ে ভবাৰ দৰেই কথাবোৰ হৈ গ’ল ৷ অৱশ্যে এতিয়া তাইৰ দায়িত্ব আৰু বহুত বাঢ়িল ৷ ঘৰখনৰ সকলোবোৰ কাম , ছটাকৈ ল’ৰা-ছোৱালীৰ আপডাল তাৰ ওপৰত আকৌ নলিনীক পঢ়োৱাৰ দায়িত্ব । কোনো কথা নাই দেহাটো ভালে থাকিলে আৰু ঈশ্বৰে শক্তি দিলে সকলোবোৰ হৈ থাকিব । মাথোঁঁ তাই কাম কৰাৰ সময়বোৰ অলপ বেলেগ ধৰণে মিলাই ল’ব লাগিব ৷ 
    সময়বোৰ দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিলে ৷ চাওঁতে চাওঁতে নলিনীৰ ভায়েক ডিপুক স্কুলত দিব পৰাৰ বয়স হ’লহি ৷ ইফালে এইবাৰ কংকীয়ে মেট্ৰিক পৰীক্ষা আৰু নলিনীয়ে চেভেনৰ বৃত্তি পৰীক্ষা দিব ৷ দুদিন আগত কাকতি চাৰে আহি অৰুন্ধতীক কৈ গ’লহি নলিনীয়ে যেন ভালকৈ পঢ়া-শুনা কৰে , লগতে তেখেতে কংকীকো আশীৰ্বাদৰ লগতে পঢ়াৰ বিভিন্ন উপদেশ দি গ’ল ৷ অৰুন্ধতীৰ বিশেষ চিন্তা নাই । সিহঁত দুই জনীয়েই ভাল ৰিজাল্ট কৰিব বুলি দৃঢ় বিশ্বাস আছে কাৰণ দুয়ো নিয়মীয়াকৈ নিজৰ নিজৰ পাঠ আয়ত্ত কৰে আৰু বেচ পৰিকল্পিত ভাৱে নিজকে প্ৰস্তুত কৰিছে ৷ হওঁতে কংকুৱেও চেভেনৰ বৃত্তি দিব লাগিছিল কিন্তু তাক স্কুলৰ পৰা নপঠালে ৷ কিয় নপঠালে সেই কথাত অৰুন্ধতীয়ে বিশেষ মাথা নামাৰিলে ৷ কংকু পঢ়াত বেছি ভাল নহয় যদিও বেয়াও নহয় গতিকে বৃত্তি নিদিলেও ইমান ভাবিব লগা কথা নাই ৷   
     নলিনীজনী বৰ হাতত লগা ছোৱালী হৈছে ৷ তাই বয়সতকৈ বহুত বুজা হৈ আহিছে ৷ ভায়েক-ভনীয়েকহঁতৰ আল মৰাৰ ওপৰিও তাই অৰুন্ধতীক বাহিৰে ভিতৰে বহু কামত সহায় কৰি দিব পৰা হৈছে ৷  বায়েক কংকীৰো যথেষ্ট লগৰীয়া হৈছে ৷ নলিনী নহ’লে কংকীৰ এটা কথা কামো নিসিজে অৰ্থাৎ নলিনীয়ে ক'লেহে বা বুজাই দিলেহে তাই যেন কাম কৰাৰ  সাহস পায় ৷ বয়সত নলিনী কংকীতকৈ প্ৰায় তিনি বছৰৰ সৰু যদিও কামে-বনে কংকীহে নলিনীতকৈ সৰু যেন লাগে ৷ যি কি নহওক প্ৰসন্ন শৰ্মাক যেন ঈশ্বৰেই আঁতৰাই নি অৰুন্ধতীক নলিনীহঁতৰ দায়িত্ব ল’বলৈ আগবঢ়াই দিলে ৷ অৰুন্ধতীৰ জীৱনটো গতিশীলতাৰ পৰা আৰু গতিশীল কৰি আনন্দৰ পৰা মহানন্দ লাভ কৰাৰ পৰিৱেশ এটা দিলে ৷ ঈশ্বৰৰ ইচ্ছাত হে আজি জীৱন বৰুৱাৰ ঘৰখন যেন ল’ৰাই - ছোৱালীয়ে টকাই - পইচাই , শাকে - সুতৰিয়ে ভৰপুৰ পৰিৱেশ ৷ প্ৰথমে জীৱন বৰুৱাই পত্নীৰ সিদ্ধান্তত আপত্তি কৰিছিলে যদিও নিজৰ ল’ৰা-ছোৱালী দুটাৰ লগতে প্ৰসন্ন শৰ্মাৰ চাৰিটাকৈ ল’ৰা-ছোৱালীও  পঢ়াই শুনাই মাতে কথাই লহপহকৈ বাঢ়ি অহাৰ  মনোমোহা পৰিৱেশত অৰুন্ধতীক মনে মনে প্ৰশংসাৰে ওপচাই দিয়ে ৷ এই ল’ৰা-ছোৱালী কেইটাই বৰুৱাৰ ঘৰখনলৈ সৌভাগ্য কঢ়িয়াই আনিলে ৷ যোৱা বছৰবোৰত তেওঁৰ ঠিকা - ঠুকুলিৰ যিমানবোৰ বাধা-বিঘিনি আছিল , টকা-পইচা পাবলৈ বাকী আছিল য’ত যি ধাৰ-ঋণ আছিল এই সকলো মূৰৰ কামোৰণি লাহে লাহে নোহোৱা হৈ আহিবলৈ ধৰিলে ৷ আজিকালি বৰুৱাই যি কামতে হাত দিয়ে সেই কামতে পূৰ্ণ সফলতা লাভ কৰাৰ সকলো পথ প্ৰশস্ত হৈ উঠে ৷ মুঠৰ ওপৰত প্ৰসন্ন শৰ্মাৰ ল’ৰা-ছোৱালীকেইটা অহাৰ আগৰ অৱস্থা আৰু পিছৰ অৱস্থাৰ মাজত আকাশ-পাতাল পাৰ্থক্য ৷ আগেয়ে বৰুৱাৰ ব্যৱসায়ত কিবা নহয় কিবা এটা অশান্তি আছিলেই কিন্তু আজিকালি বৰ সুন্দৰ পৰিৱেশত কামবোৰ আগবাঢ়ি গৈ আছে ৷ অৰ্থৰ উপাৰ্জনো বৰ ভাল ৷ সঁচাকৈ অৰুন্ধতীয়ে যেন নলিনীক লক্ষিমী ৰূপেহে ঘৰখনলৈ আদৰি আনিলে... ৷ কংকী , কুকীও কোনো অসুবিধা নোপোৱাকৈ ইহঁত কেইটাৰ লগত খেলা-ধূলা কৰি ডাঙৰ একো একোটা হ’লহি । দেউতাক হিচাপে তেওঁ অৰ্থৰ যোগান ধৰাৰ বাহিৰে আন একোৰেই কষ্ট কৰিব লগা নহ’ল ৷ চাওঁতে চাওঁতে ছটা ল’ৰা-ছোৱালীয়েই ডাঙৰ হৈ  আজি বৰুৱাৰ ঘৰখনত উখল-মাখল পৰিৱেশ ৷ আজি বৰুৱাৰ নিজকে বহুত ভাগ্যবান যেন অনুভৱ হয় আৰু অৰুন্ধতী তেওঁৰ জীৱন আকাশৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ...( আগলৈ )


✍🏻পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)