শিপিনীৰ সপোন-নীৰলা ভৰালী

©Admin
0
খট্ খট্ খট্ শব্দ
নিশাটো তাইৰ টোপনি নাই,
কাইলৈ আপোন মানুহ জন আহিব।
সপোনৰ মানুহ গৰাকীক তাই লগ পাব
নিজ হাতে বোৱা  মুগা কাপোৰ খনি,
তেওঁক নিজ হাতে  পিন্ধাই দিব।

তাই আজি সপোন দেখিছে,
এক  ৰঙীন সপোন
এক অলীক সপোন,
ভাবি আছে, আনন্দত যে আত্মহাৰা
নিজ হাতে বনোৱা কাপোৰ খন,
নিজেই পিন্ধাই দিব।

তাই আজি এটা শব্দই জানে
খট্ খট্ খট্ খট্
যঁতৰৰ শব্দ, মাকোৰ নাচ
তাঁতশাল খনি যেন দুৰ্বাৰ গতিত চলিছে,
সকলো আজি জনতাৰ আহ্বান
এয়া যে শিপিনীৰ সপোন,
সময়ৰ এক নতুন দিগন্ত।

আজি তাইৰ 'নিজৰ দিন'
ৰাষ্ট্রীয় হস্ততাঁত  বস্ত্ৰৰ দিন,
এই দিনটোত তাই কাপোৰত বুটা বাছি
সমগ্ৰ ৰাষ্ট্রক জিলিকালে,
আজি তাইৰ নিজৰ দিন।

লুইতৰ পাৰৰ শুৱালকুছিৰ শালত
তাই সপোন ৰচিব,
মুগা পাটৰ চেনেহ ভৰা কাপোৰ পিন্ধি
দেশক উজ্জ্বলাব।

ৰাতিৰ ভিতৰতে এজোৰ কাপোৰ বনাই
তাই দেশক জনাই দিব,
হাতেৰে বনোৱা কাপোৰৰ মাহৰ্ত্য কি
কি যে মৰমৰ, কি যে সপোনৰ।

তাইৰ আজি টোপনি নাই, তাই শাল ব'ব
ছাটে শুকোৱা মুঠিতে লুকুৱা কাপোৰ ব'ব।
অসমক গৰ্বিত কৰিব,
তাইৰ আজি টোপনি নাই।
খট্ খ্ট খট্ খট্    খট্ খট্ খট্ খট্

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)