নাজানো কিয়...
কিতাপবোৰে মোৰ মন
আলোড়িত কৰি ৰাখে।
মন্ত্ৰমুগ্ধ ভাবে বাৰে বাৰে চুই চাওঁ,
প্ৰিয় সেই কিতাপবোৰ।
চৌপাশে মোৰ সহানুভূতিয়ে আৱৰি ৰাখে
কিতাপৰ সেই মন্ত্ৰমুগ্ধতাই।
বাজি উঠে মনৰ মাজত
মন্দিৰৰ সেই ঘন্টা ধ্বনি।
শুকাই যাব খোজা মনটোও
জীপাল হয় অজানিতে।
কিতাপৰ পৰাই পাওঁ
জীৱনৰ ন-উদ্যমেৰে সমস্যা,
যুঁজ-বাগৰৰ মুখামুখি হোৱাৰ সাহস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ