আজি নাহে
বেকাৰীৰ গাড়ীখন
আজি নাহে
জাৱৰ উঠোৱা গাড়ীখনো
আজি নাহে
কাৰণ
আজি দেওবাৰ
আজি দোকমোকালিতে
মোৰ খিৰিকীৰ
সন্মুখৰ পথেৰে আহে
এগৰাকী প্ৰাতঃভ্ৰমণকাৰী
পথটোৰ ইমুৰৰ পৰা সিমুৰলৈ
তেওঁ প্ৰাতঃভ্ৰমণ কৰে
তেওঁক মই চিনি নাপাওঁ
মোকো তেওঁ চিনি নাপায়
কিন্তু আমি দুয়োজনেই
দেওবাৰটোক নাপাহৰোঁ
কাৰণ,
ডাকঘৰৰ গাড়ীখন
আজি নাহে
বেকাৰীৰ গাড়ীখন
আজি নাহে
জাৱৰ উঠোৱা গাড়ীখনো
আজি নাহে
✍ মৌচম হাজৰিকা