মোৰ সপোনৰ ভাৰতবৰ্ষ- পৰিস্মিতা তালুকদাৰ

মোৰ স্বপ্নিল দেশখনেই হৈছে ভাৰতবৰ্ষ । মই এনে এখন ভাৰতৰ সপোন দেখোঁ যিখন ভাৰত "প্ৰতিবাদেৰে" মুখৰ নহয় , বৰং যিখন ভাৰত "প্ৰগতিৰে" উজ্জ্বল হয় । 

"भुमेर्गरीयसी माता स्वर्गदच्चतरः पिता । जननी जन्मभूमिश्च स्वर्गदपि गरीयसी ।।"

            অৰ্থাৎ মাটিতকৈ মা শ্ৰেষ্ঠ ,স্বৰ্গতকৈ উচ্চ পিতা । জননী , জন্মভূমি স্বৰ্গতকৈ ও শ্ৰেষ্ঠ । সপোনৰ ভাৰতবৰ্ষখনত মই নাৰী বৈষম্য , পিতৃকেন্দ্ৰিকতা চাব নিবিচাৰোঁ , বৰঞ্চ লিংগ সমতা আৰু লিংগ ন্যায় বাস্তৱত প্ৰতিষ্ঠিত হোৱাটো বিচাৰোঁ । দুৰ্নীতিমুক্ত , উন্নত ভাৰতবৰ্ষ বিচাৰোঁ ।  

       এফ কেনেডীয়ে কৈছিল - "দেশখনে তোমাক কি দিছে সেয়া বিচাৰ্য্য বিষয় নহয়, গুৰুত্বপূৰ্ণ কথাটো হ'ল তুমি দেশৰ বাবে কি কৰিছা।" কাকত বা সভাত জাতি , মাটি , ভেটি ভাল পোৱাক লৈ উচ্চস্বৰত কথা ক'লে দেশক ভাল পোৱা নুবুজায় । আমি হাতে কামে সচেতন নাগৰিক হিচাপে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি কৰিছোঁ সেয়াহে লক্ষণীয় ।

     স্বাধীনতা আমাৰ জন্মগত অধিকাৰ । আমি ভাৰতবৰ্ষৰ সন্তান সকলে সদায় সকলো উপায়েৰে শত্ৰুৰ পৰা এই দেশক ৰক্ষা কৰিব লাগে । স্বৰ্গীয় মুকুন্দ মাধৱ শৰ্মাদেৱে কৈছে - "স্বদেশৰ সদায় গৰিমা কামনা কৰিব লাগে , লঘিমা নালাগে।"তেওঁৱে মহাত্মা হয় , যি জন দেশপৰায়ণ হয় ।

     আমি আমাৰ দেশখনক সদায় জাতি , ধৰ্ম , বৰ্ণ , ভাষাৰ উৰ্দ্ধত গৈ ভাল পাব লাগে । গ্ৰীক প্ৰবচন মতে , "দায়িত্বহীন নাগৰিকে কেতিয়াও উৎকৃষ্ট ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে।" ইয়াৰ বিপৰীতে দেশৰ প্ৰতিজন নাগৰিকৰ লগতে শাসনতন্ত্ৰ পৰিচালনা কৰা নেতা-মন্ত্ৰী হাতে কামে দায়িত্বশীল হওঁক । আমি দেশখন এনেকৈ গঢ় দিব লাগিব যাতে ৰাজনৈতিক , অৰ্থনৈতিক সামাজিক সকলো দিশতে আমাৰ দেশ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে প্ৰেৰণাৰ উৎস আৰু জাকত-জিলিকা সুকীয়া ৰাষ্ট্ৰত পৰিণত হয় । আমি গৌৰৱেৰে সমগ্ৰ বিশ্বৰ আগত ক'ব পাৰিব লাগিব - "আমি ভাৰতীয়" ।


        শেষত মই যিখন ভাৰতৰ সপোন দেখিছোঁ , সেইখন স্বপ্নতে নাথাকি বাস্তৱ জীৱনত বিচাৰোঁ ।

            

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send