সুখৰ আশাতেই সকলো ব্যস্ত, নিজক গঢ়িবলৈ বহুত কষ্ট।।
আজিৰ সমাজত ধনীৰ ধান, টকাৰে কিনিছে জ্ঞানীৰ জ্ঞান।
ভৰিৰ আগত দুখীয়াৰ মান, কোনেও নকৰে ঈশ্বৰক ধ্যান।।
ৰজাই তুলিছে প্ৰজাৰ কৰ, শাসনৰ নামত শোষণ বৰ।
অন্ধৰ চকুত পোহৰৰ শৰ,
চিঙিব শিকলি মাৰিব লৰ।।
প্ৰেমৰ যুঁজত যুজাৰু নাই, নিজেই নিজক মাৰি খাই।
তুমি অহাৰ উমান পাই, হৃদয়ৰ মাজত ৰাখিছোঁ ঠাই।।
✍️ৰাহুল হাজৰিকা