নতুন যুগৰ বীৰাংগনা-অনন্ত কুমাৰ ভূঞা

©Admin
0
শতৰূপা নিৰুপমা কোনে কয় 
নাৰী দুৰ্বল বুলি---
কোনে বেসুৰা গীত গাই নাৰী অৱলা বুলি
কোনে কয় জয়াল নিশাৰ
অভিসাৰিকা ৰূপৰ  মায়াবিনী ?
সাহসৰ মূৰ্ত প্ৰতীক
চেতনা জগাই তোলা দেশপ্ৰেমিক
সেয়াই মহিয়সী নাৰী 
নতুন যুগৰ বীৰাংগনা ।
প্ৰলোভনত ভোল নাযায় 
প্ৰতাৰণাৰ দলিলত চহী নকৰে 
ধৰ্ষণৰ কবিতা নিলিখে
অৱলা বুলি চিৎকাৰ নকৰে
বিধৱাৰ বগা সাজত উচুপি নাথাকে
সতীদাহ প্ৰথাৰ বুৰঞ্জী নপঢ়ে,
কুৰি বছৰ বয়সতে চাৰিটা সন্তানৰ
মাতৃ হোৱাৰ 
জৈৱিক বাসনা কল্পনা নকৰে ।
নতুন যুগৰ বীৰাংগনাই 
শ্ৰেষ্ঠ স্থান প্ৰাপ্ত হয় প্ৰতিযোগিতাত
তেজস্বিনী 
স্ৰোতস্বিনী সত্য পথৰ 
সাহসৰ দিব্য প্ৰতিভাৰ গৰাকী,
চমক দেখুৱাব পৰা অভিলাষ আছে
পৰ্ব্বত বগাই ত্ৰিৰঙ্গ পতাকা উৰুৱাই
আকাশত যুদ্ধৰ বিমান চলাই
জলকুঁ‌ৱৰী নৌ বাহিনীৰ---
হাড় কপোৱা জাৰত প্ৰখৰ ৰ'দত 
সীমান্তৰ ৰণাঙ্গিনী ।
ৰণৰ ৰণুৱা দেশৰ বনুৱা--
অভিযন্তা বিজ্ঞান প্ৰযুক্তি বিজ্ঞানৰ
বাণিজ্য ক্ষেত্ৰৰ
উচ্চ পদাধিকাৰী --
গৱেষণাগাৰৰ বৈজ্ঞানিক।
ৰাজনীতিৰ ধ্বজা বাহক
সুদক্ষ প্ৰশাসক 
বাৰ্তাবাহক বুদ্ধিজীৱী ---
সাহিত্য জগতৰ সুত্ৰধাৰ
হৃদয়জীনা গীতৰ গীতিকাৰ
ময়ুৰপঙ্খী নৃত্য পটিয়সী,
মঞ্চ কঁ‌পোৱা অভিনেত্ৰী
প্ৰজ্ঞা সুন্দৰী 
সেউজীয়া পথাৰত
ভূঁই ৰোৱা গাভৰু
তাঁতৰ শালত সপোন ৰছা
বসন্ত উৎসৱৰ ৰূপহী নাচনী ।
উপজি পুৱাতে সুৰুজৰ লগত
খোজ দিয়ে
মাজ ৰাতি ধ্ৰুৱতৰা হৈ দেখা দিয়ে
নীহাৰিকা হৈ জিলিকে দূৰ আকাশত
জোনাকত খেলি ফুৰা 
নতুন যুগৰ বীৰাংগনা ।


✍🏻অনন্ত কুমাৰ ভুঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)