পবিত্ৰ ভাদ মাহৰ গুৰু ভক্তিৰ আধ্যাত্মিকতা-চিন্ময় ডেকা

Rinku Rajowar
0
অসমীয়া সমাজ জীৱনৰ এটি অতি পুণ্য-পবিত্র আৰু আধ্যাত্মিক ৰসৰে জীপাল মাহ হৈছে ভাদ মাহ। অসমীয়া বাৰ মাহৰ ভিতৰত ভাদ মাহৰ এক সুকীয়া বৈশিষ্ট্য আৰু গুৰুত্ব আছে। অসমীয়া লোকজীৱনৰ সমাজত ভাদ মাহক পবিত্ৰ জ্ঞান কৰাৰ লগতে এই মাহটিত মন্দিৰ তথা উপাসনাস্থলীত নাম-কীৰ্তনেৰে ভক্তই ভগৱানক আধ্যাত্মিকতাৰে নাম-প্ৰসংগ চৰ্চা কৰাৰো এক সুকীয়া তাৎপৰ্য আছে। 

         ভাদ মাহৰ বিশেষত্ব হ'ল অসমীয়া সমাজ-জীৱনৰ দিকদৰ্শনকাৰী জগত গুৰু দুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ  মাধৱৰ বৈষ্ণৱীয় চিন্তা-চৰ্চা, ধৰ্মৰ বাণী প্রচাৰ আৰু প্ৰসাৰ কৰা গুৰু দুজনাৰ এই পবিত্ৰ মাহতেই মহাপ্ৰয়াণ ঘটিছিল। তেখেতলোকৰ ৰচনাৰাজিৰ মূল উপজীৱ্য অছিল ভগবান শ্ৰীকৃষ্ণ। লগতে গভীৰ চিন্তাধাৰাৰে পৰিপুষ্ট মাধৱদেৱৰ ৰচনাৰাজিত কৃষ্ণৰ আধ্যাত্মিক আৰু লোক কল্যানকাৰী দুয়োটা দিশেই প্ৰকাশিত হৈ আহিছে।
অসমীয়াৰ প্ৰাণত আধ্যাত্মিকতাৰ সোঁত বোৱাই ৰখা এই ভাদ মাহৰ এক গাম্ভীর্যপূর্ণ ৰুচিশীল চেতনা আছে। ভাদ মাহত অসমীয়া চহা সমাজ আধ্যাত্মিক চিন্তা-চৰ্চাৰে অনুপ্রাণিত হ’বলৈ নিজৰ নিজৰ গাঁৱৰ নামঘৰত সমবেত হয়। শাওণৰ ভৰ বাৰিষাৰ বৰষুণৰ পাছত চৌদিশে নির্মল আৰু পৰিষ্কাৰ হৈ পৰা সুন্দৰ পৰিৱেশত বৈষ্ণৱপ্রাণ অসমীয়াই শংকৰী সংস্কৃতি, গীত-মাত, হৰিনামৰ অমিয়া ৰস পান কৰি জীৱন ধন্য কৰিবলৈ উঠি পৰি লাগে। 
ভাদ মাহত জন্মগ্রহণ কৰা সন্তানক অতি ভাগ্যৱান বুলি অসমীয়া সমাজত গণ্য কৰা হয়। একোটা পৰিয়ালৰ যদি তিনিটা পুৰুষ (পিতৃ, পুত্ৰ আৰু নাতি) ভাদ মাহত জন্ম হয়, তেন্তে নাতিৰ দিনত সেই পৰিয়াল সৌভাগ্যশালী হৈ  অতি ধন-দৌলত আৰু প্ৰতিপত্তিৰে পৰিপূৰ্ণ এটা পৰিয়ালত পৰিণত হয় বুলি অসমীয়া লোকসমাজত এক বিশ্বাস আছে। অৰ্থাৎ ‘তিনি ভদীয়াই হাতী বান্ধে’ বুলি প্ৰবাদত কোৱা হয়। ইয়াৰ পৰাই বুজা যায় ভাদ মাহটো অতি পৱিত্ৰ আৰু সৌভাগ্যমণ্ডিত মাহ। ভাদ মাহ বুলিলেই আমাৰ মনলৈ আহে অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ তিথিলৈ। গুৰু দুজনাৰ অনবদ্য অৱদানৰ মহাশক্তিৰে আমি অসমীয়া জাতি চহকী হৈ আছোঁ। এই ভাদ মাহতে সেয়েহে গুৰুসকলক স্মৰণ কৰা হয়। তদুপৰি এই ভাদ মাহতে ভগৱান শ্রীকৃষ্ণৰো আৱিৰ্ভাৱ ঘটিছিল হেতু সেই পুণ্য তিথি জন্মাষ্টমীভাগ অতি ভক্তি সহকাৰে ভক্তসকলে পালন কৰা হয়।
অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰতিটো নামঘৰ, সত্রানুষ্ঠান ভাদ মাহত মুখৰ হৈ পৰে নাম-কীর্তেনৰে। বর্তমান যান্ত্রিকতাৰ মাজত অতি ব্যস্ত জীৱন- যাপন কৰা জনেও এই মাহত এদিনৰ বাবে হ’লেও নামঘৰলৈ যায়; এভাগ শৰাই আগবঢ়াই পৰিয়ালৰ মংগল কামনা কৰে। অসমীয়া মানুহ য’তেই নাথাকক লাগে, তাৰ পৰাই ভাদ মাহৰ আধ্যাত্মিক শক্তিৰ ওচৰত মূৰ দোঁৱাই মনৰ শান্তি বিচাৰে। 
     ভাদ মাহৰ সাংস্কৃতিক গুৰুত্ব অপৰিসীম। ভাদ মাহৰ সংক্রান্তিৰ দিনাৰ পৰা অসমৰ প্ৰতিটো নামঘৰত পুৱাৰ পৰা ৰাতিলৈকে হৰিনামৰ অমিয়া ৰসে সৰগীয় পৰিৱেশৰ সৃষ্টি কৰে। তদুপৰি গুৰু দুজনাৰ তিথি উপলক্ষে নামঘৰে নামঘৰে ভাওনা পতাৰ যি পৰম্পৰা, সেয়াই শংকৰী সংস্কৃতিৰ চর্চা আৰু বিকাশত এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। আজিও অসমৰ বহুসংখ্যক গাঁৱত বার্ষিক সবাহ হিচাপে ভাদ মাহত ভাওনা কৰাৰ পৰম্পৰা চলি আহিছে। ভাদ মাহৰ আন এক তাৎপর্য আছে যে, ভৌগোলিক অৱস্থান অনুসৰি ভাৰতবর্ষ উত্তৰ গোলার্ধত অৱস্থিত, ভাদ মাহত সূর্য উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰে; ফলত ভাদ মাহৰ পৰাই ভাৰতত এন্ধাৰৰ মাত্রা বৃদ্ধি পাবলৈ ধৰে। গতিকে দুষ্টক দমন আৰু সন্তক পালন কৰা লক্ষ্যৰে এই ভাদ মাহত পূর্ণব্রহ্ম কৃষ্ণৰ জন্ম হৈছিল বুলি ঠাৱৰ কৰা হৈছে। বিশেষকৈ ভাদ মাহৰ প্রতিটো দিন গোপিনী, ডেকা, বুঢ়া সকলোৱে হৰিনামেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। ভাদ মাহত গোপিনীসকলৰ গাত তৎ নোহোৱা হয়, ঘৰুৱা কাম-কাজৰ ব্যস্ততাৰ মাজতে প্ৰতিগৰাকী মহিলা সমবেত হয় গাঁৱৰ নামঘৰত। আইসকলৰ হৰিনাম-দিহানামৰ সুললিত সুৰে গোটেই গাঁওখনকে পৱিত্র কৰি ৰাখে। লগতে পূৰ্ব পুৰুষৰ পৰা ভবিষ্যতৰ প্ৰজন্মলৈ মহাপুৰুষীয়া সংস্কৃতি, গীত-মাতৰ চৰ্চাই এক অবিচ্ছিন্ন প্রবাহ হিচাপে গতি লাভ কৰি আহিছে বৰ্তমান সময়লৈ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)