মেঘৰ গাজনি ,ডাৱৰৰ আচ্ছাদন ফালি
ধৰাৰ বুকুলৈ নামি আহিল মুষুলধাৰে এজাক বৰষুণ।
যি বৰষুণত তিতি-বুৰি নিচিহ্ন হ'ল মোৰ অলেখ সপোন,
ভাগি গ'ল মোৰ উৰুখা পজাঁ
মোৰ জোনাকময় বাটটিত এতিয়া ডাৱৰৰ খেলা।
আজি এজাক বতাহ বৈছে ,কোবাই গৈছে মোৰ হিয়া
বতাহজাকে কাণে কাণে কৈ গ'ল ,
বহু অলিখিত মোৰ জীৱন গাঁথা।
পুনৰবাৰ আওৰাই দিলে উয়ে ধৰা মোৰ ডায়েৰীৰ পৃষ্ঠা।
মন আছিল সেই বৰষুণ জাকত ধুই পেলোৱাৰ বহু কষ্টকৰ স্মৃতি,
কিন্তু বিপৰীতে কঢ়িয়াই আনিলে এবুকু বিষাদ আৰু যন্ত্রনা।
নিচিহ্ন হ'ব ধৰা ৰঙীন পথটোত এতিয়া শেলাই গজিছে।
আজিকালি বাটৰুৱা সেই বাটত প্ৰবেশ নকৰে
তাত হেনো দুখৰ বজাৰ বহে।
দুখৰ সৈতে সহবাস কৰিব নোৱাৰে সেই মানুহবোৰ
সেইবাবে আজি কৰুণ সংগীত গাই সংগীবিহীন হৈ
ঘূৰি-ফুৰো দুখৰ ৰাজ্যত,
য'ত কেৱল মোৰে আধিপত্য আছে।
সেই দুখৰ চহৰত আন কোনো সংগী নাই
এতিয়া মাথোঁ নীৰৱতা বিৰাজমান।
অনুভৱৰ জোলোঙাদি কঢ়িয়াই আনিম
এটি নৈসৰ্গিক বোমা,
বিস্ফোৰন কৰিম দুখৰ চহৰত,
নিমিষতে ধ্বংস কৰিম সকলো যন্ত্রনা।
অকলে জীয়াই থাকিম নীৰৱতাৰ বুকুত
আকাশলৈ চাই ৰামধেনুৰ সাতো ৰং দুবাহুত সাৱটিম,
নতুন দিগন্তৰ আশাৰে জোনাবাইৰ দেশত গৈ
প্ৰেমৰ বাৰ্তালাপ কৰিম।
✍️নাজিৰ আহমেদ
চতিয়া মহাবিদ্যালয় |
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ