ভাৰতৰ বিভিন্ন ৰাজ্যৰ সীমা বিবাদ আৰু চৰকাৰৰ ভূমিকা-বায়েজীদ বোস্তামী

পংখী মৰাণ
0
মিজোৰাম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ক্ষুদ্ৰ ৰাজ্য। মাটিকালি ৮,১৩৯.৪ বৰ্গ মাইল। জনঘনত্ব হিচাপে ৫১.৮ প্ৰতি বৰ্গ কিলোমিটাৰ। শিক্ষিতৰ হাৰ ৮৯.৯ শতাংশ। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। ইয়াৰ ৰাজধানী আইজল। ভাৰতৰ উত্তৰ-পূর্বত, এটি সর্বদক্ষিণৰ স্থলবেষ্টিত ৰাজ্য অথবা ভাৰতৰ সাতভগিনী ৰাজ্যৰ ত্রিপুৰা, অসম, মণিপুৰ এই তিনিওটা ৰাজ্যৰ সৈতে যাৰ সীমা বিদ্ধমান। ইয়াৰ বাদেও প্রতিবেশী দেশ বাংলাদেশ আৰু ম্যানমাৰৰ প্রায় ৭২২ কিলোমিটাৰ এলেকাজুৰি  মিজোৰামৰ সীমা অৱস্থিত।
আন্তঃৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য হল ১৬৪.৬ কিলোমিটাৰ (উৎস-ভাৰতৰ সমীক্ষা) আৰু ই অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা স্পৰ্শ কৰি আছে।

            সীমান্ত সম্পৰ্কত মিজোৰাম ৰাজ্যৰ সৈতে পূৰ্বতে তেনে ধৰণৰ কোনো বৃহৎ সংঘাত নাছিল। ১৯৩৩ চনৰ ৯ মাৰ্চত অধিসূচনা নং ২১০৬ APৰ অধীনত সীমান্ত অধিসূচিত হৈ আছে।
     ২০১৪ চনৰ ২৪ ছেপ্তেম্বৰ তাৰিখে মেঘালয়ৰ শ্বিলঙত অসম আৰু মিজোৰামৰ বিষয়াসকলৰ মাজত এখন সভা অনুষ্ঠিত হৈছিল, য'ত অসম-মিজোৰামৰ সীমান্তৰ পাৰে পাৰে স্থিতাৱস্থা বাহাল ৰাখিবলৈ সন্মতি প্ৰদান কৰা হৈছে।
    
         অসমৰ লগত চুবুৰীয়া প্ৰদেশৰ সীমা বিবাদ আৰম্ভ হৈছিল বিগত ১৯৬৩ চনৰ ১ ডিচেম্বৰতেই। তেতিয়াৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া Naga People’s Convention ৰ লগত ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি নগালেণ্ড গঠন কৰিছিল। ভাৰত চৰকাৰে বৃটিছ অধিকৃত নগা দখলৰ ঠাইসমূহ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি বহুতে ক'ব খোজে। কিন্তু নগালেণ্ডৰ আকোঁৰগোজ মনোভাৱৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই। তেওঁলোকে সীমান্ত নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায়েই কিবা নহয় কিবা অজুহাত দেখুৱাই অসহযোগ কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত ১৯৭২ চনত সুন্দৰম কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিয়ে প্ৰতিবেদনত সীমান্ত অঞ্চলত ৬৬০০০ হেক্টৰ মাটি বিবাদিত বুলি উল্লেখ কৰিছিল।
অসম-নগালেণ্ড সীমান্তৰ ৪৩৪ কিলোমিটাৰ দুয়োখন প্ৰদেশৰ মাজেৰে পাৰ হৈছে। প্ৰশাসনৰ সুবিধাৰ বাবে তাত অসমে Sectors– A, B, C, D, E and F– নামেৰে শিৱসাগৰ, যোৰহাট, গোলাঘাট, আৰু কাৰ্বি আংলং জিলাৰ সূকীয়া নামাকৰণ কৰিছে। নগালেণ্ডৰ মতে sectors- A, B, C আৰু D ৰ সৰ্বমুঠ ১২৮৮৩ বৰ্গকিলোমিটাৰ ভূমি হেনোঁ ১৬ দফীয়া নগাচুক্তিৰ অন্তৰ্ভুক্ত কৰা হৈ আছে। গতিকে সেই মাটি তেওঁলোকৰ।
 
      এই লৈ বিগত সময়চোৱাত বহুবাৰ নগা লোক আৰু নগালেণ্ড পুলিচে আহি অসমৰ ভিতৰত মাটি দখল কৰি স্কুল, পুলিচ চকী পৰ্যন্ত স্থাপন কৰিছে। ১৯৭৯ চনৰ ৫ জানুৱাৰীত নগালোকে ৫৪ জন অসমীয়া মানুহৰ প্ৰাণ লৈছিল। ১৯৮৫ চনতো তদ্ৰুপ ঘটনা সংঘটিত হৈছিল আৰু ৪১ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ ভিতৰত মেৰাপানীৰ ২৮ জন পুলিচৰ লোকো আছিল।
অকল যে নগালেণ্ড সীমান্তৰেই ঘটনা নহয় এয়া। তাৰ পিছৰে পৰা মণিপুৰ,অৰুণাচল, মেঘালয় সীমান্ততো এটাৰ পিছত এটাকৈ বেদখলৰ ঘটনা সংঘটিত হৈ আছে। যোৱা ১৭ অক্টোবৰত অসম-মিজোৰাম সীমান্ত জুই-ধোঁৱাই আচ্ছন্ন কৰি ৰাখিছে। আচলতে ৯ অক্টোবৰৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ উঠিছিল। তৎকালীন ঘটনা যিয়েই নহওঁক, সেই ঘটনাৰ আঁৰত আছে সীমা বিবাদ।

        ১৮৭৫ চনত notification (Inner Line Regulation-ILR) – দ্বাৰা লুচাই পাহাৰক কাছাৰৰ পৰা বিচ্ছিন্ন কৰা হৈছিল। ১৯৩৩ চনত লুচাই পাহাৰ আৰু কাছাৰৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল, তেতিয়া মিজো আইন প্ৰণেতা সকলৰ লগত কোনো আলোচনা কৰা হোৱা নাছিল বুলি অভিযোগ তুলি অহা হৈছে। এই বিবাদ ১১৯৭২ চনতো উত্থাপন হৈছিল আৰু ১৯৮৭ চনত মিজোৰামে ৰাজ্যৰ মৰ্যদা লাভ কৰোতেও হৈছিল। কিন্তু মিজোৰাম শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত সি শাম কাটি আছিল।

   ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ মাজৰ সীমা বিবাদ নতুন কথা নহয়।

অসম-মিজোৰামৰ উপৰিও ভাৰতৰ বহুকেইখন ৰাজ্যৰ মাজত এতিয়াও দীৰ্ঘদিনৰ পৰা সীমা বিবাদৰ লগতে বিভিন্ন বিষয় লৈ বিবাদ চলি আছে।

মাটি, নদী আৰু জল চুক্তি আদি বিষয় লৈ ৰাজ্যসমূহৰ মাজত অব্যাহত আছে পাৰস্পৰিক বিবাদ।

ইয়াত কেইখনমান ৰাজ্যৰ মাজত চলি থকা বিবাদ সম্পৰ্কে চমুকৈ উল্লেখ কৰা হৈছে-

কাবেৰী জল চুক্তি বিবাদঃ

কাবেৰী নদীৰ জল চুক্তিক লৈ তামিলনাডু, কৰ্ণাটক, পুডুচেৰী আৰু কেৰালাৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে।

ব্ৰিটিছ শাসনৰ দিনৰ ১৮৯২ চনৰ পৰাই মূল কাবেৰী জল বিবাদ আৰম্ভ হৈছিল। কাবেৰী নদীৰ ওপৰত পানী যোগান ব্যৱস্থা স্থাপনৰ সিদ্ধান্তৰ পাছৰে পৰা এই বিবাদৰ সূচনা হৈছিল।

কৰ্ণাটকৰ খেতিয়ক সকলৰ বাবে কাবেৰী নদী হৈছে আয়ুস ৰেখা স্বৰূপ আৰু বাংগালুৰু চহৰৰ পানী যোগানো বহু পৰিমাণে কাবেৰী নদীৰ ওপৰত নিৰ্ভৰশীল।

কাবেৰী নদীৰ পানীৰ ভাগ বটৰোৱাকলৈয়ে কৰ্ণাটক, তামিলনাডু, পুডুচেৰী আৰু কেৰালাৰ মাজত সংঘাত চলি আহিছে।

যদিও কাবেৰী জল বিবাদ ন্যায়াধীকৰণে প্ৰতিখন ৰাজ্যক পানী ব্যাৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে তথাপিও বৰ্তমানো এই বিবাদ সম্পুৰ্ণৰূপে শাম কটা নাই।

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজৰ বিবাদঃ

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মাজতো সীমাক লৈ বহুদিনৰ পৰা বিবাদ চলি আছে। মহাৰাষ্ট্ৰই কৰ্ণাটকৰ ৭০০০ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে। বেলাগবি, উত্তৰা কানাড়া, বিদাৰ আৰু গুলবাগ্ৰাৰ মুঠ ৮১৪ খন গাঁও আৰু তিনিখনমান চহৰ মহাৰাষ্ট্ৰই নিজৰ বুলি দাবী কৰি আহিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ মতে এই গাঁও আৰু চহৰ সমূহৰ জনসাধাৰণে মাৰাঠী ভাষা কয় সেয়েহে উক্ত অঞ্চল সমূহ মহাৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত হোৱা উচিত। ১৯৫৬ চনৰে পৰা দুয়োখন ৰাজ্যৰ মাজত এই বিবাদ চলি আছে।

শেহতীয়াভাৱে মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে উক্ত প্ৰসংগত মন্তব্য প্ৰকাশ কৰি পুনৰ পুৰণি বিবাদক নতুন মাত্ৰা প্ৰদান কৰিছে।

অসম-মিজোৰাম সীমা বিবাদঃ

অসম আৰু মিজোৰামৰ বাবে সীমা বিবাদ দীৰ্ঘদিনীয়া। ১৯৯৫ চনৰ পৰাই এই সীমা বিবাদৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত কেন্দ্ৰৰ মধ্যস্থতাত আলোচনা চলি আহিছে যদিও এতিয়ালৈ ইয়াৰ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নাই।

অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ মাজত বিবাদঃ

কোৰাপুত জিলাৰ কোটিয়াৰ বহুকেইখন গাঁৱক লৈ আৰম্ভ হোৱা ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ বিবাদ সমাধান হ’বলৈ এতিয়াও বাকী আছে।

মাওবাদী সমস্যাৰে জৰ্জৰিত এই গাঁও কেইখনত সোণ, প্লেটিনাম, গ্ৰেফাইট, লাইমষ্টোনকে আদি কৰি বহু প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে।

ওড়িশা নতুন ৰাজ্য হিচাপে গঠন হোৱাৰ পূৰ্বে এই গাঁও সমূহ মাড্ৰাছ প্ৰেছিডেন্সিৰ অন্তৰ্ভূক্ত আছিল। পৰৱৰ্তী সময়ত মাড্ৰাছ  চৰকাৰে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত সীমান্ত নিৰ্দ্ধাৰণ কৰিলেও ২১ খন গাঁৱক লৈ এতিয়াও বিবাদ চলি আছে। বৰ্তমান বিষয়টো উচ্চতম ন্যায়ালয়ৰ অধীনত আছে।

ছত্তীশগড় আৰু ওড়িশাৰ বিবাদঃ

এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি ওড়িশা আৰু ছত্তীশগড়ৰ মাজত বিবাদ আৰম্ভ হয়। ওড়িশাৰ ভূমিত ছত্তীশগড়ে এটা পথ নিৰ্মাণ কৰাৰ পাছতে এই বিবাদে মূৰ দাঙি উঠে।

বহু ৰাজ্যই এই বিবাদ সমূহ কেন্দ্ৰ চৰকাৰৰ মধ্যস্থতাত সমাধান কৰিব বিচাৰিছে আৰু আন বহু ৰাজ্যই ইতিমধ্যে বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

     কিন্তু এনেকৈ থাকিলেই হ'ব জানো? ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে অসমৰ চৌপাশে থকা প্ৰদেশ সমূহৰ আগ্ৰাসী ভূমিকা অতি সোনকালে প্ৰতিৰোধ কৰাটো নিতান্তই জৰুৰী হৈ পৰিছে। তাৰ বাবে অসম চৰকাৰ মূল ভূমিকা ল'ব লাগিব। ভাৰত চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰিব লাগিব। বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগিব।
ছশ বছৰীয়া আহোম ৰাজত্বৰ সময়ত আহোম ৰাজ্য যিবোৰ নথিপত্ৰ আছে, আজিৰ পৰিপ্ৰেক্ষিতত সেইবোৰ প্ৰযোজ্য নহ'লেও বৃটিছ শাসনৰ নথিভুক্ত দলিল সীমা নিৰ্ধাৰণৰ বাবে হয়তো ব্যৱহাৰ কৰিব পৰা যাব। তাৰোপৰি, বিভিন্ন জনজাতীয় বুৰঞ্জীসমূহকো মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

        দুয়োখন চৰকাৰে আন্তৰিকতা আৰু অসমৰ সীমাৰ লগত সংলগ্ন ৰাজ্যবোৰে মুকলি মন লৈ বিবাদবোৰ অতি শীঘ্ৰে সমাধান নকৰিলে তাৰ জুই দিনে দিনে বৃদ্ধি পাই থাকিব। বাৰে বাৰে অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ কথা উঠিল আহিছে যদিয়ো ইমান দিনে চৰকাৰে মনোযোগ দিয়া নাছিল। কিন্তু এতিয়া আৰু ৰৈ থকাৰ সময় নাই। অনতি পলমে আইন পাছ কৰি অসমৰ বাবেও ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা উচিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)