ঘৰখন আৰু মনৰ চোতালখন
একেবাৰেই উদং।
জানো, উভতি নাহিবা তুমি,
যদিও সদায় মোৰ সতে তোমাৰ নিবিড় বন্ধুত্ব।
জানা,পাপা মাকৰ শুধ বগা শাৰী
গহনা বিহীন উকা মুখ শেতাঁ
ওঁঠ জুৰি
মোক বাৰুকৈ কষ্ট দিয়ে
মই একেবাৰেই সহিব নোৱাৰোঁ।
তেতিয়া মই ইমান অনুভৱ কৰিব পৰা নাছিলোঁ
তুমি বিহীন ঘৰখন ইমান অকলশৰীয়া হৈ পৰিব।
তোমাৰ জীৱন্ত প্ৰতিচ্ছবি বোৰে ইমান ব্যাকুল কৰিব
যাক মই ভাষাৰে প্ৰকাশ কৰিবলৈ অক্ষম।
দাদা সতে আজিও বিছনাত তোমাৰ অপেক্ষা কৰে।
মা নামাজ পঢ়িব গ'লে আজিও তোমাৰ বাবে ঠাই এৰি দিয়ে ...।
মই জানো , ইচ্ছা তোমাৰ নোহোৱা নহয়
আমাৰ সতে থাকিবলৈ
কিন্তু সময়ৰ কঠোৰ সিদ্ধান্ত
তুমি যে উপায়হীন।
হয়তো এদিন নহয়তো কোনোবা এদিন আমিয়ো হৈ যাম উপায়হীন।
তথাপি...
মানিবলৈ খুবেই কষ্ট পাপা
আজিও মানিব পৰা নাই।
জানা পাপা , আজি বৰপেটাৰ পৰা আহোঁতে গাড়ীৰ পৰা বজাৰত নামি
তোমাক বাৰুকৈ বিচাৰিলোঁ
যেন বগা পাঞ্জাবীৰ সতে
ছয়া ময়া মুখনি
হেৰাই গ'লা মানুহৰ ভিৰত
গোটেই ৰাস্তা খনো বিচাৰিলোঁ
গেটখন খুলি ৰুমৰ সোমাই 'পাপা পাপা' বুলি চিঞৰি চিঞৰি মাতিলোঁ।
কিন্তু তুমি শুনিও মৌন!!!
উদং ৰুমটো আৰু মাকৰ উকা মুখনিৰ বাদে একো দেখা নাপালোঁ পাপা ।
তোমাক ক'তো নাপালোঁ ...
মোৰ শ্বাস ল'বলৈ বাৰুকৈ কষ্ট হয় পাপা তুমি অবিহনে...।
✍️সবিতা বেগম
ৰাধাকুছি বৰপেটা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ