জংক-পংক~শতাব্দী শৰ্মা

Rinku Rajowar
0
মাকৰ চিধা কথা ," হয় মোক বাদ দিয়ক , নহ'লে সি চাকৰি এৰক" ! কিয় এনেকুৱা অদ্ভূত ভাৱ অৰুণিমাৰ মনলৈ আহিল , মনোজে গম নাপালে ! একমাত্ৰ ল'ৰাটোৰ চাকৰিটো লৈ মানুহজনীয়ে কিয় ভাওঁনা কৰি আছে ! ছোৱালীজনীয়েও কিবা এটা সংস্হাপনৰ বাবে বিভিন্ন পৰীক্ষা দি আছে ৷ কিন্তু ল'ৰাটোৱে চাকৰি কৰা আজি চাৰিবছৰৰো অধিক হ'ল ! তেনেস্হলত হঠাৎ মাকে চাকৰিটো এৰিবলৈ কোৱাৰ অর্থ কি ! চাকৰিৰ খবৰ পাইতো অৰুণিমাই স্ফূর্তিত ক'ব নোৱাৰা হৈ গৈছিল ৷ সৰু-সুৰা পার্টী এটাই ঘৰত আয়োজন কৰিছিল ! মনোজক এখন দীঘলীয়া লিষ্ট দিছিল স্ফূর্তিৰ সময়বোৰৰ ৷ যিহেতু চাকৰিৰ সংক্ৰান্তত মনোজ অন্য ঠাইত থাকে ৷ অজানিতে বহুত কিবা কিবি পৰিকল্পনা কৰি পেলাইছিল ! "পুত্ৰৰ চাকৰি , মাকৰ স্বর্গসুখ" —এনেদৰেই দহজনৰ আগত গৌৰৱ কৰিছিল ৷ এতিয়া সেইজনী অৰুণিমাই পুতেকক চাকৰিটো এৰাৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যটোনো কি ?অৰুণিমাৰ ল'ৰাই চাকৰি কৰে হায়দৰাবাদত ৷ কোম্পানীৰ চাকৰি গতিকে সময়ৰো নাটনি ৷ মাকলৈ দিনটোত মাত্ৰ এবাৰ ফোন কৰে ,বাকী দেউতাকৰ ভনীয়েকৰ খবৰ ল'বলৈ সময়েই নাপায় ৷ তদুপৰি যেতিয়া ঘৰলৈ আহে , তাক এবাগৰ মাৰিবলৈও কোনেও শান্তি নিদিয়ে ৷ কেৱল হায়দৰাবাদৰ কথা সুধি ব্যতিব্যস্ত কৰা ভনীয়েকজনীক, চাকৰিৰ কথা সুধি খা-খবৰ লোৱা দেউতাকক, অভিমান-খঙেৰে ভৰপূৰ মাকৰ হাজাৰটা অভিযোগক আওকাণ কৰে কেনেকৈ ! থকাদিনকেইটা ঘৰখনত সিয়েই প্ৰধান ৷ মাকে তাক বিধে বিধে বনাই খুৱায় , দেউতাকে হাঁহে কেতিয়াবা মাকৰ কাণ্ডত আৰু কেতিয়াবা ভাবে , " মাকৰ মন যি কৰে , কৰক আৰু!" যিদিনা সি ঘৰৰ পৰা আকৌ কর্মস্হলীলৈ ৰাওনা হয় , মাকৰ কান্দোনত চকু -মুখ ফুলি যায় ৷ আদৰৰ একমাত্ৰ ল'ৰাটো ওচৰত থকাটো কোনেনো নিবিচাৰে ! আকৌ হায়দৰাবাদত থাকিলেও সি বহুতবাৰ মাকক বুজাই দিয়ে তাৰ কর্মসূচীখনৰ কথা , কাৰণ নহ'লে দিনটোত এবাৰ ফোন নকৰিলেই জগৰ লাগিব। অৰুণিমাৰ মনৰ ভাৱ সমুদ্ৰত পুতেকৰ চাকৰি বাদ দিয়াৰ কথাটো আহিল কেনেকৈ ! অৰুণিমা হ'ল আওপুৰণি মনোভাৱৰ মহিলা ৷ লিখা-পঢ়া ইমান নাই ৷ টেলিভিছনৰ পর্দাত যাৰ যি মন যায় লগাই চায় , কিন্তু অৰুণিমাই টেলিভিছনৰ সন্মুখত বহাৰ নাম নলয় ৷ সাংঘাতিক কথা কিছুমানে ঘৰখন উত্তাল কৰি ৰাখে ৷ এবাৰ জীয়েকৰ কিতাপৰ মাজত বলিউডী অভিনেতা হৃতিক ৰোশনৰ ফটো পালে ! তাইক পুলিছে জেৰা কৰাদি কৰি নানা কথা শুনালে ৷ পিছত পুতেকে বুজাওঁতেহে মানুহজনী শান্ত হৈছিল ৷ জীয়েকৰ চকুপানীৰে বানপানী হোৱাৰ উপক্ৰম "মায়ে মোক সন্দেহ কৰিছে" বুলি ! পিছত দেউতাকে বুজাই-বঢ়াই দিওঁতেহে শান্তি ! এবাৰ নে দুবাৰ ভাগিনীয়েকৰ মূখত কংগনা ৰানাৱটৰ নাম শুনি ঘৰত "ল'ৰা বেয়া হ'ল" বুলি হুলস্হূল কৰাৰো ৰেকর্ড আছে ! স্বামী মনোজে অনুসন্ধান চলাই থাকিল যে অৰুণিমাই পুতেকৰ চাকৰি এৰাৰ পিছত দৌৰাৰ ৰহস্যটো কি ! চাৰিবছৰৰ মূৰত চাকৰিটোৰ প্ৰতি বৈৰাগ্য অহাৰ কাৰণ কি! এসপ্তাহমানৰ মূৰত জোলোঙাৰ মেকুৰী ওলাল ৷ মনোজ ৰহস্য ফাদিলত সফল হ'ল ৷ তাৰমানে এইবাৰ হায়দৰাবাদৰ পৰা ঘৰলৈ আহোতে পুতেকে লেপটপটোও লৈ আনিছিল ৷ লেপটপত ইটো-সিটো খুচঁৰি থাকোতে পুতেকে ধুনীয়া ছোৱালী দুজনীৰ ফটো চোৱা দেখা পালে ৷ মাকে একো নুসুধিলেও ভাবি ল'লে যে সেয়া হায়দৰাবাদৰ হিন্দুস্তানী সুন্দৰী ! নিজৰ আদৰৰ ল'ৰাটো বেয়া হ'ব বুলি ভাবিয়েই চাকৰি এৰিবলৈ কৈছে ! কিন্তু সেয়া দক্ষিণৰ দুগৰাকী অভিনেত্ৰীৰ ফটোহে আছিল ৷ অৰুণিমাৰ মনত এবাৰ এটা ভাৱ সোমোৱা মানে বহুত সমস্যা ৷ সেয়ে — "হয় সি মোক এৰক, নহয় সি চাকৰি এৰক !"

                 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)