➖হয় নিশ্চয় । নমস্কাৰ মোৰ নাম ৰিংকু ৰাজোৱাৰ ঘৰ যোৰহাট জিলাৰ টিপমীয়া গাওঁত ।মোৰ মাৰ নাম পাৰ্বতী ৰাজোৱাৰ দেউতাৰ নাম স্বৰ্গীয় লোহিত ৰাজোৱাৰ । আমি তিনিজন ককাই ভায়েক আছো তাৰে মই দ্বিতীয়জন সন্তান । বৰ্তমান মই চাহ খেতি ও ব্যৱসায়ৰ লগত জড়িত তাৰোপৰি ব্লগ আৰু ৱেবছাইটৰ ক্ষেত্ৰখনৰ অলপ অলপকৈ জড়িত হৈ আছো । ইয়াৰ আগতে মই বন্ধন বেংক, ফিউজন মাইক্ৰফাইনেঞ্চ, ইকম এক্সপ্ৰেছ আদি প্ৰাইভেট প্ৰতিষ্ঠানত কাম কৰিছিলো ।
২/ আপুনি শিক্ষাজীৱন কত কেনেকৈ লাভ কৰিছিল।
➖মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো মোৰ ঘৰৰ নিচেই কাষতে থকা টিপমীয়া প্ৰাথমিক বিদ্যালয় নামৰ বিদ্যালয় খনত । মাধ্যমিক শিক্ষা লাচিত মজলীয়া বিদ্যালয়ত ,হাইস্কুল শিক্ষা টিয়ক উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শিক্ষা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা ২০১২ চনত মোৰ উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ হয় । ইয়াৰ পিছতে মই বিঃএ ডিগ্ৰীটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী পাঠ্যক্ৰমৰ অধীনত ডিগ্ৰীৰ বাবে নামভৰ্তি কৰি ললো আৰু আইঃটিঃআই পঢ়াৰ বাবে মন মেলিলো কিন্তু মেট্রিকৰ পৰীক্ষাত ভাল ফলাফল নোপোৱাৰ বাবে ২ বছৰ যোৰহাট আইঃটিঃআই ত নাম ভৰ্তিৰ বাবে আবেদন কৰাৰ কৰাৰ পিছতো নিৰ্বাচিত নহলো । ২ বছৰ সময় ইতিমধ্যে উকলি গৈছিল অৱশ্যে তেতিয়া মই বিঃএ এটা বছৰ পঢ়া সম্পূৰ্ণ কৰি Part ii ত নামভৰ্তি কৰিছিলো কিন্তু আইঃটিঃআই পঢ়াৰ বাবে চেষ্টা অব্যাহত আছিল ২ বাৰকৈ চৰকাৰী আইঃটিঃআই ত নামভৰ্তিৰ বাবে আবেদন কৰি ছিট নোপোৱাৰ পিছত আশা বাদ দি যোৰহাটৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰাইভেত আইঃটিঃআই এখনত ইলেক্টিচিয়ান বিভাগত অৱশেষত নামভৰ্তি কৰি ললো ।তাৰ পিছত ডিগ্ৰী আৰু আইঃটিঃআইৰ ফাইনেল পৰীক্ষাৰ ঠিক কেইমাহ মানৰ আগমুহূর্তত মোৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলো । পৰীক্ষা সমূহ দিয়াৰ বাবে ২/৩ বাৰকৈ সুবিধা আছিল যদিও আৰ্থিক আৰু অন্য কিছু কাৰণত মোৰ শৈক্ষিক জীৱনৰ ইমানতে সমাপ্তি ঘটে ।
৩/আপুনি আজৰি সময়ত কি কৰি সময় কটায়।
➖আজৰি সময়বোৰত কি কৰো বুলি কলে সচাঁঅৰ্থত মোৰ আজৰি সময় বুলিবলৈ একোৱেই নাই সকলো সময়তে কিবা নহয় কিবা কৰি থাকো । তথাপিও কেতিয়াবা এই কিবা কিবি কামবিলাকৰ পৰা ফালৰি কাটি নিজৰ ভালপোৱা কামবোৰ কৰো যেনে ফোনত কথা পতা,ভিডিঅ চোৱা,লিখা-পঢ়া,নতুন নতুন চিন্তাবোৰ মনলৈ অনা,ফুৰা,খোৱা,ৰন্ধা ইত্যাদি।
৪/আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা এটি মূহুৰ্তৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ।
➖জীৱনৰ ভাল লগা মূহুৰ্ত বুলি কলে বহুতেই আছে । তথাপিও মোৰ জীৱনৰ এটি ভাল লগা মূহুৰ্ত হ'ল সৰু কালত মা দেউতা দাদা মই প্ৰত্যেক বছৰেই একেলগে দুৰ্গা পূজা চাবলৈ গৈছিলো । এই মূহুৰ্তটো মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব ।
৫/ মই জনাত আপুনি ৱেৱচাইটৰ প্ৰায়বোৰ কামেই জানে । এইবোৰ আপুনি কেতিয়া কেনেকৈ শিকিলে।
➖হয় ২০১২ চন মানৰপৰা ইন্টাৰনেটৰ সহায়ত এই বিষয়ে শিকা আৰম্ভ কৰিছোঁ ।মই এই বিষয়ে ইন্টাৰনেটত পঢ়ি পঢ়ি শিকিছিলো আৰু শিকাবিলাক কৰি চাইছিলোঁ তেনেকৈয়ে মোৰ মনত থাকি গৈছিল আৰু কামবোৰ সহজে কৰিব পাৰিছিলো । এই বিষয়ে মোৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নাই ।
৬/ আপোনাৰ আজিলৈকে কোনোবা ব্যক্তিৰ পৰা পৰামৰ্শ আৰু সান্নিধ্য লাভ কৰিছেনে ।যদি কৰিছে কোন সেই গৰাকী।অলপ ক'ব নেকি?
➖আচলতে মোক পৰামৰ্শ দিব পৰাকৈ মোৰ ঘৰৰ লোকসকল ইমান শিক্ষিত নাছিল পৰিয়ালত আছিল যদিও তেওঁলোক আতঁৰত আছিল । তথাপিও মা দেউতাই যথেষ্টখিনি উৎসাহ দিছিল ভালকৈ পঢ়ি এজন সৎ মানুহ হোৱাতোয়েই তেওঁলোকৰ আশা আছিল । গতিকে মই কাৰ পৰা সান্নিধ্য লাভ কৰিছো বুলি কলে প্ৰথমে মা দেউতাৰ নামেই লব বিচাৰিম ।
৭/ আপোনাৰ এজন বা এগৰাকী স্মৰণীয় ব্যক্তিৰ নাম?
➖মোৰ দেউতা স্বৰ্গীয় লোহিত ৰাজোৱাৰ ।
৮/আপুনি যুৱ প্ৰজন্মৰ বাবে কি কৰিব বিচাৰে?
➖আমাৰ দৰে তেওঁলোকে যাতে জীৱনত ঠেকা নাখাওক মই তাৰ বাবে তেওঁলোকক যিমান পাৰিম সজাগ কৰিম ।
৯/ আপুনি কিবা সামাজিক কামত জড়িত আছেনে? যদি আছে কেনেকৈ?
➖মই সামাজিক কামৰ লগত প্ৰত্যক্ষভাৱে জড়িত নাই পৰোক্ষভাৱে থাকি যিমান পাৰি সমাজখনৰ বাবে কিছু কাম কৰি যাবলৈ সদায়েই প্ৰয়াস কৰো ।
১০/ আপুনি ভৱিষ্যতে কি কৰিব বিচাৰে?
➖ভৱিষ্যতে নিজকে এজন উদ্যোক্তা হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো ।
সাক্ষাৎগ্ৰহণ - দিপশিখা ৰাজকোঁৱৰ
অসমীয়া সাহিত্যৰ চানেকিৰ অন্যতম প্ৰিয় মানুহ। এনেদৰেই গৈ থাকক জীৱনৰ বাটত,সফল হওক।কুশলে থাকক। 🙏
ReplyDelete