শাওণৰ পদ্য-অঞ্জুমণি হাজৰিকা

ৰুই থলোঁ মোক 
তোৰ বুকুত ;
ভদীয়াবানে  উটুৱাই নিনিয়ক ,

শিপা মেলি গভীৰৰ পৰা গভীৰলৈ
চুই চাবলৈ বৰ হেঁপাহ 
তোৰ সেউজীয়া বুকু ,

কৃষ্ণচূড়া ,সোণাৰুৰ ৰং কাঢ়ি আনি
সজাও ধুসৰ গধূলি 
তোৰ আগমনত ,
মিনাকৰা সপোনবোৰ বোকোচাত বান্ধি
খোজ আগবঢ়াও 
লৈ তোৰ সৌৰভ ,
তোৰ সাহসেৰে ওখকৈ বান্ধো হৃদয়গৰা ;
খহাব নোৱাৰাকৈ সপোনৰ বৰচ'ৰা ,

তৃষ্ণাতুৰ মনৰ তৃষ্ণা নিবাৰণ হয় 
বৰষুণৰ জখলাৰে নামি আহিলেই ত‌ই ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send