মোৰ মানস পটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় ০৭-মিণ্টু হাজৰিকা

এই সময়ছোৱাতে মোৰ হৃদয়ৰ কোণত এগৰাকী অপ্সৰাই ভুমুকি মাৰি অধ্যয়নৰ বিষয়বোৰত খেলিমেলি লগাই দিছিল। অৱশ্যে এইটো মোৰ এক পক্ষীয় যেন হে পাওঁ। কাৰণ মোৰ লগত কোনো দিন সেই গৰাকী অপ্সৰাৰ প্ৰত্যক্ষ ভাৱে হওঁক বা পৰোক্ষ ভাৱে হওঁক কথাপতা বা অন্য ভাৱেও যোগাযোগ হোৱা নাছিল । এতিয়া বয়স বাঢ়ি অহাত হে বুজি উঠিছোঁ যাৰ সান্নিধ্যত মোৰ মনৰ ভিতৰত এই বীজ ৰোপন হৈছিল সেইটো কু-কৌশল তেওঁৰ চলনাহে  আছিল। উদ্দেশ্য এটাই। যি কোনো বিষয়ৰ শ্ৰেণী পৰীক্ষাত তেওঁ নপঢ়াকৈয়ে মোলৈ চাই বিনা দ্বিধাই পাছ কৰিব পাৰিছিল। তাৰ বিনিময়ত তাৰ হাতৰমুঠিত এই এপাত চলনাৰ পাশুপাত অস্ত্ৰ লুকুৱাই ৰাখিছিল। ময়ো বুজি পাবলৈ অপাৰগ আছিলোঁ।বয়সৰ ফালৰ পৰাও তেতিয়া ইমান পুৰঠ নাছিলোঁ। শ্ৰেণী পৰীক্ষাৰ অন্তত তিনিওটা বৰ্ষ পাছ কৰি অৰ্থাৎ টেষ্ট পৰীক্ষা দিয়াৰ আগত সেই বৰ্ষৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে মোৰ হৃদয়ত অঙ্কুৰণ হৈ পুৰঠ হ'বলৈ ধৰা গছজোপা অতি নিৰ্দয় ভাৱে বন্ধুজনে  সহজ এশাৰী বাক্য ব্যক্ত কৰি  কাণ চোৱাই  সেই সম্পৰ্ক শেষ হোৱাৰ কথা কয়। মনৰ ভিতৰত চাৰিও ফালে ধুমুহাৰ সৃষ্টি হৈছিল। কাকো বিশ্বাসত ল'ব নোৱাৰা হৈছিলোঁ। একোতে মন নবহা হৈছিল। মানুহ বোৰৰ প্ৰতি একপ্ৰকাৰ বিদ্ৰোহৰ সৃষ্টি হৈছিল। শেষত মাঁ-দেউতাৰ কষ্টৰ কথা চিন্তা কৰি পঢ়াত ধৰিলো যদিওঁ সময় তেতিয়ালৈ বহু পলম হোৱাত ভবা লক্ষ্যস্থান প্ৰাপ্তি কৰিব নোৱাৰিলোঁ। অৱশ্যে এই দোষৰ বাবে মই নিজেইহে জগৰীয়া।

      এনেদৰে বহু ঘাট-প্ৰতিঘাট, পোৱা-নোপোৱাৰ বহু জীয়া স্মৃতি বুকুৰ মাজত আনে নজনাকৈ  দমাই ৰাখি ২০০০ খ্ৰীঃত উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ  প্ৰাক্‌- বিশ্ববিদ্যালয়ত পঢ়াৰ বাট সুগম কৰোঁ।
           
                  ✍️মিণ্টু হাজৰিকা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send