১০ টা সাধাৰণ জ্ঞান

Rinku Rajowar
0
১.কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল?
উঃ হেমন্ত মিশ্ৰ,আমেৰিকাত।
২.কোনগৰাকী ব্যক্তিয়ে ' লেডী ডায়েনা' নাটৰ নাট্যৰূপ দিছিল?
উঃ সেৱাব্ৰত বৰুৱা।
৩.প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি?
উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
৪.গুণাভিৰাম বৰুৱাই ১৮৫৭চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
উঃ ৰাম নৱমী।
৫.ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
উঃ বিজয় চৌধুৰী।
৬.'ইউডাইনামিছ স্কোলোপাছিয়াছ' বৈজ্ঞানিক নামৰ এই পক্ষীৰ প্ৰজাতিটো অসমৰ বিহু উৎসৱৰ লগত বিশেষভাৱে জড়িত।পক্ষীবিধৰ নাম কি?
উঃ কুলি।
৭.অসমৰ চাহ নিগম কেতিয়া গঠন কৰা হয়?
উঃ ১৯৭২চনত।
৮.সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থান প্ৰাপ্ত বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ চি.টি.চি. চাহ নিলাম কেন্দ্ৰটো কি?
উঃ ১৯৭০ চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ।
৯.বৈষ্ণব ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য, পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?
উঃ চৰিত পুথি।
১০.তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?
উঃ গামোছা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)