আবেলি শেষ মুহূৰ্তত পশ্চিম
আকাশৰ অস্তগিৰিৰ টিঙত
সোণালী সন্ধিক্ষনত পৃথিৱীলৈ
নিঃশব্দে নামি আহে ৰামধেনু
সাতোৰঙী ৰঙৰ প্ৰতিছায়া।
চুচুক-চামাক কৰি লাজৰ
ওৰনি টানি নৈ খনে মেলি দিলে
একোচা ঢৌ উঠা সেউজীয়া চুলি।
প্ৰেমৰ সুৱাস ছটিয়াই দুয়ো দুয়োকে
আলিংগন কৰিলে চুমাৰে ওপচায়।
নিৰ্মল প্ৰেমৰ পবিত্ৰ বন্ধনৰ
প্ৰতিশ্ৰুতিৰে ৰামধেনু আঁতৰি গ'ল।
কৃত্ৰিম গাম্ভীয্যতাৰে বিষাদৰ সুৰ তুলি
শান্ত শিষ্ট হৈ নৈ খন বৈ গ'ল।
বেলিটো ডুবো ডুবো হৈ ওলমি ৰ'ল।
বতাহত নাচি থকা ফুলৰ মৌ বিছাৰি
ফুৰা নিলৰ্জ ভোমোৰাটোলৈ চায়।
মুহূৰ্ততে আন্ধাৰে গ্ৰাস কৰি সকলো
দৃশ্য অস্পষ্ট কৰি পেলালে।
ফুলপাহে এবুকু বিষাদ লৈ
তললৈ মূৰ কৰি চকুলো বোৱালে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ