খাদ্য ঔষধ হিচাবে গ্রহণ কৰক-হেমেন হাজৰিকা

Rinku Rajowar
0
আমি বাৰু খাই জীয়াই আছোঁ‌ নে খাবৰ কাৰণেই জীয়াই আছোঁ ? খাবৰ বাবে জীয়াই নাথাকি আমি জীয়াই থাকিবৰ কাৰণেহে খাব লাগে | মানে বাচি খাবা | কথাতে কয় নহয় বাচি খাবা জাগি শুবা | এই অনুপম জীৱনটো ইমান সহজ নহয় দেই | জীয়াই থকাৰ আনন্দ উপভোগ কৰিবলৈ হ'লে , পৰিপূৰ্ণ ভাবে জীয়াই থাকিবলৈ হলে আমি পৰিমিত আহাৰ গ্রহণ কৰিব লাগে | ভাৰত বৰ্ষৰ বিখ্যাত উদ্যোগপতি টাটা কোম্পানীৰ স্বত্বাধিকাৰ সন্মানীয় ৰতন টাটা ডাঙৰীয়াই এদিন এখন সভাত আমাৰ জীৱনত প্রয়োগ কৰিব লগা এষাৰ মহত্বপূৰ্ণ কথা কৈছিল | খাদ্য ঔষধ হিচাবে গ্রহণ কৰক , নহলে পৰবৰ্তী সময়ত আজীৱন ঔষধ আহাৰ হিচাবে গ্রহণ কৰিব লাগিব পাৰে | ভাবি চাওকচোন কথাষাৰৰ গুৰুত্ব কিমান আৰু সত্যাসত্য | বাহ কথাষাৰ জানিব পাৰি মোৰ সমস্ত শৰীৰ জিকাৰ খাই উঠিছিল | কথাষাৰক মই পূৰ্ণ শতাংশই সমৰ্থন কৰিছোঁ | যিয়ে পুৱা  বিচনাৰ পৰা উঠাৰ পৰা পুনৰ বিচনালৈ যোৱাৰ আগলৈকে ডাক্টৰৰ পৰামৰ্শ মতে কেইবাবিধো ঔষধ সেৱন কৰিব লাগে | আগতে কথাষাৰ সিমান ভাবি চোৱা নাছিলোঁ , ডাক্টৰে দিছে খাইছে তাত আৰু ভাবিব লগীয়া কি আছে | কিন্তু এতিয়া টাটা মহাশয়ৰ কথাষাৰ জনাৰ পিছত ভাবি চাইছোঁ তেখেতে বাৰু ঔষধ খাদ্য ঔষধ হিচাবে গ্রহণ কৰা নাইনে ? ৰোগৰ পৰা মুক্তি পাবলৈ ঔষধ গ্রহণ কৰিব লাগিব | সেই ঔষধ সমূহৰ পাৰ্শ্বক্ৰিয়া ঘটি পুনৰ অধিক ঔষধ গ্রহণ কৰিব লগা নহ' বনে বাৰু ? তেতিয়া হলে আমি জীয়াই থাকিবৰ কাৰণে গ্রহণ কৰিব লগা খাদ্যত কিমান সতৰ্ক আৰু সজাগ হ'ব লাগে | এদিনৰ সজাগতাই আমাক কিমান সহায় কৰিব পাৰে | আগৰ সময়ত সকলো খাদ্য নিৰ্ভেজাল আছিল জনসংখ্যা আছিল তাকৰ | বস্তু সমূহ পৰ্যাপ্ত পৰিমানত পোৱা গৈছিল | কিন্তু আজিৰ দিনটোত থিয় হৈ আমি যদি নিজক প্রশ্ন কৰো আমি বাৰু কিমান সতেজ আৰু ভেজালহীন খাদ্য গ্রহণ কৰিব পাৰিছোঁ | জনজীৱনৰ স্বাস্থ্যৰ প্রতি ভাবুকি অনা , নিজৰ বেছি অৰ্থনৈতিক লাভালাভৰ বাবে কি যে নকৰে মানুহে | মাছ , মাংস, কণী , পনীৰ একেলগে দকচি খায় | কয় কি ক'ব মাছ মাংস নহলে ভাত খাবই নোৱাৰোঁ জানে , এয়া এচাম মানুহৰ বক্তব্য | বাৰীত থকা কচুঁ ,ঢেকীয়া , মানিমুনি , নৰসিংহ , পদিনা , টেঙেচীটেঙা , ভেবেলী লতা এইবোৰ আমি নাখাওঁ | তিল চাটনি ক'লা খাব নোৱাৰি , নেমুৰ চৰবত খাব নোৱাৰি টেঙা | পেপচি, কককেলা , ফেণ্টা , মিৰিণ্ডা বটলে বটলে খাবলৈ চাওঁ | তাৰ ফলত হ'ব পৰা ক্ষতিৰ কথা আমাৰ ভাবিবলৈ অৱকাশ নাই | কেৱল খাওঁ আৰু খাওঁ , ভাবিবলৈ নাই | আচলতে আমি খাইহে মৰো | এষাৰ প্রবচন আছে খাই মৰে নাখাইও তৰে | জীৱ খাদ্যৰ ওপৰত নিৰ্ভৰশীল | আমি খাদ্য খাবই লাগিব | কিন্তু সেইবুলি একো নোচোৱাকৈ কেৱল ডিঙিলৈকে একেলগে সকলো বস্তু খোৱা স্বভাৱৰ বাবে আমাৰ স্বাস্থ্যত বিৰোপ প্রভাৱ পৰে | আমাৰ সমাজত কিছুমান নীতি নিয়ম আছে , তিথিয়ে পক্ষই কি বস্তু খাব লাগে কি বস্তু খাব নালাগে তাক চাই চিন্তি চলাৰ | যিটো তিথিত যিটো বস্তু নিষিদ্ধ সেই খোৱাৰ পৰা বিৰত থাকিব লাগে | তাকে নকৰি সেইদিনা সেইটো বস্তু খোৱাৰহে ধুম উঠে | আমি সাৱধান হব'লৈ নিশিকিলোঁ |
   যেতিয়া বিপদ আহে তেতিয়াহে কওঁ অন্তেক পাইলেক আশি ৰক্ষা কৰা হৰি | তেতিয়া কিমান যে বাণী , মনত তেতিয়াহে পৰে | গতিকে আমি ঔষধক খাদ্য হিচাবে গ্রহণ কৰিব লগা পৰিস্থিতিলৈ যাতে যাবলগীয়া লগা নহয় তাৰ প্রতি আমি নিজে সজাগ আৰু সচেতন নহ'লে বিপদ আমাৰেই | কোৱা শুনিছোঁ সকলো বেমাৰ আজাৰৰ মূল হ'ল আমাৰ খাদ্য | সহজ লভ্য বস্তু প্রতি আমাৰ আকৰ্ষণ বেছি | পৰাপক্ষত তাক আমি এৰাই চলিব পাৰিলে সকলোৰে মংগল | কিছুমান বস্তুত preservatives বস্তু দি বহু দিনলৈ সংৰক্ষণ কৰি থোৱা খাদ্যও এৰাই চলিব লাগে | পেকেটিং বস্তু খোৱাটো আমাৰ কাৰণে ভাল নহয় | কিন্তু কাক কম কোনে শুনিব | যিহে আকৰ্ষণীয় আৰু লোভনীয় বিজ্ঞাপন দিব নাখায় পাৰেনে ? ইয়াৰ ফলত আমাৰ নৱ প্রজন্ম বেছি পৰিমানে ক্ষতিগ্রস্ত হৈছে | fast food ৰ আষক্তিয়ে আমাৰ যে আৰু কি বিপদ মাতিছে সেয়া সহজে অনুমেয় | সেয়া আমাৰ বাবে ভাল কথা নহয় | আমি নিজে সচেতন নহলে আমাক কোনে সজাগ কৰিব |
   সপ্তাহত এসাজ উপবাসে থকাটো বোলে আমাৰ পাচন তন্ত্ৰৰ বাবে উপকাৰী বুলি কোৱা শুনিছোঁ | এয়া বাৰু এক প্রকাৰ সচেতনতা , সাৱধান বাণী নহয়নে ?
    শৰীৰৰ পৰিপুষ্টিৰ বাবে আমি সকলো প্রকাৰৰ খাদ্যই নিয়মিত ভাবে গ্রহন কৰিব লাগিব | ফল মূল মাছ মাংস শাক পাচলী সকলো | সেইবুলি নিজক বচাই , ঔষধ হিচাপেহে | পোৱাৰ লগে লগে দকা হকা দি পিছলৈ নোচোৱাকৈ খাদ্য খোৱাৰ পৰিনাম আমি ভোগ কৰিব লাগিব  |

       কাব্যশ্রী হেমেন হাজৰিকা
                 মিৰ্জা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)