" প্ৰথমে প্ৰণামো আই সৰস্বতী
দ্বিতীয়ে প্ৰণামো হৰি
তৃতীয়ে প্ৰণামো গাঁৱৰ বুঢ়া - মেথা
ধৰি যাওঁ নামৰে গুৰি। "
বিহুনাম গাবলৈ আৰম্ভ কৰোঁতে এনেদৰে আই সৰস্বতীক আৰাধনা কৰে। আই বুলিলে নিজৰ মাতৃক বুজায় । নিজৰ মাকক মা বুলি মাতিলেও আগৰ দিনত আই , বৌ , ব'তি , আইতা বুলিহে সম্বোধন কৰিছিল । সেয়ে কোৱা হয় " আইৰ সমান হ'ব কোন , নৈৰ সমান ব'ব কোন " , "আয়ে চায় মুখলৈ , ঘৈণীয়ে চায় হাতলৈ " , " আইলৈ যেই হাত , বাইলৈ সেই হাত " ইত্যাদি । আনহাতে মাতৃ স্থানীয় মহিলাক আই বুলি কোৱাৰ দৰে ঈশ্বৰৰ ভাৰ্যা গুৰু পত্নী , জ্যেষ্ঠজনে নিজতকৈ সৰু ছোৱালীকো মৰমেৰে আই বুলি সম্বোধন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ মাধৱদেৱলৈ নিজৰ কন্যা বিষ্ণুপ্ৰিয়াক কালিন্দী আয়ে বিয়া দিয়াৰ কথা চিন্তা কৰাৰ উমান পাই মাধৱদেৱে গুৰুকন্যাক আই বুলি সম্বোধন কৰিছিল আৰু বিয়াৰ কথা তল পেলাইছিল।
অসমীয়া সমাজত বিশেষভাৱে শ্ৰদ্ধা - ভক্তিৰে দেৱীসকলকো আই বুলি কোৱা হয় । যেনে -- আই দুৰ্গা ,আই গোঁসানী , সৰস্বতী আই , লক্ষ্মী আই , অপেচৰী আই , পাৰ্বতী আই , মনসা আই, কামাখ্যা আই ইত্যাদি । বসন্ত ৰোগকো ' আই ' ওলোৱা বুলি বহুত মানুহে কয়। যেনে -- সৰু আই , মাজু আই আৰু বৰ আই । অভিধান অনুসৰি নুতি, পানী চামৰীকো আইৰ তালিকাত ধৰা হয় । বৰ আই ইতিমধ্যে পৃথিৱীৰ পৰা লুপ্ত হৈছে । জনবিশ্বাস অনুসৰি সাতগৰাকী আইৰ কোপদৃষ্টিত পৰাৰ ফলত বসন্ত ৰোগ হয় । ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকিলেও লোক বিশ্বাসৰ ভেটিত গঢ় লৈ উঠা পৰম্পৰা অনুসৰি বা পুৰণি কালৰে পৰা মানি অহা বিশ্বাস অনুসৰি গোপিনীসকলে আইনাম গাই ' আই সবাহ' পাতে। আই সবাহক বহুতে 'শীতলা সবাহ' বুলিও কয়। এই আইনামবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে চলি আহিছে । ইয়াৰ কোনো নিৰ্দিষ্ট ৰচক বা সময়ৰ উল্লেখ নাই। আইনাম এবিধ অনুষ্ঠানমূলক গীত । অসমৰ লোক - সাহিত্যৰ অন্তৰ্ভুক্ত আইনামত ধৰ্ম-বিশ্বাস আৰু লোক-বিশ্বাসৰ মণি-কাঞ্চন সংযোগ ঘটিছে বুলিব পাৰি । আমাৰ সমাজত শক্তি ধৰ্মই সৃষ্টি কৰা মহামায়াৰ সাত-ভনী, ন-ভনী, বাৰ-ভনী আদি লোক-বিশ্বাস আৰু পৰম্পৰাৰ সৃষ্টি । সেয়ে আইসকলক কাতৰ প্ৰাৰ্থনা জনাই গোৱা হয় .....
" মুৰত ফুলৰ চৰু লৈ ভৱানীক আদৰোঁগৈ
আহিছে ভৱানী জগত জননী
ছায়া দি ৰাখিবলৈ ।......"
" উজায়ে আহিলে আইৰে সাতো ভনী
চটাই পৰেবত জুৰি,
তৰু - তৃণ - লতা সবে দোঁৱাই মাথা
আই আহিবৰে শুনি । "
" আসন পাৰি দিয়া বহক মহামায়া
থাকক হৰি কথা শুনি ।
সকলো গোপীয়ে একেটি চিতেৰে
বোলোঁ দুৰ্গতিনাশিনী।।"
মানুহৰ কল্পনা প্ৰবণ মনে কামাখ্যা আই থকা বুলি বিশ্বাস কৰে। এই আয়েই দুৰ্গা দেৱীৰ অন্য ৰূপ । বসন্ত ৰোগৰ অধিষ্ঠাত্ৰী দৱী বুলি ভবা শীতলা দেৱী মহামায়া শক্তিৰূপিনী দুৰ্গা বুলি ভবাৰ বাবেই নাৰীসকলে কাতৰ কণ্ঠে তুতি - মিনতি কৰি আইনাম গায় .......
" উজায়ে আহিলে আইৰে সাতো ভনী
বসন্তে বা বলায় ,
বনৰ বন পাতে ল'মে মাথা দোঁৱাই
সাগৰেও জলে যোগায় ।”
আইক বিভিন্ন জাতি - জনগোষ্ঠীয়ে বিভিন্ন ধৰণে মানে । সেই বাবে এই অনুষ্ঠান পালনত যথেষ্ট পাৰ্থক্য দেখা যায়। সাধাৰণতে গোপিনীসকলে ফুল , আখৈ , পায়স , সান্দহ , কল - কুঁহিয়াৰ , বস্ত্ৰ - অলংকাৰ দি , ধূপ - দীপ জ্বলাই , শৰাই পাতি নাম লয়.......
" পায়স পিঠাগুৰি বঢ়ায় কেনে কৰি
আয়ে বা কেনেকৈ লয়,
মই মহাপাপী আয়ে ধৰা চাপি
তেহে জীৱ সফল হয়। "
" আই নাম সুমলা দিছে ফুলৰ মালা
পানী হেন কৰিব গা ,
আই মহামায়া দুখীয়াৰ পুতলা
ধূলা দি কৰিব দয়া । "
পুৰণি নাৰী সমাজত বিশেষকৈ গ্ৰাম্য অঞ্চলত আইৰ প্ৰভাৱ অসীম । আইক সন্তুষ্ট কৰিবলৈ গোপিনীসকলে কাতৰ কণ্ঠে প্ৰাৰ্থনা কৰে .....
" কৈলাসত আছিলা চামুণ্ডা গোসাঁনী
তোমাৰ নাম আছিল সতী।
স্বামী ভাগ নেদেখি প্ৰাণকো ত্যজিলা
এই জনমে হৈলা পাৰ্বতী।। "
" পুষ্প দি পূজিলোঁহেঁতেন ভ্ৰমৰে চুম্পিলে,
দুগ্ধ দি পূজিলোঁহেঁতেন দামুৰীয়ে পিলে । "
আইক দিব খোজা প্ৰকৃতি প্ৰদত্ত প্ৰতিটো বস্তুৱেই ' চুৱা ' বাবে আইক গোপিনীসকলে নামেৰে পূজিবলৈ চেষ্টা কৰে ........
" নামেৰে পূজিম আই গধূলি ও পুৱা । "
" পদূলি মূৰতে কলীয়া তুলসী এ'
পাতে টলেবলে কৰে ।
আইৰে পাৰিষদ গোপিনীসকলে
নামেৰে শুশ্ৰূষা কৰে ।।"
আইনামবোৰত চামুণ্ডা গোসাঁনী , ভগৱতী , শীতলা গোসাঁনী , ভৱানী, পাৰ্বতী , সতী , দুৰ্গা নাৰায়ণী , মহামায়া আদি নামৰ উল্লেখ থকা দেখা যায় । আইনাম গাই গোপিনীসকলে আইক সন্তুষ্ট কৰিবলৈ কাতৰে প্ৰাৰ্থনা জনায় .......
"আই যায় দ'ললৈ আসন থ'ম কালৈ এ
গোপিনী তুলি থৈ যোৱা ,
আইৰে চৰণে শৰণ পশিলোঁ
দুখীক দয়া কৰি যাবা ।"
" মাটিতে বাগৰি মই কৰোঁ কাকূতি
অজ্ঞান বালকৰ হৈ ।
অজ্ঞান বালকে কিবা দোষ কৰিলে
ৰক্ষা কৰা ভগৱতী আই ।।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ