ৰিচাৰ্ড এটেনব'ৰৰ গান্ধী-অভিজিত শেনচোৱা

পংখী মৰাণ
0
ৰিচাৰ্ড এটেনব'ৰৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত গান্ধী চলচ্চিত্ৰই ভাৰতবৰ্ষত মুক্তি লাভ কৰিছিল ১৯৮২ চনৰ ৩০ নৱেম্বৰ তাৰিখে । ব্ৰিটেইনত এই চলচ্চিত্ৰই মুক্তি পাইছিল ২ ডিচেম্বৰ ১৯৮২ চনত । য'ত উপস্থিত আছিল ৰাজকুমাৰ চাৰ্লছ আৰু তেওঁৰ সহধৰ্মিণী ৰাজকুমাৰী ডায়েনা ।  
     অস্কাৰ বিজয়ী গান্ধী চলচ্চিত্ৰ নিৰ্মাণৰ আঁৰত আছিল পৰিচালক প্ৰযোজক ৰিচাৰ্ড এটেনব'ৰৰ এক দীৰ্ঘদিনীয়া সপোন । এওঁৰ পূৰ্বে দুজন চলচ্চিত্ৰ নির্মাতাই গান্ধীজীৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহিছিল । তাৰে এজন আছিল হাংগেৰীৰ চলচ্চিত্ৰ নিৰ্মাতা গেবৰীয়েল পাস্কাল । পাস্কালে ১৯৫২ চনত সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে এক চুক্তি কৰে । আৰু এই চুক্তি মৰ্মে গান্ধীজীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম হাতত লোৱা হয় যিখনৰ প্ৰযোজক হ'ব পণ্ডিত জৱাহৰলাল নেহৰু আৰু পৰিচালনা কৰিব পাস্কালে । কিন্তু দুৰ্ভাগ্যজনক ভাৱে ১৯৫৪ চনত গেবৰীয়েল পাস্কালৰ মৃত্যু হোৱাত গান্ধীজীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া চলচ্চিত্ৰ খনৰো মৃত্যু হয় । 
        ১৯৮২ চনত মুক্তিপ্ৰাপ্ত গান্ধী চলচ্চিত্ৰখন নিৰ্মাণৰ প্ৰাৰম্ভিক কামৰ পৰা মুক্তি দিয়ালৈকে ৰিচাৰ্ড এটেনব'ৰক মুঠ ১৮ বছৰ সময়ৰ প্ৰয়োজন হৈছিল । ১৯৬২ চনত ভাৰতৰ হৈ অসামৰিক সেৱা আগবঢ়োৱা মতিলাল কোঠাৰিৰ পৰা এটেনব'ৰে এক ফোন কল লাভ কৰে  য'ত মতিলাল কোঠাৰিয়ে তেওঁক গান্ধীজীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ পোষকতা কৰে । ইয়াৰ পূৰ্বে এটেনব'ৰে ১৯৫১ চনত মুক্তিপ্ৰাপ্ত মহাত্মা গান্ধীৰ ওপৰত লিখিত লুইছ ফিছাৰৰ কিতাপ 'দ্যা লাইফ অফ মহাত্মা গান্ধী' পঢ়ি গান্ধীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথা পোষকতা কৰে। অৱশেষত তেওঁ পণ্ডিত জৱাহৰলাল নেহৰু , ইন্দিৰা গান্ধী আৰু ভাৰতৰ শেষজন ভাইচৰয় লৰ্ড লুইছ মাউন্টবেটেনৰ সহায় লয় আৰু ভাৰতৰ লগতে ব্ৰিটেইনৰ সহযোগত সন্মিলিতভাৱে গান্ধী চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে । ১৯৬৪ চনত জৱাহৰলাল নেহৰুৰ মৃত্যুত এই কামত কিছু বাধাৰ সৃষ্টি হয় যদিও ৰিচাৰ্ড এটেনব'ৰে এইবাৰ হাৰ নামনিলে ।  জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ১৯৭৬ চনত টকা পইচাৰ সংক্ৰান্তত এটেনব'ৰ আকৌ থমকি ৰ'ব লগীয়া হয় । ইপিনে ১৯৭৫ চনৰ পৰা ভাৰতত আৰম্ভ হোৱা জৰুৰীকালীন অৱস্থাৰ হেতুকে চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ পৰা পাব লগীয়া ধনৰাশি দিয়াত পলম হয় । ১৯৭৬ চনত চিনেমাখন নিৰ্মাণৰ বাবে NFDC ৰ পৰা পাব লগীয়া প্ৰথম কিস্তি প্ৰায় ১০ মিলিয়ন টকা সহ প্ৰযোজকে বিচাৰে যদিও এই টকা ১৯৮০ চনতহে দিবলৈ ভাৰত চৰকাৰ সক্ষম হয় । অৱশেষত বহু বাধা-বিঘিনি নেওচি ভাৰতৰ NFDC আৰু বিদেশী চলচ্চিত্ৰ প্ৰযোজনা সংস্থা Goldcrest Films (ব্ৰিটিছ চলচ্চিত্ৰ প্ৰযোজনা সংস্থা । এই সংস্থাই গান্ধী চলচিত্ৰ নিৰ্মাণত ২/৩ অংশ ধন ব্যয় কৰিছিল ) আৰু Indo-British Films ৰ আৰ্থিক সাহাৰ্য্যৰ ভিত্তিত ১৯৮০ চনৰ ২৬ নৱেম্বৰৰ পৰা গান্ধী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ হয় আৰু এই দৃশ্যগ্ৰহণ  ১০ মে' ১৯৮১ চনলৈকে চলে । বহু বাধা-বিঘিনিৰ অন্তত অৱশেষত ১৯৮২ চনৰ ৩০ নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ দিল্লীত এই চলচ্চিত্ৰৰ শুভ মুক্তি দিয়া হয় । সেই বছৰৰে ২ ডিচেম্বৰ তাৰিখে লণ্ডনত এই চলচ্চিত্ৰই মুক্তি পায় ।  ৰিচাৰ্ড এটেনব'ৰে মতিলাল কোঠাৰি , মাউণ্টবেটেন জৱাহৰলাল নেহৰুৰ নামত এই চিনেমা উচৰ্গা কৰে ।
      দিল্লী আৰু মুম্বাইত এই চলচ্চিত্ৰৰ টেক্স ফ্ৰী কৰা হয় আৰু এই চলচ্চিত্ৰখনে সেই সময়ত ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শাৰীত স্থান লাভ কৰে । ভাৰতবৰ্ষত এই চলচ্চিত্ৰই প্রায় ১০০ কোটিৰ অধিক টকা অৰ্জন কৰে । আৰু বিশ্বৰ বক্স অফিচ ৰেকৰ্ড মতে এই চলচ্চিত্ৰ হিট চলচ্চিত্ৰৰ স্থান লাভ কৰে ।
       ৫৫ সংখ্যক একাডেমী এৱাৰ্ডত গান্ধী চলচ্চিত্ৰই মুঠ ১১ টা শিতানত মনোনয়ন লাভ কৰে আৰু মুঠ ৮ টা অস্কাৰ বা একাডেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় । শ্ৰেষ্ঠ পৰিচালক , শ্ৰেষ্ঠ অভিনেতা , শ্ৰেষ্ঠ চলচ্চিত্ৰ , শ্ৰেষ্ঠ চিত্ৰনাট্য , শ্ৰেষ্ঠ কলা নিৰ্দেশক , শ্রেষ্ঠ সম্পাদনা ,  শ্ৰেষ্ঠ সাজ-সজ্জা আৰু শ্ৰেষ্ঠ স্ক্ৰীনপ্লে শিতানত এই চলচ্চিত্ৰই অস্কাৰ লাভ কৰে । ভানু আঠাইয়াই শ্ৰেষ্ঠ সাজ-সজ্জা বিষয়ত অস্কাৰ লাভ কৰি ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনে । তেৱেই অস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় । গান্ধী চলচ্চিত্ৰৰ শেষৰ ক্লাইমেক্স অংশটোৱে গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । গান্ধী চলচ্চিত্ৰ NFDC ৰ শ্রেষ্ঠ চলচ্চিত্ৰৰ এখন বুলি গণ্য কৰা হয় । প্ৰতিবছৰে ১৫ আগষ্ট তাৰিখে দিল্লী দূৰদৰ্শনত প্ৰচাৰিত এই চলচিত্ৰৰ IMDB ৰেটিং হল বৰ্তমান সময়ত ১০ অংকৰ ভিতৰত ৮২,৯৮১ ভোটেৰে ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)