মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক-সুকন্যা সোনা

Rinku Rajowar
0
কৃষ্ণচূড়াৰ ৰঙিলী হাঁহিৰে
আল্পনা আঁকি মোৰ কলিজাত দুহাতেৰে
কঁহুৱাৰ নাচোন নচা দি,
সুখবোৰৰ হিয়াৰ সোমাজত খুন্দিয়াখুন্দি ।
স্বপ্নাতুৰ বলীয়া বতাহত
সুখবোৰৰ লুটি বাগৰ
তোমাক পোৱাৰ হেঁপাহত
অজস্ৰ বৰ্ণিল স্বপ্নৰ খোপনি মনত।
নিশাৰ নিস্তব্ধতাৰ সুযোগত
স্বপ্নীল নগৰীৰ কোনোবা এটি কোণত
সদায় তোমাৰ মোৰে মিলনৰ উৎসৱ পাতোঁ ।
নিৰৱে সুখে তোমাৰ স'তে ওমলোঁ ।
কুঞ্জবনৰ সিটোমূৰৰ শেৱালিজুপিত
পূৰ্ণাকাৰ জোনটিৰ সৌন্দৰ্য্যত হৈ সন্মোহিত
তোমাৰ উষ্ম উদং বুকুত 
সদায় জিৰণী লয় মোৰ ভালপোৱাবোৰ ।
স্বপ্নীল সাগৰৰ তুমি নীল সদাগৰ
স্বাদহীন জীৱনৰ তুমিয়েই একমাত্ৰ শান্তি-সুখ-ৰগৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)