নেদেখা ভাও জুৰি ?
নিদিয়ে কোনেও এষাৰি মাত
চাই দুখৰ বাতৰি।
দেখিও মানুহে নেদেখা ভাও ধৰে
বিপদত পৰিলে।
চিনিও নিচিনোঁ সততে ভাও ধৰে
আশ্ৰয় খুজিলে।
কেৰেপ নকৰে কোনেও
অৰ্থহীনতাত পৰিলে।
অৰ্থই মানুহক অন্ধ কৰিলে
অহংকাৰে খালে।
যদিও পেটত তয়াময়া ভোক
কোনে বুজিব দুখ ?
ভাগৰি পৰিলোঁ ভোকৰ তাৰণাত
বেঁকা পৰিল মুখ।
হায় ! ক্ষন্তেকীয়া জীৱনৰ দুখ
নাপালে লেশমানো সুখ।
যিদিনা অন্ত পৰিব জীৱনৰ সহস্ৰ শোক
এনেই শতজনে প্ৰকাশিৱ দুখ।
✍️আব্দুল হাই