স্বাধীনতা-চিন্ময় ডেকা

পংখী মৰাণ
0
স্বাধীনতা 
আমাৰ জন্মগত অধিকাৰ
জন্মসূত্ৰে প্ৰাপ্তি লাভৰ এক পদ মৰ্যদা
মাথোন ই আমাৰ
জীৱনৰ ন্যূনতম বৰ্ণমালা ।

স্বাধীনতা 
আমাৰ বিজয়ৰ কৃতিত্ব
নিবিড় উল্লাসৰ এক তথ্যচিত্র
ই আমাৰ পৰিয়ালৰ একোটি অংশ
য'ত , সুখে-দুখে , শয়নে-সপোনে দৃঢ় বন্ধনৰ বিচিত্ৰ ।

স্বাধীনতা 
আমাৰ প্ৰীতি কীৰ্তিস্তম্ভ 
বাক-স্বাধীনতাৰ অন্তৰালত
আমাৰ মুক্ত চিন্তাৰ চেতনা জাগ্রত 
হয় প্ৰতিপল , সৌহাৰ্দপূর্ণ আন্তৰিকতা ।
ই আমাৰ বাবে আত্মৰক্ষা অস্ত্ৰৰ সঞ্জীৱনী
য'ত সমাজৰ , এক দৃঢ় পৰিপক্কৰ আত্মজীৱনী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)