ফুলশয্যাৰ নিশা(খণ্ড নং-১৩)~তীর্থ পিণ্টু বৰা

©Admin
0
 কেতেকীৰ মাতত মানুহৰ মনবোৰ ৰাইজাই কৰিছে.., বিহুলৈ আৰু দুটা দিন বাকী....., ইটো সিটো সামাজিক কামত ঘূৰি ফুৰোতে মৃণালিনীয়ে পাহৰি গৈছিল নীহাৰ প্ৰতি থকা দায়িত্ব...., নীহাইও মুখখুলি একো কোৱা নাছিল...., মুখখন ফুলাই ফুলনিৰ ঝুলনাখনতে আমন - জীমনকৈ বহি আছিল, মৃণালিনীয়ে লক্ষ্য কৰিছিল হাঁহিমুখীয়া ছোৱালীজনীয়ে হাঁহিবলৈ পাহৰিছে...., সেয়া যে নীহাৰ অভিমান বুজিবলৈ মৃণালিনীৰ বেছি সময় নালাগিল, এখোজ দুখোজ কৰি নীহাৰ কাষ চাপি গ'ল, মাকৰ উপস্থিতি অনুভৱ কৰি নীহা উচাত মাৰি উঠি গৈছিল...

: কি হ'ল...! মুখখন যে ফুলাই থৈছা...., মৃণালিনীয়ে বৰ মৰম লগাকৈ ক'লে,
: একো হোৱা নাই, মই ঠিকেই আছোঁ
: তই মাৰৰ চকুত ধূলি দিব নোৱাৰ...! মই লক্ষ্য কৰিছোঁ আজি দুদিনমানৰ পৰা তই বৰ মন মাৰি আছ, অৱশ্যে মই কাৰণটো বিচাৰি পাইছোঁ...
: যদি কাৰণটো বিচাৰি পাইছাই.., তেন্তে মোক কিয় সুধি আছা.....!
: মই ঠিকেই ধৰিছোঁ...., বিহুৰ বজাৰ কৰিবলৈ যোৱা নাই বাবেই তই মনটো মাৰি আছ...! 
: মাঁ...! তুমি কেনেকৈ মোৰ মনৰ কথাবোৰ বুজি পোৱা......,
: মই যে তোৰ মাৰ....! বাৰু সেইবোৰ বাদ ..., বজাৰলৈ যাম তই ৰেডী হগৈ...
    
       ৰঘুনাথে গাড়ীখন উলিয়াই হৰ্ণ বজাই আছে....., গৈ আছোঁ..! কিয় হৰ্ণটো বজাই আছ...,খত খত শব্দ কৰি মৃণালিনী নামি আহিল..,  
: মাঁ..! তুমি যে আজিকালি বৰ দেৰি কৰা , 
: বজাৰৰ লিষ্টখন বিচনাত থাকি আহিছিল, সেইখন বিচাৰি ফুৰোঁতেই দেৰী হৈ গ'ল, ব'ল ব'ল ৰঘুনাথ..., 
: তাৰমানে তুমি ঢেৰ বজাৰ কৰিবা..! 
: চাদৰ চল্লিছখন মান কিনিব লাগিব, ৰঘুনাথ তোক কি লাগিব..., কাপোৰ নে পইচা..
: আপুনি যি দিয়ে বাইদেউ..! সেয়াই হ'ব..
: তেন্তে এটা কাম কৰিবি..., বৰহোলাতে গাড়ীখন ৰখাই দিবি..., প্ৰথম চাদৰ কেইখনকে লৈ ল'ম..
: হ'ব বাইদেউ...! 
: নীহা... তই কিবা কিনিবি নেকি ককা আইতাৰহতলৈ....! আইতাহঁতলৈ মই চল্লিছখন চাদৰ আৰু ককাহঁতলৈ বিশখন চুৰিয়া ল'ম..., 
: তুমি কাপোৰ দিলাই যেতিয়া মই বিহুৰ দিনা খাবলৈ জলপানৰ খৰচটোকে দি দিম.....,
: জলপানৰ কথাটো মই পাহৰিছিলোঁৱেই....

          ৰঘুনাথে গাড়ীখন ৰখাই দিলে... বাইদেউ আপোনালোকে বজাৰ কৰি লওঁক..., মই অলপ আগত গাড়ীখন পার্ক কৰি দিছোঁ...; চাদৰ আৰু চুৰিয়া কেইখন কিনাৰ পাছত  মৃণালিনী "চিটি মাৰ্ট"ত সোমাল , নীহাই তাইৰ পছন্দ অনুসৰি লং কুৰ্তা দুটা..., আৰু লেহেঙ্গা এযোৰ ল'লে..., ৰঘুনাথলৈ বুলি চাৰ্ট পেন্ট এযোৰ ল'লে..., চিটি মাৰ্টৰ পৰা ওলায়ে মৃণালিনীয়ে মঞ্জু টেইলৰ পৰা চিলাবলৈ দিয়া পাটৰ মেখেলা আৰু দহি গুঠা ৰিহাখন ল'লে,, বস্তুবোৰ গাড়ীত থৈ ৰঘুনাথক লগত লৈ নীহাই চিৰা দহকেজি আৰু মুৰী চাৰীকেজিও কিনি আনিলে..., 

 : বাইদেউ আৰু কিবা বজাৰ কৰিব লগা আছে নেকি..... ৰঘুনাথে ক'লে
: আৰু একো নাই, গাখীৰৰ কলহ কেইটা তুমি কাইলৈ আনিলেও হ'ব..... ভীৰৰ মাজে মাজে গাড়ীখন আগবাঢ়ি যাবলৈ ধৰিলে, কিছুদূৰ যোৱাৰ পাছত নীহাই আৰম্ভ কৰিলে

: মোৰ খেলখন আৰম্ভ হৈছে মাঁ...! আৰম্ভণি ভালেই হৈছে...., 
: অ' হয়নেকি...! কিন্ত অলপ সাৱধানে খেলখন খেলিবি..., এই চলিহানীয়ে আজিলৈকে কোনো খেলতে হাৰ মনা নাই..., আচলতে মই হাৰ মানিব নিবিচাৰোঁ..., বাটৰ জেং কেনেকৈ আঁতৰ কৰিব লাগে মই ভালকৈ জানোঁ...
: তুমি চিন্তা নকৰিবা, অভিনেতাজন বৰ পাকৈত, কিন্তু অভিনেত্ৰী গৰাকীহে বৰ সহজ....., বেচেৰী.....! নূপুৰজনীলৈহে বেয়া লাগে......, খিলখিলাই হাঁহিলে নীহাই.....! তোমাৰ কাম কিমান আগবাঢ়ি গৈছে...., 
: মোৰ কামটো বিহুতে আকৌ আৰম্ভ কৰিম, তই মাত্ৰ সাজু হৈ থাকিবি , বিহুত নিশ্চয় ৰক্তিম ঘৰলৈ আহিব...., মনাৰ মনত সন্দেহৰ বিজটো বিহুতেই ৰোপন কৰিব লাগিব, বসন্তৰ ন পৰশত গছে যেনেকৈ কুঁহিপাত মেলে তেনেকৈয়ে মনাৰ মনটো ৰক্তিমৰ প্ৰতি সন্দেহ উপজিব..., সন্দেহ....! এই বস্তুটো বৰ বেয়া বস্তু অ' নীহা...! স্বামী স্ত্ৰীৰ মাজত যেতিয়া সন্দেহৰ বীজ ৰোপন হয় তেতিয়া স্বামী স্ত্ৰীৰ মধুৰ সম্পৰ্কত ফাট মেলে..., গৰু বিহুৰ দিনাই আবেলি সময়ত তই ৰক্তিমৰ ঘৰলৈ যাবি..., আৰু চলে বলে কৌশলে ৰক্তিমৰ শুৱনি কোঠালৈ সোমাই যাবি....., পাচৰখিনি চাগৈ তই নিশ্চয় বুজি পাইছ.......!
: আইডিয়াটো বেয়া নহয়..., মই ৰক্তিমক ফোন কৰি জনাই দিওঁ...
: মূৰ্খামী নকৰিবি...! একো খৱৰ নিদিয়াকৈ যাবি..,  তই খৱৰ দিলে ৰক্তিমে কিবা অজুহাত দেখুৱাই তোক যাবলৈ মানা কৰি দিব....
: অৱশ্যে সেইটো হয়...! 
: ৰঘুনাথ গাড়ীখন আশ্ৰমত ৰখাই দিবি..., চিৰা মুৰী কেইটা ইয়াতে থৈ যাম..., 
: বাইদেউ আপোনাৰ এই মহানুভৱতাক শলাগ নলৈ নোৱাৰি, নিজৰ পুতেক বোৱাৰীয়েকে অৱহেলা কৰা এই বৃদ্ধ সকলক আপুনি নিজৰ মাক দেউতাকৰ দৰে যত্ন লৈছে, বিহুত উপহাৰ দিছে...., আপুনি সচাকৈ মহান বাইদেউ..., 
: তই যে কি কথাবোৰ কৈছ...... তোক মৰম নকৰোঁ নেকি....!
: নকৰে বুলি ক'লে মোক ভগৱানে শাস্তি দিব..., আপুনি মোক নিজৰ ল'ৰাৰ দৰে শাসন কৰে , মৰম কৰে , ইয়াতকৈ আৰু মোক কি লাগিছে বাইদেউ..
: হ'ব...! ব'ল এতিয়া..., কাইলৈ ৰাতিপুৱা গাখীৰৰ টেকেলী কেইটা আনিবলৈ নাপাহৰিবি.., 
: আপুনি চিন্তাই নকৰিব বাইদেউ...! 

             ঘৰ গৈ পায়েই নীহাই মুখ হাত কেইটা ধুই , বিচনাতে অলপ বাগৰ দিলে..., তেতিয়া প্ৰায় আঠ বাজিছিল, ব্যস্ত চহৰখন নিস্তব্ধ হৈ গৈছিল, ফৰকাল আকাশ.., পূৰ্ণিমাৰ জোন..., 

:তোৰ টোপনি গ'ল নেকি...! মৃণালিনীয়ে নীহাক সুধিলে,
: নাই...! কিয়..?
: ৰঙা চাহ একাপ খাবলৈ মন গৈছিল...., কিন্ত চাহ কাপ কৰিবলৈ এলাহ লাগিছে..., 
: সেইটোকে কোৱা..! তুমি ইয়াতে বহা...! মই আদা দি চাহ একাপ কৰি আনো....!


              নীহা চাহ কৰিবলৈ বুলি পাকঘৰলৈ গ'ল, গেছ স্ত'ভটো জ্বলাই চাহৰ চছ্‌পেনটো তুলি দিলে..., নীহা তোৰ ফোন আহিছে...., ঋত্বিকে ফোন কৰিছে...., শুনিচনে....! মাতষাৰ শুনিয়েই নীহাই গেছটো কমাই ওলাই আহিল...,
: তুমিও যে আৰু দেই মাঁ..., চিঞৰি থকাতকৈ ফোনটো লৈ যাবই পাৰিলাহেঁতেন..., 
: বৰ ভাগৰ লাগিছে অ'....! 
: ঋত্বিকে ফোন কৰিছিল যদি তুমি কিয় ৰিচিভ নকৰিলা...., তুমিটো তাক লগ পাইছা, 
: মোৰ লগত মিছা তৰ্ক কৰি লাভ নাই, যা চাহ কাপ লৈ আনগৈ....., মুখৰ ভিতৰতে কিবা ভোৰভোৰাই নীহাই চাহৰ কাপটো আনি মৃণালিনীক দিলে......, 
: তুমি চাহকাপ খাই লোৱা, মই ঋত্বিকৰ লগত কথা পাতি লওঁ.......

             ফোনটো লৈ নীহা বেলকনীলৈ ওলাই গ'ল, হঠাৎ পূৰ্ণিমাৰ জোনটো ডাৱৰৰ মাজত লুকাই গ'ল,  ফৰকাল আকাশখন কলীয়া মেঘে আৱৰি ধৰিলে.., নীহাই ঋত্বিকলৈ ফোনটো লগালে, দুই তিনিবাৰ চেষ্টা কৰিলে কিন্তু ঋত্বিকে ফোনটো ৰিচিভ নকৰিলে, ........ কিয় ঋত্বিকে ফোনটো ৰিচিভ কৰা নাই, নূপুৰ আছে নেকি লগত...! নে তাৰ অন্য কিবা বিপদ হৈছে....! নে ঋত্বিকে খেলখন শেষ কৰিয়ে পেলালে....! ........কথাবোৰ ভাবি থাকোতেই নীহাৰ ফোনটো বাজি উঠিল

: হেল্ল'...! ঋত্বিক.., ফোন কৰিছিলা, মই পাকঘৰত আছিলোঁ, কোৱা...? তুমি ক'ত আছিলা ? মোৰ ফোন ৰিচিভ কৰা নাছিলা যে....!
: মোৰ ফোনটো silent কৰি চার্জত লগাই থোৱা আছিল, 
: অ'.....! কিবা গৰম খৱৰ আছে নেকি....!
: কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ...!
: কি কথা...? 
: তুমি মোক ভুল নুবুজিবা কিন্তু.....! মই মাত্ৰ মোৰ অনুভৱটোহে ব্যক্ত কৰিব বিচাৰিছোঁ....., 
: কি ক'ব বিচাৰিছা খোলাখুলিকৈ কোৱা....
: তোমাৰ শত্ৰুতা ৰক্তিমৰ লগত নে নূপুৰৰ লগত...!
: what do you mean...?
: মই ভাবোঁ নূপুৰৰ গাত একো দোষ নাই, তেন্তে তাই কিয় শাস্তি ভোগ কৰিব লাগে....!
: তাৰমানে তুমি নূপুৰৰ প্ৰেমত পৰিছা....! কোন দোষী....! কোন নিৰ্দোষী....! তাৰ বিচাৰ তুমি কৰিব নালাগে..., তুমি যদি নূপুৰক বদনাম কৰিব বিচৰা নাই , তাইৰ মৃত্যু বিচৰা নাই, তেন্তে তুমি কামটো বাদ দিয়া, মই বেলেগ কাৰোবাক কামটো দি দিম.....
: No, Never...., কামটো ময়ে কৰিম, তুমি চিন্তা নকৰিবা...., মাত্ৰ অপেক্ষা কৰা কিছুদিন...., নূপুৰে যিদিনাই মোৰ প্ৰেমৰ প্ৰস্তাৱ মানি ল'ব , সেইদিনাই এটা ডাঙৰ পাৰ্টি হ'ব...আৰু তাৰ কিছুদিন পাছত এক দীঘলীয়া যাত্ৰা , হয়টো সেয়াই হ'ব নূপুৰৰ অন্তিম যাত্ৰা.....! 
: সেই শুভ ক্ষণ সমাগত যেনেই লাগিছে, ইমান কম দিনৰ ভিতৰতে নূপুৰে তোমাক বিশ্বাস কৰিছে, সেয়ে মই ভাবোঁ নূপুৰে তোমাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান নকৰে..., তুমি পাৰ্টি কৰিবলৈ সাজু হৈ থাকা , 
: পাৰ্টি নামতহে মই দিম , বিলটো তুমিয়ে পে কৰিবা নহয়জানো...! 
: বিল মই পে কৰিম..., তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মোক অতি সোনকালে ৰিজাল্ট লাগে....!
: উসঃ...! নীহা, তুমি কিয় ইমান অধৈৰ্য হৈছা...! কিছুমান কাম শামুকীয়া গতিৰে কৰা ভাল, বেছি খৰখেদাকৈ কৰিলে ৰিজাল্ট নিগেটিভ হোৱাৰ সম্ভাৱনা থাকে...., 
: মই একেবাৰে অধৈৰ্য হৈ পৰিছোঁ, মোক কি লাগে জানা.....! ৰক্তিমৰ তপ্ত চকুৰ পানী...., যি চকুলোৱে মোৰ হৃদয়ৰ সমস্ত দুখ নাইকিয়া কৰি দিব...., ৰক্তিমে হয়টো নাৰীৰ মমতাময়ী ৰূপটোহে দেখিছে.....! নাৰী কিমান জেদী.... কিমান ভয়ংকৰ সেই কথা ৰক্তিমক মই মৰ্মে মৰ্মে উপলব্ধি কৰাম....,  জাত্যাভিমান...! চি..., মই ৰক্তিমৰ পৰা তেনে ব্যৱহাৰ কেতিয়াও আশা কৰা নাছিলোঁ, যিখন অসমত শংকৰদেৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল সেইখন অসমত এতিয়াও জাত পাত, উচ্চ নীচৰ ধাৰণা বিৰাজমান, মানুহ শিক্ষিত হৈছে ঠিকেই কিন্ত মন - মগজু -- মানসিকতাৰ বিকাশ হোৱা নাই, 
: সঁচা কথা মানুহ শিক্ষিত হৈছে , কিন্তু চিন্তাধাৰা আওপুৰণি হৈয়ে আছে, 
: ঠিক আছে..., এতিয়া ৰাখিছোঁ...., আগতীয়াকৈ বিহুৰ ওলগ জনালোঁ...,.
: ধন্যবাদ, তোমালৈও বিহুৰ শুভেচ্ছা থাকিল...,  ফোনটো কাটি দিলে ঋত্বিকে, 

         বেলকনীৰ পৰা ভিতৰলৈ আহি টিভিটো অন কৰিলে, তেনেতে নীহাৰ ফোনটো আকৌ বাজিল, এটা নতুন নাম্বাৰ স্ক্ৰীণত ভাঁহি আহিল..., বহু ভাবি চিন্তি ফোনটো ৰিচিভ কৰিলে....

: হেল্ল...! কোনে কলে...!
: হেল্ল.....! নীহা বা.., মই নূপুৰে কলোঁ..!
: অ'...! নূপুৰ.. কি খৱৰ, 
: ভালেই আছোঁ , আপোনাৰ...?
: মোৰো ভালেই..., মোৰ নাম্বাৰ ক'ত পালা...?
: ঋত্বিকৰ পৰা ললোঁ...! আপোনালৈ বিশেষ কাৰণ এটাতহে ফোন কৰিলোঁ...
: কি বিশেষ কাৰণ নূপুৰ....!
: মানে বা..... ঋত্বিক ল'ৰাটো কেনে...? আপোনাৰ লগত তাৰ ভাল সেয়ে সুধিছো ....!
: ঋত্বিক বৰ ভাল ল'ৰা নূপুৰ..., সি মোৰ বহুত ভাল বন্ধু...., তাৰ নিচিনা সহজ -- সৰল, অমায়িক বন্ধু মই আজিলৈকে পোৱা নাই..., কিন্ত নূপুৰ....! ঋত্বিকৰ তথ্য তোমাক কিয় প্ৰয়োজন হ'ল....
: আপোনাক চাগৈ ঋত্বিকে কৈছে..., মই বৰ বিপাঙত পৰিছোঁ, একো সিদ্ধান্ত ল'ব পৰা নাই, 
: ঋত্বিকেটো মোক একো কোৱা নাই...! তোমাক বেয়া ব্যৱহাৰ কৰিলে নেকি নূপুৰ.....! 
: নাই...! নাই.... বা , তেনেকুৱা একো হোৱা নাই, ঋত্বিকে মোক প্ৰেমৰ প্ৰস্তাৱ দিছে..., 
: কি কোৱা নূপুৰ.....! ভাল খৱৰ দেখোন...., Congratulations..., তোমালোকৰ ভালপোৱাই পূৰ্ণতা পাওক....
: ধন্যবাদ বা...., ঋত্বিকক কিন্ত মই এতিয়াও হা বা না একোৱেই কোৱা নাই...., 
: কিয়.....? 
: ঋত্বিকৰ বিষয়ে ভালকৈ নজনাকৈ কেনেকৈ সন্মতি জনাওঁ....! 
: এতিয়াটো জানিলা...! ঋত্বিক বহুত ভাল ল'ৰা....! গতিকে তুমি একো নভবাকৈয়ে সন্মতি দিব পৰা..., মোৰ বিশ্বাস সি তোমাক সুখতেই ৰাখিব..........., 
: এতিয়া আৰু কোনো চিন্তা নাই...., মই এতিয়াই ঋত্বিকক ফোন কৰি প্ৰস্তাৱটো স্বীকাৰ কৰিছোঁ বুলি কৈ দিম...., এইখিনি সহায় কৰাৰ বাবে ধন্যবাদ বা...., এতিয়া ৰাখিছোঁ ...! By...



       ( ক্ৰমশঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)