জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড নং-৫)~পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
আজি বৰুৱাৰ ঘৰখনত উখল - মাখল পৰিৱেশ কিয়নো নলিনীয়ে চেভেনৰ বৃত্তি পৰীক্ষাত গোটেই অসমৰ ভিতৰত দ্বিতীয় স্থান  অধিকাৰ কৰি লখিমী এম্‌ভিস্কুললৈ যি সন্মান কঢ়িয়াই আনিলে  সেই আনন্দই গোটেই পদুমনি গাঁৱতে আনন্দৰ ঢৌ বিয়পাই তুলিছে ৷ এই আনন্দত দুগুণে ঢৌ তুলিছে বৰুৱাৰ আপোন কন্যা কংকীৰ মেট্ৰিকৰ  ফলাফলে  ৷  গোটেই অসমৰ ভিতৰতে পদুমনি গাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা কংকীয়ে উচ্চ মাধ্যমিকৰ শেষান্ত পৰীক্ষাত প্ৰথম দহটাৰ ভিতৰত সৰ্বপ্ৰথম স্হান ল’বলৈ সক্ষম হৈছে ৷ বৰুৱাৰ ঘৰলৈ মানুহৰ সোঁত বৈছে ৷ অৰুন্ধতী বৰুৱাক সকলোৱে প্ৰশংসাৰে উপচাই দিছে ৷ বিশেষকৈ লক্ষিমী এম্‌ভি স্কুলৰ কাকতি চাৰৰ লগতে সকলো শিক্ষক কৰ্মচাৰীয়ে নলিনীৰ কৃতকাৰ্যতাৰ বাবে অৰুন্ধতী বৰুৱাক সম্বৰ্ধনা জনাবলৈ স্কুললৈ  মাতিছে ৷ নলিনীৰ লগতে তেওঁকো উষ্ম আদৰণি জনাব কিয়নো এদিনো স্কুলৰ পাঠ গ্ৰহণ নকৰাকৈ নলিনীক বৰুৱানীয়ে এনে এক স্থান লাভ কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিলে  .... এইয়া নিশ্চয় শলাগিবলগীয়া বিষয় ৷ 
   গাঁৱৰ সকলোৰে মুখে মুখে সেই একেই কথা ------ গোটেই ঘৰৰ কাম কৰাৰ উপৰিও যে নিজৰ দুটা ল’ৰা-ছোৱালীৰ সৈতে প্ৰসন্ন শৰ্মাৰ চাৰিটাকৈ ল’ৰা - ছোৱালীকো কেনেকৈ আদৰ্শপৰায়ণ শিক্ষাৰে শিক্ষিত কৰি আগুৱাই নিবলৈ সমৰ্থ হৈছে ৷ বৰুৱাই নিজৰ ব্যৱসায়ৰ কামত ঘুৰি ফুৰোঁতে ঘৰখনৰ খৱৰ ৰাখিবলৈ সময়েই নাপায় ৷ তেনেস্থলত অৰুন্ধতী বৰুৱাই কি কৌশলেৰে সকলোফালে নিজৰ পাৰদৰ্শিতাৰে ঘৰখনৰ লগতে ল’ৰা - ছোৱালীহঁতকো সঠিক পথত আগবঢ়াই নিয়াত পিছ পৰি ৰোৱা নাই ৷ অৱশ্যে অৰুন্ধতী বৰুৱাৰ এই সফলতাৰ অন্তৰালত প্ৰসন্ন শৰ্মাৰ চাৰিওটা ল’ৰা -ছোৱালীৰ অৰিহণা যথেষ্ট আছে ৷ চাৰিওটা ল’ৰা -ছোৱালী হাতত লগা হৈছে ৷ তাতে সিহঁতে স্কুলৰ পঢ়াশুনাৰ লগতে বৰুৱানীৰ ঘৰে বাহিৰে প্ৰায়খিনি কামতে ইটো-সিটো সহায়ৰ হাত আগবঢ়াব পৰা হৈছে ৷ সিহঁতক কোনোটো কাম কৰিবলৈ ক’ব নালাগে ৷ নিজে কৰিব পৰা কাম দেখাৰ লগে লগে নিজেই কৰে ৷ নলিনীয়ে ভায়েক ভনীয়েক হঁতৰ পঢ়াশুনাৰ দায়িত্ব ল’ব পৰা হৈছে ৷ তাই  আজিকালি  সিহঁতৰ পঢ়া শুনাৰ খৰচ বৰুৱাহঁতৰ পৰা ল’বলৈ নিবিচাৰে ৷ গাঁৱৰে নিৰ্মল মাষ্টৰে তেওঁৰ ল’ৰা - ছোৱালী দুটাক পঢ়াবৰ বাবে নলিনীক টিউচন দিয়াইছে ৷ নলিনী বৰ স্বাভিমানী ছোৱালী ৷ সেইবুলি তাই অলপো অহংকাৰী নহয় ৷ বৰুৱা বৰুৱানীহঁতক সিহঁতে বৰদেউতা - বৰমা বুলি মাতে ৷ আৰু টিউচনৰ পাওনা তাই বৰমাকৰ হাতত জমা দিয়ে ৷ বৰমাকে সেই টকা নলিনীহঁতৰ   লাগতিয়াল  কামত খৰচ কৰিব ৷ বৰুৱানীহঁতে যদিও তাইৰ টকা এটাও খৰচ নকৰে তথাপিও তাইৰ মনটো ৰাখিবলৈকে তাইৰ হাতৰ পৰা টকাখিনি লয় আৰু সিহঁতৰ নামৰ একাউণ্টত জমা ৰাখে ৷ নলিনীয়ে এইবোৰ গম নাপায় ৷ বৰুৱানীৰ মতে তাইনো কেইদিনৰ ছোৱালী ৷ পৰিস্থিতিয়ে তাইক বয়সতকৈ বেছি বুজন ক্ষমতাৰ অধিকাৰী কৰি তুলিছে ৷ যিকি নহওক দুইজনী ছোৱালীৰ সফলতাৰ নামত ৰাতিলৈ বৰুৱাই সকলোকে এটা ডাঙৰ পাৰ্টি দিয়াৰ যো ---জা কৰিলে .....
( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)