সাধাৰণ জ্ঞান

©Admin
0
১. প্ৰান্তিক উপযোগিতা কি?
= প্ৰদত্ত দ্ৰব্য এটাৰ অতিৰিক্ত একক এটাৰ পৰা আহৰণ কৰা অতিৰিক্ত উপযোগিতা।
২. গ্ৰীফেন সাঁথৰ কাক বোলে?
= কিছুমান বিশেষ প্ৰকাৰৰ দ্ৰব্যৰ ক্ষেত্ৰত দামৰ হ্ৰাসে সিহঁতৰ উপভোগ হ্ৰাস কৰে আৰু দাম বৃদ্ধিয়ে উপভোগ বৃদ্ধি কৰে। দাম আৰু চাহিদাৰ এই বিপৰীতমুখী সম্পৰ্কক গ্ৰীফেন সাঁথৰ বুলি কোৱা হয়।
৩. গড় আয় কি?
= দ্ৰব্য এটাৰ প্ৰতি এককৰ আয়েই হৈছে গড় আয়।
৪. যোগান কি?
= নিৰ্দিষ্ট সময় এছোৱাত প্ৰদত্ত দাম এটাত প্ৰতিষ্ঠান এখনে বিক্ৰীৰ বাবে ইচ্ছা কৰা আৰু আগবঢ়াই দিবলৈ সমৰ্থ হোৱা দ্ৰব্য এটাৰ পৰিমাণেই হৈছে যোগান।
৫. উৎপাদন বন্ধকাৰী বিন্দু কি?
= যি বিন্দুত প্ৰতিষ্ঠানখনে স্থিৰ ব্যয়খিনি পূৰণ কৰিবলৈ সক্ষম নহয়।
৬. ৰাজহুৱাভাৱে জনসাংখ্যিক নীতি গ্ৰহণ কৰা প্ৰথমখন দেশ কোনখন?
= ভাৰত (১৯৫২)।
৭. ইউৰোপৰ জ্ঞানোদয় যুগ বুলি কোনছোৱা সময়ক জনা যায়?
= ১৭ শতিকাৰ পৰা ১৮ শতিকা পৰ্যন্ত।
৮. বস্তুবাদী দৰ্শনৰ প্ৰধান হোতা কোন আছিল?
= কাৰ্ল মাৰ্ক্স।
৯. সংস্কৃতিকৰণ অৱধাৰণাটো কোনে আগবঢ়াইছিল?
= মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস।
১০. আমোলাতন্ত্ৰ অৱধাৰণা কাৰ অৱদান? 
= মেক্স ৱেবাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)