নিমাত, নিস্তব্ধ
দিনৰ কোলাহল এতিয়া
সপোনৰ আৱেশত আৱদ্ধ ।
কথা কয় এই ৰাতিবোৰেও
কত সপোনৰ শইচ
এই ৰাতিবোৰতে ৰোৱা হয়
কত ভঙা হৃদয়ৰ বৰষুণ
এই ৰাতিবোৰতে বৰষি ৰয়।
কাৰোবাক হেৰুৱাৰ দুখ
কাৰোবাক পোৱাৰ হেঁপাহ
প্ৰতিটো মুহূৰ্তৰ এক জীয়া কাহিনী
ৰাতিবোৰতে যেন আৰম্ভ ।
এই ৰাতিবোৰেও উচুপে
কিন্তু শুনেনো কোনে?
আন্ধাৰতে বিলীন হৈ ৰয়
তাৰ প্ৰতিটো দিন।
তথাপিও প্ৰিয় এই ৰাতিবোৰ
সেই নিসংগ প্ৰহৰীৰ এইমাত্র সংগী
যি গায় উজাগৰী ৰাতিৰ
নিৰ্জনতাৰ গান।
অশেষ ধন্যবাদ মোৰ কবিতাটো প্ৰকাশ কৰাৰ বাবে...
ReplyDelete