কোনোবা ষোড়শী গাভৰুৰ উকা ৰং।
দুঃসময়ত,
পালতৰা নাওঁত বঠা মাৰিছিলোঁ
তোমাৰ চকুত বহি।
কোনে আহি দিলে...
গোলাপৰ পাহিত একাষাৰ মৰম।
তোমাৰ ওঁঠে জানো জিৰণি ল'ব
শুই থকা দূৱৰিৰ কাষত।
থাকক দিয়া , অনাদি কাললৈ
অহৈতুক স্নিগ্ধ নিশাৰ ধেমালি।
দেও লগা বকুলৰ তলত
আকৌ নাহিবা -
তোমাৰ গাভৰু আঁচলত
সোমাব পাৰে,
আঁহত ডেইজী ফুলৰ সুবাস।
প্ৰেম যেতিয়া বলিয়া হয়,
তেতিয়া কাউৰীয়েও কা-কা কৰিবলৈ অসন্তষ্টি হয়।
✍️ বিকাশ শৰ্মা।