খণ্ড চিত্ৰ- ডাকোৱাল- ভাৰতী গগৈ বৰুৱা

Aditi Tanti
0
 কালি ৰাতি ভালকৈ টোপনি নহ'ল । শুবলৈ লোৱাৰ সময়তে চাৰিটা ফোনকল আহিল । জাঁজী , দুলীয়াজান , গুৱাহাটী আৰু গুজৰাটৰ পৰা। ভালেমান পৰ কথা - বতৰা পতাৰ পাছত বিছনাত পৰিলোঁ । নাই টোপনিয়ে ভয়তে পলাই ফাট মাৰিলে। গুৱাহাটীৰ পৰা টুকুৱে কৰা ফোনটোৰ গুৰুত্ব আছিল । টুকুৰ ভাল নাম মৈত্ৰেয়ী বৰুৱা । মোৰ মাজুলীৰ প্ৰাক্তন ছাত্ৰী আকাশ জ্যোতি নেওগ বৰুৱাৰ ছোৱালী। তাই এটা প্ৰজেক্টৰ বাবে ডাকোৱালৰ বিষয়ে সুধিছিল । বিষয়টো মোৰ বাবেও নতুন যেন লাগিল । সেয়ে ইণ্টাৰনেটত বিচাৰিবলৈ চেষ্টা কৰিলোঁ।  

    "কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল / জুনুক জুনুক কিনো বাজে । " আকাশবাণীৰ সুগম সংগীত আৰু লোকগীতৰ নিয়মীয়া শিল্পী উত্তৰ - পূব সঞ্চালকালয়ৰ প্ৰাক্তন উপ সঞ্চালক , সাহিত্য একাডেমী বঁটা বিজয়ী সংগীতাচাৰ্য খগেন মহন্তৰ উক্ত গীতটোলৈ মনত পৰাত পুনৰ শুনিলোঁ। তাতে দেখোন বহুত কথা কোৱা যেন লাগিল । ডাকোৱাল -- চিঠি - পত্ৰৰ টোপোলা কঢ়িয়াই অনা মানুহজন। আমি তেওঁক সকলোৱে পিয়ন ( ইংৰাজী ভাষাত ) বুলি ক'লেহে সহজে বুজি পাওঁ। যিজনৰ চাইকেলৰ টিলিঙাৰ মাত শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰোঁ।

           ডাকৱালা, ডাকোৱাল, পিয়ন হ'ল এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ চিঠি অনা - নিয়া মানুহ । প্ৰাচীন কালত ডাকোৱালে খোজ কাঢ়িয়েই পিঠিত চিঠিৰ বোজা কঢ়িয়াই নিছিল । গতিকে খোজ খৰ হোৱাটো স্বাভাৱিক। যাতায়াত সুচল নাছিল।সেয়ে বন - জংঘল পাৰ হ'বলগা হৈছিল। বন্য জীৱ - জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে হাতত লাখুটি/যাঠি ( বল্লম)লৈ যায় । সেয়ে দূৰৰ পৰা শব্দ হোৱা শুনিবলৈ লাঠীৰ মূৰত টিলিঙা বা জুনুকা বান্ধি নিছিল । ৰাতি হ'লে লণ্ঠন লৈ যায় । অন্যহাতে এই ডাকোৱালেই কেতিয়াবা পুলিচৰ কামো কৰিব লগা হৈছিল । বিগুল বজাই, নিচান উৰুৱাইও ডাক অনা-নিয়া কৰিছিল । 
              ইয়াৰ আগতে পাৰ চৰাই , মেঘ বা বতাহ ,পাল্কি , ঘোঁৰা , মৰু অঞ্চলত উটৰ পিঠিত চিঠি বোজাই কৰিছিল । মহাকবি কালিদাসৰ মেঘদূত কাব্য ইয়াৰ এক সুন্দৰ উদাহৰণ । ৰজাৰ দিনত দূত/ কটকী / ভাটৰ যোগেদি বাৰ্তা সৰবৰাহ কৰা হৈছিল । প্ৰাচীন ভাৰত , মিছৰ , ৰোম আদিত চিঠিৰ প্ৰচলন আছিল । সপ্তম অষ্টম শতিকা মানতো চিঠি লিখা হৈছিল । বৈদিক যুগৰ অথৰ্ব বেদ আৰু বাইবেলতো চিঠিৰ কথা উল্লেখ আছে বুলি জনা যায় ।
             পাৰ চৰাইক শান্তিৰ প্ৰতীক বুলি জ্ঞান কৰা হয়। সেয়ে কেতিয়াবা পাৰ চৰাইক শান্তিৰ কামনাৰে উৰুৱাই দিয়া হয় । খগেন মহন্তৰ " পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি / জনাওঁ বুলি জগতখনক বিহুৰ ওলগনি । " পাৰকো বাৰ্তাবাহক ৰূপে ব্যৱহাৰ কৰা হৈছিল। চিঠিৰ মহিমা অপাৰ। বিয়া-সবাহ , সভা-সমিতি আদিলৈ চিঠিৰে নিমন্ত্ৰণ জনোৱা হয় । ব্যক্তিগত আৰু ব্যৱসায়িক চিঠিৰ পাৰ্থক্য আছে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক , শিক্ষাবিদ ড০ লীলা গগৈয়ে ১৯৬৩ চনত লিখিছিল -- নীলা খামৰ চিঠি আৰু ১৯৭৬ চনত বিয়েৰিং চিঠি -- নামৰ দুখন বহু পঠিত প্ৰিয় গ্ৰন্থ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)