নৱপ্ৰজন্মৰ উদীয়মান নাট্যকাৰ, অভিনেতা, পৰিচালক,কবি , ঔপন্যাসিক, গল্পকাৰ জয়ন্ত বৰা দেৱৰ লগত এটি অন্তৰংগ আলাপ - জুমন বৰা

Aditi Tanti
0
⬛ নমস্কাৰ পোন প্ৰথমে আপোনাক আমাৰ ভ্ৰাম্যমাণ বিশেষ পেজৰ অন্তৰংগ আলাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অলপমান জনাব।

⬛ জয়ন্ত বৰা: নমস্কাৰ পোন প্ৰথমেই মই আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ দৰে এজন তেনেই নগণ্য ব্যক্তিক আপোনাৰ এই অনুষ্ঠান ভাগিলৈ স্বাগতম জনোৱাৰ বাবে। মোৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা ৭কি.মি নিলগৰ আঠানিবাৰী নামৰ এখন তেনেই ভিতৰুৱা গাঁৱত। মই মোৰ গাঁৱতেই শিক্ষা আৰু মোৰ সোনালী শৈশৱ অতিবাহিত কৰিছোঁ।
⬛ আপোনাৰ অভিনয় জীৱনৰ এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নে?আৰু কোনে কোনে আপোনাক অনুপ্ৰেৰণা দিছিল?

⬛ জয়ন্ত বৰা: মোৰ এই যাত্ৰা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আৰম্ভ হৈছিল। মোৰ অভিনয় জীৱনৰ প্ৰথম নাটক 'মৃত্যু এটা শিল্প'।এখন একাংকিকা নাটক,আৰু সেইখনেই মই অভিনয় কৰা প্ৰথম নাটক।আৰু নাটকৰ নাট্যকাৰ নাৰায়ণ কোঁৱৰ ছাৰ মোৰ জীৱনৰ প্ৰথম গুৰু। তেতিয়াই তেওঁৰ পৰা মই বহুত কথাই শিকিছিলো। আৰু তাকেই আৰ্শীবাদ হিচাপে লৈ আজি মই এই যাত্ৰা পথৰ যাত্ৰী।তাৰ পিছৰ বছৰৰ পৰাই মই নাটক লিখিছিলোঁ আৰু প্ৰতি বছৰে বিদ্যালয় সপ্তাহত স্ব-ৰচিত নাটক মঞ্চস্থ কৰিছিলোঁ। বিদ্যালয়ৰ ছাৰ বাইদেউ সকল আৰু গাঁৱৰ মানুহবোৰৰ প্ৰেৰণা মই বহুত পাইছিলোঁ। এতিয়াও তেওঁলোকৰ প্ৰেৰণাদায়ক কথাকেইষাৰে মোক উৎসাহিত কৰাত সহায় কৰে।

⬛ আপোনাৰ এই যাত্ৰা পথত আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছিল?

⬛ জয়ন্ত বৰা: মোৰ এই যাত্ৰা বহুত বেদনাদায়ক আছিল।তাৰ কথা ভাবিলে আজিও মোৰ দুই নয়নেৰে বৈ যায় অশ্ৰুৰ টোপাল। বহুত দুখ আৰু কন্টকময় আছিল মোৰ যাত্ৰাপথ । বহুতো বাধাৰ প্ৰাচীৰ ভাঙি আজি মই এই পৰ্যায়ত উপনীত হৈছোঁ। মোৰ যাত্ৰা পথৰ মূল বাধা আছিল দৰিদ্ৰতা। মই বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হয়। সেইবাবেই মোৰ এই পথক মা দেউতাই সমুলি ভাল পোৱা নাছিল।কাৰণ প্ৰত্যেক জন মাক দেউতাকৰ দৰে মোৰ মা দেউতায়ো ভাবিছিল নিজৰ সন্তানে পঢ়ি শুনি ভাল মানুহ হৈ বহুত টকা অৰ্জন কৰি তেওঁলোকক সুখ দিব। কিন্তু মোৰ ইচ্ছা আছিল এজন ভাল অভিনেতা আৰু সাহিত্যিক হোৱাৰ। সেইবাবেই মা দেউতাৰ কথা অমান্য কৰি মই মোৰ পথত আগবাঢ়িলোঁ। আৰু তেওঁলোক মোৰ বাধা হৈ পৰিল।

⬛ আপুনি লিখা প্ৰথম নাটকখন কি?আৰু কিমান নাটক আপুনি বৰ্তমানলৈকে লিখিলে?

⬛ জয়ন্ত বৰা: মোৰ কলমৰ প্ৰথম নাট বুলি ক'লে এখন শিশু উপযোগী একাংকিকা নাটক "জীৱ হত্যা মহাপাপ"।তাৰ পিছত লিখা একাংকিকা নাটক সমুহ হ'ল-----বিশ্বাসঘাটক,মা,পোহৰৰ প্ৰথম ৰেঙণি,পগলা মানুহ, বদনাম, অপৰাধ,হাতী আৰু মাখি, শেষ চিঠি, বৰদৈচিলা,মা দেউতাৰ চকুপানী,গাভৰুৰ জনম ,মেলা, আৰু সপোনৰ বৃন্দাবন। পূৰ্ণাংগ সামাজিক নাটক সমুহ হ'ল----বোঁৱতী নদীৰ সোঁত, শিল্পীৰ অস্তিত্ব, জীৱন যন্ত্ৰনাৰ অন্য এক নাম,মুখা,সন্ত্ৰাসবাদ,এবুকু প্ৰেমৰ যান্ত্ৰনা,ৰাধা মোৰ, মৰুভূমিত বানপানী, পথভ্ৰষ্ট কবিৰ কবিতা, ত্ৰিদেৱী,জয়া নাই,হৃদয়ে কান্দিছে, জীৱনৰ পৰিধি, আৰু মা তই আহিবিনে?লগতে পৌৰাণিক আখ্যান মূলক নাটক----সৈৰেন্ধীৰ বাঞ্ছা পূৰণ,জৰাসন্ধৰ মথুৰা আক্ৰমণ/শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত,পুতনা নিধন/হনুমন্তৰ পঞ্চৰূপ ধাৰণ ইন্দ্ৰৰ দৰ্পচূৰ্ণ।

⬛ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত আপুনি প্ৰথম কেতিয়া খোজ পেলাইছিল আৰু বৰ্তমানলৈকে কোন কোন থিয়েটাৰত আপুনি জড়িত হৈ আছে?

⬛জয়ন্ত বৰা: আচলতে ভ্ৰাম্যমাণ বোলা বস্তুটো বহুত ডাঙৰ। মই সিমানখিনি পৰ্যায় পোৱাগৈ নাই। তথাপিও সূত্ৰধাৰ থিয়েটাৰৰ যোগেদি মই প্ৰথম থিয়েটাৰ জগতখনত ভৰি দিছিলোঁ। তাৰপিছত ক্ৰমে---অন্নপূৰ্ণা,ভাগ্যলক্ষ্মী, বাসুদেৱ, প্ৰিয়দৰ্শিনী আৰু ৰসৰাজৰ লগতে বহু কেইটা অপেচাদাৰী নাট্যদলৰ লগত জড়িত হৈ আছিলোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত নাট্যকাৰ হিচাপে ৰসৰাজ থিয়েটাৰৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিলোঁ।আৰু তাৰ পিছৰে পৰা একাদিক্ৰমে অন্নপূৰ্ণা,ভাগ্যলক্ষ্মী, প্ৰিয়দৰ্শিনী,ৰসৰাজ আদি বহুতো নাট্য দলত মোৰ নাটক মঞ্চস্থ কৰিলে।

⬛ এইবাৰ আপুনি কোন থিয়েটাৰত আত্মপ্ৰকাশ কৰিব লগতে এইবাৰ কোন কোন নাট্য দলে আপোনাৰ নাটক মঞ্চস্থ কৰিব?

⬛জয়ন্ত বৰা: এইবাৰৰ বিষয়ে সঠিকভাৱে কোৱাটো স্বাভাৱিক নহয়।যদি পৰিস্থিতি ভাল হয় তেনেহলে এইবাৰ মোক বিনাপাণীৰ মঞ্চত দেখিবলৈ পাব।যদি ভাল নহয় এইবাৰ মোক থিয়েটাৰ ধনশ্ৰীত মুখ্য চৰিত্ৰত দেখিবলৈ পাব।লগতে মোক বৰ্তমানলৈকে চাৰিটা নাট্যদলে পাঁচ খনকৈ নাটক এইবাৰ মঞ্চস্থ কৰিব বুলি জানিব দিছে।

⬛ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে কি ক'ব আপুনি?

⬛ জয়ন্ত বৰা:সেই বিষয়ে মই একেবাৰে বাকৰূদ্ধ । মাথোঁ অপেক্ষাৰত ভাল দিনলৈ। আমাৰ সকলো থিয়েটাৰ কৰ্মী খুব আশাবাদী বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নাটক মঞ্চস্থ কৰাৰ বাবে। আৰু দেখিবলৈও পাইছো বহুতো নাট্য দলে বৰ্তমান এই বৰ্ষৰ বাবে নাট্য প্ৰস্তুতি চলাইছে। এতিয়া অপেক্ষা চৰকাৰৰ সেউজ সংকেতলৈ।

⬛ আপুনি নৱপ্ৰজন্মৰ নাট্যপ্ৰেমী সকললৈ কি আহ্বান কৰিব? 

⬛ জয়ন্ত বৰা: নৱপ্ৰজন্মৰ উঠি অহা নাট্যপ্ৰেমী সকললৈ মোৰ এটাই আহ্বান। সকলোৱে নিশ্চয় দেখিছেই অসমৰ বিৰল সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ দুৰৱস্থাৰ কথা। গতিকে আহঁক আমি সকলোৱে মিলি এই সংকটৰ সময়ত আমাৰ বিৰল সম্পদ বিধক ৰক্ষা কৰোঁ। ভ্ৰাম্যমাণ কেৱল আমাৰ সম্পদে নহয় বহুতো মানুহৰ জীৱিকাৰ একমাত্ৰ পথ।

⬛বৰ্তমান আপুনি কিহত ব্যস্ত?আৰু এজন নাট্যকাৰ হিচাপে আপুনি আন নাট্যকাৰ সকললৈ কি মতামত আগবঢ়াব বিচাৰে?

⬛ জয়ন্ত বৰা: বৰ্তমান মই মোৰ সপোনৰ পিছত দৌৰাত ব্যস্ত। অভিনয় আৰু নাটক সম্বন্ধীয় এখন গ্ৰন্থ লিখি আছো।অতি সোনকালেই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম।

           আৰু নাট্যকাৰ সকললৈ মোৰ এটাই অনুৰোধ নাটকখন চমকেৰে নহয় একোটা ভাল সূচীৰ কাহিনী আৰু ভাল মেচেজেৰে দৰ্শকৰ মনত ঠাই লাভ কৰক।নাটকক চিনেমাৰ লগত তুলনা কৰিবলৈ গৈ নাটকৰ মানদণ্ড হ্ৰাস নকৰিব।

⬛ আপোনাৰ মূল্যৱান সময়ৰ অলপমান সময় উলিয়াই আমাৰ এই অন্তৰংগ আলাপ অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰাত সহায় কৰাৰ বাবে আপোনালৈ যাছিলোঁ অলেখ শুভকামনা। লগতে আপোনাৰ ভৱিষ্যত জীৱন মধুৰ আৰু সুখৰ হওঁক আৰু অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ ইতিহাসত আপোনাৰ এই কৰ্মৰাজীৰে এক সোণালী আখৰেৰে জিলিকি থাকক তাৰেই কামনা কৰিলোঁ।

⬛ জয়ন্ত বৰা:জুমন তোমালৈও মোৰ তৰফৰ পৰা যাছিলোঁ অলেখ কৃতজ্ঞতা। আৰু তোমাৰ এই অনুষ্ঠান ভাগি আৰু সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক তাৰে কামনা কৰিলোঁ।লগতে আকৌ এবাৰ আন্তৰিক ধন্যবাদ জনাই তোমাৰ অনুষ্ঠানৰ পৰা মই বিদায় মাগিলো। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।জয়তু অসমৰ ভ্ৰাম্যমাণ নাট্যজগত,জয়তু নটৰাজ বাবা।


                          ধন্যবাদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)