ব'লচোন পথাৰলৈ যাওঁ-অশুমান চুতীয়া

Rinku Rajowar
0
ব'লচোন দদাই পথাৰলৈ যাওঁ ...
গোহালিত গৰুহাল দেখো  শিং জোকাৰি থাকোতেই বুঢ়া হৈ আহিছে
ভৰালৰ গাঢৈ ওলমি থকা নাঙলটোও চোন
বৰলে বাহৰ পাতিছে......

অ খুৰীদেউ,
ব'লচোন ওলা পথাৰলৈ যাওঁ ...
খুচনীত তামোল-পাণ বান্ধি ল
ধোৱাচাঙত তুলি থোৱা কেটলিটোত 
গুৰ কনৰ সৈতে ৰঙা চাহ কৰি ল..........

ব'লচোন নবৌ পথাৰলৈ বুলি...
বিলাতী সাজযোৰ এৰ
খুৰীটিৰ পুৰণি চাদৰ এখন মেৰিয়াই ল
নেলপলিচত কি সুখ পাইচ
আহোতে বিজু বাইৰ ঘৰৰ পৰা জেতুকা তুলি আনিবি......

ব'লচোন ব'ল সকলোটি পথাৰলৈ যাওঁ ......
বোকা মাটিত নামি চা
দদাইটিয়ে হাল জুৰিছেই
বুধিনকাই সৌটো পানী মাৰিছে
ডিম্বেশ্বৰ ঘৰৰ পৰা আনি থোৱা কঠিয়া 
দুমুঠি হাতত তুলি ল.........

আহোতে ফুলেশ্বৰৰ বাৰীৰ আম দুটা লৈ আনিবি
টিলাটোত থকা কৰ্দৈজোপাৰ তলিতে বহি কাটিবি
সকলোটি লগে ভাগে খাম..........
ব'ল চোন ব'ল সকলোটি পথাৰলৈ যাওঁ.........।।

✍️অশুমান চুতীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)