বালিঘৰ-প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
আগ্ৰহেৰে
এজাক বৰষুণৰ অপেক্ষাত
ৰৈ থকা হৈছে,
মৃত্যু কামনা কৰিছো
নৈৰ বালিৰে সজা পুতলাৰ৷
দৰা-কইনা, পানী-বাম
কত খেলৰ সাক্ষী সেই 
নৈৰ বালি,
একেখিনি বালিয়েই সাক্ষী
দেউতাৰ শেষ যাত্ৰাৰ
আৰু
মোৰ চকুপানীৰ৷
তথাপিও মৃত্যু কামনা কৰিছো
শৈশৱতে সঁজা অপৈণত বালিঘৰৰ,
বৰষুণক মাতিছোঁ
যি বৰষুণত আজি হয়তো
তিতি তিতি পুনৰ চকুপানী টুকিম মই৷
মই মাতিলেই
নাহে বৰষুণ
যি বালিঘৰৰ মৃত্যু কামনা
কৰো মই
সেই বালিৰ কণিকাবোৰ
বৰষুণৰ পুৰণি চিনাকি৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)