তুমি আৰু মই -পৰিস্মিতা তালুকদাৰ

অসমীয়া সাহিত্যৰ চানেকি
0
বকুলজোপাৰ তলত
একেলগে পাৰ কৰা ৰসাল কথাৰ 
সংগী আছিলো কেৱল তুমি আৰু মই
তোমাক বহুত ভাল পাইছিলো
হয়টো তুমিও মোক ভাল পাইছিলা
পাণবজাৰত কিতাপ কিনিব গ'লে
একেলগে বহি ফুচকাৰ জুতি লোৱা আৰু কিমান যে কি খাইছিলো
আবেলি নদীখনৰ পাৰত বহি 
একেলগে শিলগুটি দলিওৱা
আকৌ ৰাতি জোনাকৰ পোহৰত
বহি সাধু শুনা
সেই মূহুৰ্তবোৰ কিমান ভাল লাগিছিল নহয়নে...
আমি এদিন যে দুৱৰি বনত 
ফৰিং বিচাৰি আছিলো
তোমাৰ মনত পৰেনে?
আৰু কৃষ্ণচূড়াৰ পাহিবোৰ যে
তোমাৰ চুলিত দলিয়াইছিলো
আমাৰ সঁচা বন্ধুত্বৰ দুখনি হাত
মেলি সৌ আকাশলৈ চাইছিলো
তুমি তৰাবোৰ চাইছিলা
আৰু মই তোমাক চাইছিলো
জীৱনৰ বহুতো তিতা - মিঠা 
অনুভৱ বোৰ লৈ আমি দুয়ো
সুখী হৈ থাকিম
বন্ধুত্বৰ এনাজৰিডাল হাতত লৈ
জীৱনৰ বহুতো খলা - বমা বাটত
একেলগে খোজ দিম 
তোমাক কথা দিলো।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)