কলপতীয়া বৰষুণ-শ্যামল বৰা

অপেক্ষাৰত উপত্যকাটো
ধুৱাই নিয়ে এজাক কলপতীয়া বৰষুণে...

সজাগ বনে সজাল ধৰে,

আকাশী ৰথেৰে কাজল মেঘে 
পথাৰ বেলা পোহাৰ মেলে॥

ৰৈ থকাৰো সুকীয়া সৌন্দৰ্য আছে,
বৰষুণে জানে
বতাহৰ গানে গানে
জীয়া সুৰ ঢালে॥

আধামৰা কলিজাটো
তিয়াই নিয়ে
বহু অপেক্ষাৰত 
এজাক কলপতীয়া বৰষুণে।

Post a Comment

Previous Post Next Post