বর্তমানৰ পৰিবেশ আৰু ছাত্র ছাত্রীৰ ভৱিষ্যৎ-দুলুমণি দেৱী

পংখী মৰাণ
0
শিক্ষা জগতখনত বর্তমান দেশৰ অস্থিৰ পৰিবেশে বেয়াকৈ প্রভাৱ পেলাইছে।লাখ লাখ ছাত্র ছাত্রীৰ ভৱিষ্যত চিন্তনীয় হৈ পৰিছে।বিশেষকৈ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাতিলে হাহাকাৰ সৃষ্টি কৰাটো স্বাভাৱিক।ছাত্র- ছাত্ৰীৰ মাজত উদয় হোৱা প্রশ্নবোৰৰ সঠিক উত্তৰ  নিদিলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা বাস্তৱায়িত হোৱাৰ  ক্ষেত্রত বাধা আহি পৰিব I ক'ভিড পৰিস্থিতিত ছাত্র-ছাত্রীৰ মনোবল বৃদ্ধি কৰিব পৰাকৈ এক আদৰ্শ পৰিকল্পনা গ্রহণ কৰি তেওঁলোকক উৎসাহিত কৰিব পৰাকৈ সচেতন মহল তথা চৰকাৰ আগবাঢ়ি আহিব লাগিব। মনত উদয় হোৱা প্রশ্নৰ গঠনমূলক বিশ্লেষণৰ অতি প্রয়োজন। নহ'লে আমাৰ শিশুসকল বহু পিছপৰি যাব। লগতে তেওঁলোকৰ মাজত মানসিক চাপ আৰু উদ্বিগ্নতাই ক্রীড়া কৰিব I আশাব্যঞ্জক পদক্ষেপে তেওঁলোকৰ মাজলৈ নিঃসন্দেহে যোগাত্মক বার্তা কঢ়িয়াই আনিব। ছাত্র ছাত্রীসকলৰ মনোবল বৃদ্ধিৰ বাবে মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাতো অতি প্রয়োজন।এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব মানসিক স্বাস্থ্য বিজ্ঞানত পোৱা তথ্য অনুসৰি পুথি অধ্যয়নে মানুহৰ মনত চাপ সৃষ্টিকাৰী স্নায়ুবিলাক শান্ত সমাহিত আৰু প্রশমিত কৰি ৰাখে I গতিকে কিতাপৰ লগত জড়িত কৰি শিশুসকলক চাপমুক্ত কৰি ৰাখিবৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰাও হৈছে I অৱেশ্যে আমাৰ সমাজত দৰিদ্র সীমাৰেখাৰ তলত বাস কৰা আৰু মধ্যবিত্ত পৰিয়ালৰ লোকৰ সংখ্যাই বেছি।তেওঁলোকৰ বেচিসংখ্যকেই কৃষক শ্রমিক। আর্থিকভাৱেও তেওঁলোক জুৰুলা। তদুপৰি খাদ্যসামগ্রীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্রভাৱ পেলাইছে।তেনে পৰিস্থিতিত এচাম ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হব সেয়া ভাবিবলগীয়া ,কাৰণ অনলাইন শিক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁলোক সমর্থ নহয়। দুবেলা দুমুঠি পেটে ভাতে খায় থকা সেইসকল অভিভাৱকে কি কৰিব ,বা কৰা উচিত হ'ব! বহুত প্রতিভাসম্পন্ন ল'ৰা ছোৱালী ভিতৰুৱা ঠাইৰ পৰা আহে, য'ত মবাইল নেট সেৱাও উপলব্ধ নহয় I তেওঁলোক যাতে মানসিকভাৱে সবল হয় তাৰ বাবে অভিভাৱক ,সমাজ তথা সচেতন মহলে চেষ্টা কৰিব লাগিব।ছাত্র-ছাত্রীসকল দেশৰ অমূল্য সম্পদ। তেওঁলোকক যি কোনো উপায়েৰে আগুৱাই নিয়াটো প্রতিজন ব্যক্তিৰ কৰ্তব্য। তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰাৰ লগতে কিতাপৰ লগত সমাযোজন কৰি ৰখাটো উচিত I যোগাত্মক চিন্তাৰ অতি প্রয়োজন বর্তমান পৰিস্থিতিত। এনে চিন্তাৰ পৰিবেশ শিশুসকলৰ মাজত আমি সকলোৱে দি‌ব লাগিব I তেতিয়াহে ভৱিষ্যত ভাল ফল পাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)