অনুভৱৰ দলিচা-মিন্টু পাঠক

অচিনাকি বতাহ জাক হঠাতে আহিলে । আলফুলীয়া বতাহ জাকে আহি দেহ মন পুলকিত কৰি পেলালে । নিজতকৈও আপোন হৈ পৰিল । নিজক ভালপোৱাৰ নিচিনাকৈ বতাহজাকেও আপোনা-আপুনিকৈ সংগোপনে নিজৰ স্থান দখল কৰিলে । বতাহ জাকৰ লগত সম্পৰ্ক মধুৰ হ'বলৈ আৰম্ভ কৰিলে । জীৱনত পোৱা-নোপোৱাৰ বেদনা প্ৰতিহত কৰি অলপ হ'লেও নিজৰ মনটোক সংযম কৰি তুলিলে । নিজৰ মনটোৱে অলপ হ'লেও সাহসৰ মাদকতা লাভ কৰিলে । 
এদিন বতাহ জাকক নিজতকৈও আপোন ভাবি বতাহ জাকক কৈ পেলালে । ভয়ো খাইছে কিজানি অভিমানি হৈ আঁতৰি যায় নেকি ? কিজানি সেই বতাহ জাকৰ লগত নিজৰ একাত্ম সময়খিনিৰ পৰা বতাহ জাক গুচি যায় ! অকলশৰীয়া কৰি পেলাই নেকি ! অপোনজনৰ পৰা পোৱা প্ৰেৰণা চিৰদিনৰ কাৰণে হেৰুৱাৰ ভয় আদি প্ৰশ্ন নিজৰ ভিতৰত আবদ্ধ হ'ল । নিজৰ একাত্ম হৃদয়ৰ এইখিনি সময়ত নিজকে অকলশৰীয়া যেন অনুভৱ হ'বলৈ আৰম্ভ কৰিলে । বতাহ জাকৰ গম নাপাওঁ কি হৈছে । মনত প্ৰশ্ন উদয় হৈছে ভুল কাৰ মোৰ নে বতাহ জাকৰ ? গম নাপাওঁ বতাহ জাকেনো মোৰ হৃদয়ত স্থান কিয় দখল কৰিলে ? কিয় আহিলে মোৰ এই কোঙা হৃদয়ত স্থান ল'বলৈ ? মোৰ হৃদয়লৈ আহিলা যে আনৰ হৃদয়লৈ  কিয় নগ'লা ?
মানসিক-দৈহিক কষ্ট কিয় দিলা ?
কোমল হৃদয়খনে কি দোষ কৰিছিল ? কি কষ্ট দিছিল  তোমাক ? কি ক্ষতি কৰিছিল যাৰ কাৰণে ইমান হতাশাত ভুগিব লগা হ'ল যে শেষত  বতাহ জাকৰ পৰা কোনো সঁহাৰি নাপায় অভিমান কৰি আঁতৰি গুচি গ'ল । বতাহ জাকে বহুত কথাই শিকাই থৈ গ'ল । অজানিতে সংগোপনে আচলতে বতাহ জাকে আমাক সকলোকে এটা কথা শিকাই থৈ গ'ল যে মানুহে জীৱনটোৰ কাৰণে প্ৰস্তুত হে কৰি লয় । কেতিয়াও উৎযাপন বা উপভোগ নকৰে বা কৰিব নোৱাৰে । আমি আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যহে পালন কৰোঁ । জীৱনৰ মূল শিপাডাল কোনে ও চিনি নাপায় । অৰ্থাৎ জীৱনটোক লৈ কোনেও কেতিয়াও অহংকাৰ কৰিব নাপায় । জীৱনক জীৱনৰ মতে চলি যাবলৈ দিয়া , তাক বাধা দিলে নিজৰ মন মগজুয়ে কষ্ট অনুভৱ কৰিব আৰু চিৰদিনৰ কাৰণে প্ৰশ্নবোধক চিন হিচাপে ৰৈ যাব ।


✍️মিন্টু পাঠক,ৰৌতা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send