আজি সি মৌন,
আগৰ সেই ভালপোৱাবোৰ দুৰ্বিসহ যন্ত্ৰণা মাথোঁ
মু্ৰ্মূষ জীৱনত অকলশৰীয়া হেৰাই গৈছে বন্ধুত্বৰ ব্যংগোক্তিত।
আপোনাৰ ৰাজপ্ৰসাদৰ ফুলনিজোপা লহপহকৈ বাঢ়িছে
সৌন্দৰ্য্যত মই মোহিত, আপুনিও গৰ্বিত
পিছে আপুনি নজনাকৈ ভোমোৰাই মৌ চুহি খায়।
এটা কথা কি জানে . . ?
দেউতাছাৰ এতিয়া বলাৎকাৰী শগুনৰ মস্তিষ্ক
আকাশত উৰিলেও গেলা-পঁচাৰ ওপৰতেই চকু ৷
এটি নীৰৱতাৰ পুৱা দিয়া মোক
দিনৰ পোহৰত হাতত লেম্পটি লৈ
এজাক মানুহ বিচাৰি যাওঁ
এজাক সঁচা মানুহ
চহৰখন দূষিত ..
গ্লানিয়ে মাৰ যোৱা এটি কংকাল
নগ্নতাৰ আদৰ, বহুৰূপী সমাজ
এজাক বৰষুণৰ খুবেই প্ৰয়োজন
এৰা সুঁতিপাৰৰ জৰাজীৰ্ণ প্ৰতিশ্রুতিৰে
সূৰ্যটো খহি পৰিল
ক্ৰোধান্ধ ৰাতিৰ সমাজিকত সকলো স্বয়ংচালিত দালাল
মোৰ টোপনি ধৰিছে
আদৰহীন ভস্মসনা শৰীৰটোৱে চিৰনিদ্ৰা লৈছে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ