একাঁজলী বিৰহ(খণ্ড-০৮)-বিটুমনি ভূঞা কোছ

অসমীয়া সাহিত্যৰ চানেকি
0
ৰনৰ মাজত তগৰে বিচাৰি পায়, তাইৰ অতীত আৰু ভবিষ্যত জীৱনৰ অৰ্থ।দূৰ্ভগীয়া জীৱনটো অৰ্থময় হৈ উঠে।প্ৰাণ পাই উঠে নিৰস শুকান মৰহি যোৱা অনুভূতিবোৰ ।জীপাল হৈ উঠে মৰমৰ বুকু।কিনো আছে ৰনৰ মাজত।ৰনৰ মুখখনলৈ তাই থৰ লাগি চাই ৰয়।তাই তালৈ চাই থাকোঁতেই তাইৰ দুচকুত তাৰ মুখৰ প্ৰতিবিম্ব জিলিকি উঠে।ৰনৰ অকণমান সান্নিধ্যত তাই সংসাৰৰ বহু কথাই শিকি যায়।
সদায় ভবাৰ দৰেই আজিও তগৰে ভাবিলে, তাইৰ হ'ব লগা সন্তানটো যেন ৰনৰ দৰেই হয়।

বাহিৰত শাহুয়েকে তগৰক গালিৰে ধৰাশায়ী কৰি আঁতৰি গ'ল।

তগৰে আজি তাই জীৱনৰ সিদ্ধান্ত নিজেই ল’ব।তাই বাপেক মাকৰ লগত নাযায়।ৰনে কোৱাৰ দৰে তাই এতিয়া সৰু হৈ থকা নাই।পৰিবেশ আৰু পৰিস্থিতিয়ে সৰুতেই ডাঙৰ হোৱাৰ অভিজ্ঞতাৰ সোৱাদ তাইক দিছে।

বাহিৰত গুনগুননি।বৌটি আৰু পিতাই পালেহি নেকি?তাই কাণ উনাই কি হৈছে উমান ল'লে।

বা বা বুলি তাই সৰু ভায়েক -ভনীয়েকে মাতি থকা শুনি একেজাপে বিচনাৰ পৰা নামি বাহিৰলৈ ওলাই আহিল।ভায়েক-ভনীয়েকক তাই সাবটি ধৰিলে।

মাক-বাপেকে তাইলৈ চাই ৰ'ল।এপাহি মৰহিবলৈ আৰম্ভ কৰা তগৰৰ পাহি।গোটেই ৰাতি উজাগৰে থাকি চকু পানী বোৱাই চকুহাল ৰঙা বৰণৰ হৈ ফুলি উঠিছে।মাক বাপেকে তাই বগা সাজযোৰ সহ্য কৰিব পৰা নাই।

চোতালতে লেপেটি কাঢ়ি মাকে হুকহুকাই কান্দি উঠিল।বাপেকে আনফালে বাৰীৰ চুকত ফুলি থকা বকুল জোপাৰ তলত কোনেও নেদেখাকৈ এসোতা চকুলো বোৱাইছেগৈ।

পৰিবেশটো সলনি কৰি তগৰৰ শাহুয়েকে বিয়নী বুলি সাবটি তগৰৰ মাকক ভিতৰলৈ আনিলে।তগৰলৈ চাই ক'লে, আই অ' বোৱাৰী গাটো সাউৎকে ধুই আহগৈ যা।

দেখিলে নহয় বিয়নী এইজনীক।সৰু ছোৱালীৰ দৰে হৈয়েই আছে।ইমান দেৰিলৈকে শুই থাকিব লাগেনে?এইফালে গাত লেঠা।এই সময়ত সৰু-সুৰা কাম ইখন -সিখন কৰিব লাগে।গা-মূৰ পাতল লাগিব।নাই তাই যি মন যায় তাকেই  কৰিব।সেই বাবেহে বিয়নী আপোনালোকক মাতি পঠিয়ালোঁ, বোলো বোৱাৰী জনী কেইদিনমান মাকৰ ঘৰত থাকি আহকগৈ।মই অকলে ঘৰ -বাৰীত লাগিম নে বোৱাৰী আলপৈচান ধৰিম।বিয়নী মোৰ নাতিৰ দায়িত্ব আপোনাক দিলোঁ।ভনীয়েক কেইজনীয়েও কিবা এটা কামত সহায় কৰিব পাৰিব।

হ'ব বিয়নী আপোনাৰ মতেই হ'ব।যিয়েই নহওঁক কিয় বংশটো ৰক্ষা পৰিল।লগতে তাইও জীৱনটো পাৰ কৰিবলৈ লগ এটা হ'ল।কথাবোৰ মনত পৰিলে বুকুখন ফাটি যায় বিয়নী।সকলো কপালৰ লিখন।কপালৰ লিখন নহয় খণ্ডন।

ইফালে তগৰে ভায়েকক কথা সুধি সুধি গাটো ধুই কাপোৰ সাজ সলনি কৰিছে।

ভায়েকৰ কথা শেষেই নহয়।মই সদায় সপোনত তোৰ কাষলৈ আহোঁ।তোক ঘৰলৈ মাতি যাওঁ নহয় বা।তইহে টোপনি গৈ থাক'।

তগৰে ক'লে, -কি হ'ল, কি হ'ল,সপোনত আহ'।

ভায়েকে  ক'লে,-অ সপোনত আহো'।আৰু জান' মৰা মানুহৰ কিবা যদি আশা থাকে সপোনত আহি কৈ যায়।এইবোৰ কথা সঁচা।তই নাজান'।কেতিয়াবা তোৰ ওচৰলৈ ভিনদেউ আহিব চাবি আকৌ।

অকণমানি ভায়েকৰ মুখত আখৈ নুফুটা কথাৰ মাজত তগৰে উত্তৰ বিচাৰি পালে।

শাহুয়েকে আথে -বেথে বোৱাৰীক মাতিলেহি।লগতে ভায়েক -ভনীয়েককো ভাত খাবলৈ লৈ গ'ল।

ওৰনিখন টানি তগৰো পাছে পাছে গ'ল।

মাকে তগৰলৈ চাই ক'লে,-ডাঙৰ আই ভাত মুঠি খাই সোনকালে ঘৰলৈ ওলা আই।শাহুয়েৰাই কেইদিনমানৰ বাবে ঘৰত থাকিবলৈ পঠিয়াইছে।ভাগ্যৰ বলতহে এনে শাহু কপালত মিলে।

তগৰে মনতে ভাবিলে, আচৰিত এই মানুহবোৰৰ ৰং।কেতিয়া কি ৰূপ লয় কোনেও নাজানে।

শাহুয়েকে মাত লগালে যা আই ,কেইদিনমান ঘৰত থাকি আহগৈ, মন -গাবোৰ ভাল লাগিব।

আই মই কথা এটাৰ বাবেহে যাব নোৱাৰিম।সপোনত আপোনাৰ পুতেৰাই সদায় আহি মোক কয়হি, তুমি মোৰ আই পিতাইক এৰি কতো নাযাবা।

কথাষাৰ শুনি শাহুয়েকে হুকহুকাই কান্দিবলৈ ধৰিলে,আৰু থোকা-থুকি মাতেৰে ক'লে,-মৰাৰ পাছতো মোৰ বাপুৰ আত্মাই মাক বাপেকলৈ চিন্তা কৰি  শান্তি ল’ব পৰা নাই।

বিয়নী-বিয়ৈ আপোনালোকে বেয়া নাপাব।বোৱাৰী আমাৰ লগতেই থাকক।নহ'লে বাপুৰ আত্মাই শান্তি নাপাব।

তগৰৰ মাক -বাপেক ,ভাইয়েক-ভনীয়েক ঘৰলৈ ঘূৰি গ'ল।
তগৰে আত্মতৃপ্তিৰে  আনন্দত  হাঁহি মাৰিলে।আগলৈ,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)