কেনেকুৱা সমাজ বিচাৰে আপুনি-অভিজিত মজুমদাৰ

©Admin
0
আমি প্ৰত্যেকেই একো একোখন সমাজত বাস কৰি আহিছোঁ। সেই সমাজ ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাই চলিবলৈ শিকিছোঁ। বিপদৰ সময়ত সেই সমাজৰ লোকৰ সহায় পাই আহিছে, সুখৰ সময়ত একলগ হৈ উদযাপন কৰিছোঁ। কিন্তু আমাৰ সন্তান তথা উঠি অহা প্ৰজন্মৰ বাবে আমি সমাজ খন সুন্দৰকৈ সজাই ল'ব পাৰিছোঁ নে ?? প্ৰত্যেক খন সমাজেই ভৱিষ্যত প্ৰজন্মৰ বাবে উপযোগী হৈ আছে নে?? 
              মই ভাবো,সমাজ খন সুন্দৰকৈ সজাই তুলিবলৈ আমি সপ্তাহত এদিন হ'লেও সমাজৰ হকে সময় দিব লাগিব।। প্ৰত্যেকেই সমাজত হোৱা বেয়া কৰ্মৰ বিৰুদ্ধে মাত মাতিব লাগিব। লগতে ভাল তথা সৎকৰ্মৰ বাবে নতুন নতুন পদক্ষেপ ল'ব লাগিব। 
 বিশেষকৈ মাদক দ্ৰব্যৰ প্ৰচলন নোহোৱা কৰাটো লগতে যিসকল মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ সমাজত এক বেয়া বাতাবৰণৰ সৃষ্টি কৰিছে,সেই সকলক মূল সুতিলৈ ঘূৰাই আনিব লাগিব। 
 সমাজত থকা পুৰুষ,মহিলা,শিশুসকলৰ মাজত মৰম,ভালপোৱা,শ্ৰদ্ধা বজাই ৰাখিব লাগিব। ডাঙৰে সৰুক মৰম, সৰুই ডাঙৰক শ্ৰদ্ধা কৰিলে সমাজ খন সকলোৰে বাবে বসবাসৰ উপযোগী হৈ পৰিব। 
 সমাজখনত শিক্ষাৰ প্ৰচলন যথেষ্ঠ হোৱাটো অত্যন্ত জৰুৰী। শিক্ষা অবিহনে সমাজ তথা দেশৰ উন্নতি অসম্ভৱ। ছাত্ৰ ছাত্ৰী সকলে সমাজ খনত থাকি পঢ়া শুনাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব যাতে নোৱাৰে। সমাজখনত কিতাপ আৰু পুথিভঁড়ালৰ গুৰুত্ব বৃদ্ধি হ'লে সকলো নৱ প্ৰজন্ম এক সঠিক গতিৰে আগবাঢ়ি যাব। সেই প্ৰজন্মই আমালৈ গৌৰৱ কঢ়িয়াই আনিব। 
         সমাজখন পৰিচালনা কৰাত জেষ্ঠজনৰ ভূমিকা বহুখিনি গুৰুত্বপূৰ্ণ। জেষ্ঠ জনে দিয়া সকলো খিনি উপদেশ সকলোৱে মানি চলিলে সমাজ খনৰ পৰা অন্যায় আঁতৰি এক সুস্থ সবল সমাজ গঢ় লৈ উঠিব। সমাজ খন ঠিক হ'লেহে প্ৰতিটো মানুহেই সৎ,জ্ঞানী, গুণী হ'ব। যুগ যুগ ধৰি সেই সমাজৰ পৰা অন্যায় কৰা লোকৰ উৎপত্তি নহয়।। 

         সুস্থ সবল শক্তিশালী সমাজ গঠন হ'লেহে দেশৰ পৰা অন্যায় আঁতৰি দেশ খন শক্তিশালী আৰু শ্ৰেষ্ঠ হ'ব।।



✍️অভিজিত মজুমদাৰ 
      নলবাৰী,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)