নীলা খামৰ চিঠি-ধনঞ্জয় ৰায়

পংখী মৰাণ
0
প্ৰতি,
        অযুত মৰমৰ গছ জোপা সহৃদয়ে তোমালৈ। 

প্ৰেম বাৰু কেনেকৈ হয়? কেনেকৈ বাৰু প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়? মোৰো তোমালৈ প্ৰেম আছে সৰু সৰু সেউজীয়া হৈ। দিবলৈহে পৰা নাই আজিলৈ,তুমিও নোচোৱা সেইবাবে বছৰৰ পাছত বছৰ বাগৰিছে তথাপিও দিয়া হোৱা নাই সৰু সৰু প্ৰেমৰ সেউজ অংকুৰণ। কলেজীয়া জীৱন শেষৰ পিনে নাজানোঁ দেখা হয় নে নাই,যদিও হয় তেতিয়া আমি দুয়ো অপৰিচিত হৈ পৰিম, মাত এষাৰ দিবলৈও লাজ কৰিম। হয়তো তেতিয়াও দিনৰ পিছত দিন গৈ গৈ বছৰ পাৰ হব আকৌ এটা। 
         হয়তো এয়া মোৰ বাবে এক আধৰুৱা কব নোৱাৰা প্ৰেমৰ এখন শুকাই নোযোৱা নৈ। তোমাৰ বাবে কি এয়া? ভালে আছা মিছ চি.আৰ.চিৰ ধুনীয়া লাহী ছোৱালী জনী। মোৰো ভাল? তোমাৰ নামত কবিতা লিখিছো,সময় থাকিলে,লগ হ'লে এটাৰ পাছত এটা কবিতা শুনাই থাকিম। তুমি মাথোঁ কবিতাক ভালপাবলৈ শিকা। তুমিতো জানায় মই কিমান কবিতা ভালপাওঁ। 
       আৰু শুনা পঢ়া-শুনাৰ জগত খন কিন্তু ইমান সহজ নহয়,আজি কালি পাৰচেন্টেজ আৰু অভিজ্ঞতা দুয়োৰে প্ৰয়োজন। সেইবাবে কওঁ ভালকৈ পঢ়া-শুনা কৰা,ভাল মানুহ হোৱা বিশ্বাস ৰাখা এদিন হ'লেও আমি প্ৰেম কৰিম,এদিন হ'লেও আমি পাৰ্কৰ সেই প্ৰেমৰ বতাহক স্পৰ্শ কৰিম। 
         তেন্তে আজিলৈ কলমটো বন্ধ কৰো,আকৌ মনত পৰিলে চিঠি লিখিম••••••
            তোমাক ভালপোৱা ল'ৰা জন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)