মেকুৰী-ভাৰতী গগৈ বৰুৱা

©Admin
0
( আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস উপলক্ষে - ৮ আগষ্ট )

সৰুতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে আমাক কেইবিধমান ঘৰচীয়া (পোহনীয়া) আৰু কেইবিধমান বনৰীয়া জন্তুৰ নাম লিখিবলৈ দিছিল । তেতিয়া আমি গৰু , কুকুৰ , মেকুৰী , ঘোঁৰা , গাহৰি , ম'হ , ছাগলী , ভেৰা , গাধ , হাতী  আদি পোহনীয়া আৰু বাঘ , সিংহ , ভালুক , ৰাং কুকুৰ , জেব্ৰা , জিৰাফ , গঁড় , পহু , শিয়াল , বান্দৰ , হাতী আদি  বনৰীয়া জন্তুৰ নাম লিখিছিলোঁ । এই কথাটো আপোনাৰ এতিয়া মনত পৰিছেনে বাৰু ?
সৰুতে "বৰঘৰৰ মেকুৰী  সৰুঘৰলৈ যায় , ঢাকোন পেলাই পঁইতা ভাত , পোৰা মাছ চুৰ কৰি খায়..." বুলি কাষলতিৰ তলত সুৰসুৰাই দি সৰু ল'ৰা - ছোৱালীক খিলখিলাই হঁহুৱাবলৈ যে চেষ্টা  কৰা হয় । কবি , গীতিকাৰ কেশৱ মহন্তই ৰচনা কৰা আৰু বিহু সম্ৰাট খগেন মহন্তই গোৱা গীতটোলৈ এবাৰ মনত পেলাই চাওঁচোন আহক। 
"বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায় 
সৰু ঘৰৰ মানুহে চুকত চিনি পায়
সৰু ঘৰৰ মানুহে খোজত চিনি পায় ।"

            মেকুৰী বুলি ক'লে সাধাৰণতে আমাৰ আশে-পাশে মেওমেওকৈ বা মিউমিউকৈ ঘূৰি ফুৰা চাৰিঠেঙ্গীয়া নোমাল শান্ত মৰমিয়াল ঘৰচীয়া জন্তুবিধৰ কথাই বুজোঁ । মেকুৰী ক'লা , বগা , পখৰা , মুগা , ধোঁৱা বা ছাই বৰণীয়া আদি বিভিন্ন ৰঙৰ আছে । ইহঁতৰ ঘ্ৰাণ শক্তি খুব বেছি হোৱাৰ দৰে শ্ৰৱণ শক্তি , দৃষ্টি শক্তিও প্ৰখৰ । চকুৰ মণিৰ ভিতৰত পেটাম নামৰ এবিধ উজ্জ্বল পদাৰ্থ থকা বাবেই মেকুৰীয়ে আন্ধাৰতো দেখে । এই পদাৰ্থবিধৰ পৰা ৰাতি উজ্জ্বল পোহৰ ওলায় আৰু ই চকুৰ মণিত প্ৰতিফলিত হোৱাত চকু দুটা জিলিকি উঠে বাবেই মেকুৰীয়ে ৰাতি দেখে । সেয়ে কোনোবাই আন্ধাৰত কিবা খোৱা দেখিলে মেকুৰীৰ নিচিনাকৈ খোৱা বুলি কোৱা হয় । মেকুৰী স্তন্যপায়ী আৰু মাংসাহাৰী জন্তু । ইহঁতে এবাৰত চাৰি / পাঁচটা পোৱালি দিয়ে । ফুট ছাই , জুইশাল বা পাকঘৰৰ চৌকা মেকুৰীৰ প্ৰিয় ঠাই । অৱশ্যে আজিকালি এই দৃশ্যৰ সলনি হৈছে । মেকুৰীয়ে সুবিধা পালেই গৃহস্থৰ ঘৰৰ মাছ , মাংস , গাখীৰ আদি চুৰ কৰি   খায় । আনহাতে মেকুৰীয়ে এন্দুৰ , নিগনি , সাপ , পঁইতাচোৰা আদি খাই গৃহস্থৰ উপকাৰ সাধন কৰে । মেকুৰীৰ গাটো কোমল  নোমেৰে ঢকা যদিও পানী লাগিলে সহজে নোমবোৰ ছাললৈকে তিতি যায় । সেই কাৰণে মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে । সেয়ে হয়তো কেতিয়াবা কোনোবাই কাৰোবাক "ভিজা মেকুৰী"  বুলি কোৱা শুনিবলৈ পোৱা যায় । "মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ?" বোলা কথাষাৰৰ আকৌ তাৎপৰ্য আছে ।

               মেকুৰীৰ সমাৰ্থক শব্দ - মাৰ্জাৰ ( সংস্কৃত ), বিৰাল , নাকাৰ , বিল্লী আদি । মতা মেকুৰীক বোন্দা আৰু মাইকী মেকুৰীক জাঁই বোলা হয় । মেকুৰীৰ আভিধানিক অৰ্থ বিৰাল ; বিৰালী ।  ই বাঘ জাতিৰ এবিধ পোহনীয়া জন্তু । সেয়ে কোৱা হয় - "বাঘ চাব  খুজিলে বিৰালীকে চাবা । বৰ  মানুহ চাবলৈ আলিবাটলৈ  যাবা ।" আনহাতে আকৌ মেকুৰীক 'বাঘৰ মাহী' বুলিও   আগতে কোৱা শুনিছিলোঁ । বাঘৰ সৈতে মেকুৰীৰ চেহেৰাৰ  সাদৃশ্য আছে ।
 "বিৰালী গমনে শুচিঃ" বুলি  কথা এষাৰ আছে । অৰ্থাৎ মেকুৰীয়ে বাহিৰ - ভিতৰ ঘূৰি  গোটেইখন চলাথ কৰিলেও অপৱিত্ৰ নহয় । মেকুৰী- খুজীয়া বুলিলে আকৌ পুষ্ট আৰু মঙহাল মানুহৰ গাত ওলোৱা মেকুৰী - খোজৰ নিচিনা সৰু সৰু সাঁচ । জোলোঙাৰ মেকুৰী ওলোৱা বুলিও কোনো কোনো ক্ষেত্ৰত  কোৱা হয় । অৰ্থাৎ আগৰ পৰা গোপন হৈ থকা কথা ওলাই পৰা । বিৰাল তপস্বী  মানে হ'ল দেখাত সাধু , সজ ;  কিন্তু ভিতৰি ভণ্ড । সেইদৰে  বিৰালৰ ব্ৰহ্মচৰ্য হ'ল ধৰ্মৰ ভণ্ডামি । ভিতৰত লোভ ; বাহিৰত ব্ৰহ্মচৰ্যৰ ভাও ধৰাবোৰক কোৱা হয় বিৰালৰ ব্ৰহ্মচৰ্য । 

              গুগলত পোৱা মতে  খ্ৰীষ্টপূৰ্ব ৮০০০ বছৰৰ আগলৈকে মেকুৰী বনৰীয়া আছিল । তাৰ পাছৰ পৰাহে  পশ্চিম এছিয়াৰ মেকুৰীবোৰ আফ্ৰিকীয় বনমেকুৰীৰ পৰা  ক্ৰমান্বয়ে জনপ্ৰিয় পোহনীয়া জন্তুত পৰিণত  হৈছিল । এই  প্ৰাণীবিধৰ সুৰক্ষাৰ কাৰণে সমগ্র বিশ্বই চিন্তা কৰে । সেয়ে আন আন দিৱস পালন কৰাৰ দৰে ২০০২ চনত বন্যপ্ৰাণী কল্যাণ আন্তঃৰাষ্ট্ৰীয় পুঁজিয়ে ৮ আগষ্টৰ দিনটো মেকুৰী দিৱস হিচাপে পালন কৰাৰ  সিদ্ধান্ত লয় । অৱশ্যে কিছুমান ৰাষ্ট্ৰই এই দিৱস ৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰে । আমাৰ সমাজত বহুত মানুহে যাত্ৰা পথত গাড়ী - মটৰৰ আগেদি মেকুৰীয়ে বিশেষকৈ ক'লা মেকুৰীয়ে পাৰ হৈ গ'লে বিশ্বাস কৰে যে এয়া শুভ লক্ষণ নহয় । সৰু হৈ থাকোঁতে কোৱা শুনিছিলোঁ যে মেকুৰী মাৰিলে বা হত্যা কৰিলে সোণৰ মেকুৰী দান দিব লাগিব । সোণৰ মেকুৰীৰ কথা কওঁতে চুতীয়া ৰাজ্যৰ ৰাজসম্পদ কুবেৰৰ পৰা লাভ কৰা ঢাল , তৰোৱাল আৰু  সোণৰ মেকুৰীৰ লগতে  চুতীয়া ৰাণী সতী সাধনীৰ কথাও জড়িত হৈ আছে । এইখিনিতে শদিয়াৰ কছাৰী ৰজাই শিৱৰ পৰা লাভ কৰা সোণৰ মেকুৰীৰ কথাও আহি পৰে । 

              আপুনি বাৰু মেকুৰী ভাল পায়নে ? মোৰ পিছে বৰ প্ৰিয় নহয় । মেকুৰীৰ কাণখনলৈ চাই থাকিলে মোৰ বৰ কিবা লাগি যায় । তাতকৈ এটা বহুত পুৰণি কথা মনত পৰিলে বেছি বেয়া লাগে ।  সেয়া ১৯৬৫ / ৬৬ চনৰ কথা । মই তেতিয়া পঞ্চম নে ষষ্ঠ শ্ৰেণীত পঢ়িছিলোঁ পাহৰিলোঁ । আমাৰ আপাদেউ মানে দেউতাৰ বায়েকৰ ঘৰলৈ গৈছিলোঁ । চেৰেকাপাৰত ঘৰ । তাতে ৰাতি থাকিলোঁ । পিছে ৰাতি পুৱাবৰ সময়ত মোৰ ভৰিত কিবা পিছল পিছল লগাত কাষতে শুই থকা আপাদেউক জগাই কথাটো ক'লোঁ । তেখেতে  কিবা এটা  অনুমান কৰিব পাৰিলে । লৰালৰিকৈ উঠি আঁঠুৱাখন দাঙি মোৰ গাত থকা লেপখন আঁতৰাই দিয়াতহে উৰহী গছৰ ওৰ ওলাল । ৰাতি  আঁঠুৱাখন ঠেলি মেকুৰীজনী ( জাঁই ) সোমাই পোৱালি  বিছনাতে জগালে । ইফালে টোপনিৰ কোবত মোৰ খবৰেই  নাই । মোৰ যে সেই কথাটো মনত পৰিলে এতিয়াও কিবা   নিজৰে ঘিণ ঘিণ লাগে । সেয়ে মেকুৰীৰ প্ৰতি মোৰ বৰ  আদৰ নাই । মেকুৰী পোহাৰ  চখো মোৰ নাই ।

            আন এটা কথা হ'ল মোৰ ল'ৰা দুটা জন্ম হোৱাৰ পাছত মই ঘৰত অকলে থাকিলে পাকঘৰত কাম কৰিবলৈ গ'লে কেঁচুৱা শুই থকা কোঠাৰ দুৱাৰখন বন্ধ কৰি থৈ যাওঁ নাইবা আঁঠুৱাখন তৰি শুৱাই থৈ যাওঁ। কাৰণ মই গাঁৱত  কাৰোবাৰ মুখত কথা এটা  শুনিছিলোঁ যে মেকুৰীৰ হিংসা লাগিলে কেঁচুৱা ল'ৰা-ছোৱালীক কামুৰিব পাৰে নাইবা নখেৰে আঁচুৰিব পাৰে । আনহাতে মেকুৰীয়ে কামুৰিলে কুকুৰে কামোৰাৰ নিচিনাকৈ বেজী ল'ব লাগে । মেকুৰীয়ে শুঙা বস্তু কেতিয়াও খাব নালাগে । মেকুৰীৰ পৰা বেমাৰৰ জীৱাণু আহে । সেয়ে মই ভয়তে এই ব্যৱস্থা লৈছিলোঁ‌ ।

             মেকুৰীৰ লগত মোৰ আন এটা ভাল লগা কাহিনীৰে মোৰ এই লেখাটোৰ সামৰণি মাৰিম । মই তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী । পথাৰৰ ধান দাই শেষ হোৱাৰ দিনা ঘৰলৈ লখিমী আনিব লাগে । সেইদিনা লখিমী অনাৰ দায়িত্ব মোৰ ওপৰত দেউতাই ন্যস্ত কৰিলে । সেয়ে মই নতুন ফ্ৰক পিন্ধি গামোচা এখনেৰে লখিমী মেৰিয়াই মূৰত লৈ ঘৰলৈ প্ৰায় এক কিঃমিঃ খোজকাঢ়ি আহি আছোঁ । পথাৰৰ পৰা কান্ধত বিৰিয়া লৈ জিৰিক জিৰিক কৈ ডাঙৰি অনা ডেকাই বা ধান দাই অহা দাৱনীয়ে মোক কিবাকিবি কথা সুধি আমনি কৰিলে যদিও মই ধৈৰ্য ধৰি মাত এষাৰো নামাতিলোঁ । আচল কাৰণটো কি জানেনে লখিমী আনোতে হেনো মাত মাতিলে লখিমীয়ে দোষ ধৰে । পিছে ঘৰলৈ আহি নিৰ্দিষ্ট ঠাইত লখিমী থৈ ভৰি-হাত ধুবলৈ যাওঁতে মই এটা বেলেগ দৃশ্য দেখিহে অবাক ।

             সন্ধিয়া সময় । আমাৰ ঘৰৰ মেকুৰীজনীয়ে ডাঙৰ কুঢ়ি মাছ এটা মুখৰ আগত লৈ আমাৰ নতুনকৈ সাজি থকা ঘৰটোৰ চোতালত আৰামত বহি আছে । মই মাক মাতি আনি দেখুৱালোঁ । দেউতাকে ধৰি ভাই-ভনীবোৰো চাপি আহিল । তথাপি তাই লৰচৰ কৰা নাই । আমাৰ কাষৰ ঘৰৰ আপাদেউগৰাকীক চিঞৰি চিঞৰি মাতি সুধিলোঁ যে মাছটো তেওঁলোকৰ নেকি ? কাৰণ সেই সময়ত গাঁৱৰ মানুহে ওচৰৰ বিলবোৰৰ পৰা ডাঙৰ ডাঙৰ মাছ ধৰি খাবলৈ আনে । আমাকো দিয়ে । ইয়াত বেলেগ কথা ভাবিবলৈ একো নাই । মোৰ পিছে মাছ লৈ বহি থকা সেই মেকুৰীজনীৰ কথা এতিয়াও বাৰুকৈয়ে মনত পৰে ।


✍️ভাৰতী গগৈ বৰুৱা ,
     ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)