মোৰ নাম এঞ্জেল ,
ভৱিষ্যতৰ আশাবোৰ
হ’ব নেকি বাৰু কেন্চেল্ ?
মোৰ নামৰ অৰ্থ
হেনো দেৱদূত ,
পাৰিমনে পৃথিৱীত
কৰিব কাম এনে অদ্ভুত ?
তথাপিও বিশ্বাস আছে মোৰ
নিজৰ ওপৰত ,
থাকিবা প্ৰভু তুমি চিৰদিন
মোৰ অন্তৰত ।
সেয়েহে , প্ৰভু তুমি
মোক দিবা আশীৰ্বাদ ,
দি যাম তোমাক পৃথিৱীৰ
সকলো সংবাদ