মোৰ মানস পটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় ০৬ - মিণ্টু হাজৰিকা

এইঠাইতে এগৰাকী শিক্ষকৰ কথা ক'বলৈ মন গৈছে। হয়তো সকলোৱে তেখেতৰ মাজত লুকাই থকা বিভিন্ন প্ৰতিভাৰ কথা জানি ভালপাব। সেই গৰাকী শিক্ষক আছিল শ্ৰদ্ধাৰ সেৱক শৰ্মা। তেখেত যদিও সংস্কৃত বিষয় শিক্ষক হিচাপে এই বিদ্যালয়ত মকৰল হৈছিল , তথাপিটো তেওঁক হয়তো বহুতেই নাজানিছিল তেওঁ যে সংস্কৃত বিষয়ৰ শিক্ষক। সেয়ে কোনেও সংস্কৃত বিষয়টো লোৱা নাছিল। তাৰ পৰিৱৰ্তে বুৰঞ্জী আৰু হিন্দীটোহে লৈছিল। তেখেতৰ বিষয়ত এজনো ছাত্ৰ-ছাত্ৰী নথকাৰ বাবে শেষলৈ গুৰু নথকা বিষয়ৰ পিৰিয়ডবোৰ  পঢ়োৱাৰ দায়িত্ব মূৰপাতিলৈ গোটেই শ্ৰেণীবোৰেই তেখেতৰ ৰম্যভূমিত পৰিণত হৈছিল। যিকোনো বিষয় তেখেতে অতি বিচক্ষণতাৰে পাঠদান কৰিছিল। ইয়াৰ উপৰিও সংগীত-সাহিত্য আৰু যিকোনো সময় উপযোগী প্ৰশ্নৰ উত্তৰ তেখেতৰ হাতত হে আছিল।  কাৰণ তেতিয়াও তেখেতে অধ্যয়ন পিপাসু মন এটা লৈয়ে ফুৰিছিল। অসমীয়া বিষয়টো টুলুমণি শইকীয়া বাইদেউয়ে বৰ সুন্দৰকৈ পঢ়াইছিল। অৱশ্যে পাপৰি বৰা আৰু চেণীচন্দ্ৰ ভূঞায়ো এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল। অৱশ্যে সেই সময়ত বহুকেইজন শিক্ষক এনেকুৱাও আছিল যে, যি নিজৰ বৌদ্ধিক জ্ঞানৰ পৰিসৰ সংক্ষিপ্ততাই হওঁক বা অধ্যয়ন পিপাসু মন এটাৰ অপাৰগৰ বাবেই হওঁক আমাক ঢুকি পোৱা নাছিল। তেখেত সকলে নিজৰ বাবে নহ'লেও  অন্তত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি  নিজক নিজে এবাৰ হ'লেওঁ প্ৰশ্ন সুধি চোৱাৰ থল আছে।


এই বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি থাকোতে বন্ধু দুজনৰ সংগত পৰি এদিন চুৰত খাবলৈ বাধ্য হৈছিলো। সেই দিনটো সৰস্বতী পূজাৰ আগৰ ৰাতিটো আছিল। পূজাৰ বাবে যাৱতীয় কামবোৰ স্কুলতে থাকি কৰি শেষ হোৱাৰ অন্তত ৰাতি  বন্ধুদুজনে শপত দি যোৰ কৰি এই অপকৰ্মত লিপ্ত কৰাইছিল। বন্ধুৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত মই তেওঁলোকৰ কথাত সৈমান হ'বলৈ বাধ্য হৈছিলো। পাছত মাজৰাতি বন্ধুদ্বয়ে মুখত থকা চুৰতৰ গোন্ধ যোৱাবলৈ এখন দোকানত চানাৰ সন্ধান কৰি তালা পৰ্যন্ত ভাঙিছিল। সেই গাঁৱৰে খুজি খোৱা দোকানি মানুহ জনৰ পেটত লাট মাৰি বক্ৰপথে সংগ্ৰহ কৰা চানা খাই চুৰতৰ গোন্ধ নোহোৱা কৰিছিলোঁ। সেইদিনা ৰাতি কৰা অপকৰ্মৰ স্মৃতিৰ কথা ভাবিলে আজিও গা শিয়ঁৰি উঠে।


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send